Home Blog Page 3425

দেশ, ক’ৰোনা ভাইৰাছ আৰু তলাবন্ধৰ পৰিণতি

শ্ৰীৰামচন্দ্ৰ চুতীয়া

বিশাল দেশখনৰ ক্ষমতাভাৰ ২০১৪ চনৰ পৰা বিজেপি দলৰ হাতত ন্যস্ত হৈ আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ লোৱাৰ পাছত দেশখনত নানান বিষয়ত প্ৰতিবাদীসূচীৰ সম্মুখীন হৈ থাকিব লগা হৈছে।এই দলটোৱে কি কি কৰিম বুলি কৈছিল আৰু কি কি কৰি আছে সেই কথা দেশবাসীয়ে নিতৌ প্ৰত্যক্ষ কৰি আছে।সপক্ষে আৰু বিপক্ষে মন্তব্য প্ৰকাশ কৰা মানুহৰ দেশখনত অভাব নাই।বিজেপি চৰকাৰক ভাল বোলাসকলে নৰেন্দ্ৰ মোডীক অদ্বিতীয় তথা সৰ্বকালৰ যোগ্য প্ৰধানমন্ত্ৰী বুলি কৈছে।আৰু যিসকলে তেওঁৰ বিপক্ষে, তেওঁলোকে তেওঁক ৰাজধৰ্ম পালন কৰি দেশৰ ঐক্য আৰু সংহতিৰ অৰ্থে কাম কৰিব পৰা নাই বুলি অভিযোগ কৰি থকা দেখা গৈছে।তেওঁলোকে ধৰ্ম নিৰপেক্ষ দেশখনত কেৱল হিন্দু ধৰ্মক আগস্থান দিয়া বুলি নৰেন্দ্ৰ মোডীক সৰ্বদিন দোষাৰোপ কৰি গৈছে।‘নাগৰিক সংশোধনী আইনখন’ত মুছলমানক গুৰুত্বহীন কৰা বুলি সমগ্ৰ দেশখনতে তুমুল প্ৰতিবাদ কৰা হৈছিল।দেশখনত ইতিমধ্যে ক’ভিড-১৯ হৈ আক্ৰান্ত নোহোৱা হ’লে নৰেন্দ্ৰ মোডী চৰকাৰখনে সেই আন্দোলনটো কেনেকৈ চম্ভালিলে হেতেন তাক আজি কোৱা টান।সময়ত এইবোৰ কেনে ৰূপ লয়, তাকে দেশৰ নাগৰিকে নিশ্চয় নিৰ্ণয় কৰিব।

বিশ্বব্যাপি এই মহামাৰীটো হোৱাৰ আগৰ পৰাই দেশখনৰ অৰ্থনৈতিক অৱস্থাটো ক্ৰমান্নয়ে বেয়াৰ দিশে গতি লৈছিল আৰু তাৰ পৰা সকাহ পাবলৈ ৰিজাৰ্ভ বেঙ্কৰ পৰা একাধিকবাৰ ধন লোৱা হৈছিল।সেই ব্যৱস্থাই দেশৰ অৰ্থনৈতিক অৱস্থাটো উন্নত কৰা দূৰৰ কথা, সি তেনে কামত কোনো ইতিবাচক গতি লাভ নকৰিলে।বৰ্তমান তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিধ্বস্ত হৈছে।‘ৰিজাৰ্ভ বেঙ্ক অৱ ইন্দিয়া’ৰ পৰা লোৱাৰ উপৰি বিশ্ববেঙ্কৰ পৰাও এই পৰিস্থিতি মোকাবিলা কৰিবলৈ বিশাল ধনৰাশিৰ ঋণ বিজেপি চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে।চৰকাৰখনে কেনে দক্ষতাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দেশখন আগন্ত্তক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, সেয়া সময়ে নিৰ্ণয় কৰিব।

বিমুদ্ৰাকৰণৰ সময়ত হঠাত্ ঘোষণা কৰি দেশখন বহু দিনলৈ গভীৰ সংকটত পেলোৱাৰ দৰে, এই বেলিও হঠাত্ তলাবন্ধ ঘোষণা কৰাৰ ফলত লক্ষ লক্ষ মানুহৰ বিলাই-বিপত্তি নোহোৱা হৈছে।বিশাল দেশখনৰ য’ৰে মানুহ ত’তে বন্ধ হৈ যোৱাত, পৰবৰ্তী কালত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিল।চৰকাৰে সেই অৱস্থাটো কিমান ভয়ঙ্কৰ হ’ব পাৰে, তাৰ বোধহয় অনুমান কৰিব পৰা নাছিল।চৰকাৰে বহুতো ঠাইত সাহাৰ্য প্ৰদান কৰাৰ উপৰি অন্নদান কৰাৰ পাছতো অৱস্থটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ’ল।বিশেষকৈ শ্ৰমিক শ্ৰেণীয়ে পেটৰ অন্ন মুঠিৰ অভাৱত হাহাকাৰ কৰি উঠিল।প্ৰাণৰ ভয়ত শ শ মাইল নহয়, হেজাৰ হেজাৰ মাইল আবাল-বৃদ্ধ-বনিতাই খোজকাঢ়িয়ে নিজ নিজ স্থানলৈ যাত্ৰা আৰম্ভ কৰিলে।ফলত ভালেমান মানুহ পথৰ আধাতে মৃত্যুৰ মুখত পৰিল।মহ্ম্মদ বিনটোঘলকে দিল্লীৰ পৰা দেৱগিৰীলৈ দুবাৰকৈ ৰাজধানী স্থানান্তৰ কৰাৰ সময়ত ভয়ঙ্কৰ দুৰ্ঘটনাটো ঘটাৰ দৰে, এই বেলি তলাবন্ধৰ সময়ত অবৰ্ণনীয় ঘটনাবোৰ ঘটিল আৰু সি এতিয়াও চলিয়ে আছে।বিশাল দেশখনৰ যেনিয়ে-তেনিয়ে মানুহবোৰে প্ৰাণৰ ভয়ত যাত্ৰা আৰম্ভ কৰি দিয়াত পথ-ক্লান্ত হৈ তেওঁলোকৰ মৃত্যু পৰ্যন্ত ঘটিল।ক’ৰবাত যদি ভোকত মানুহ মৰিল, আন ক’ৰবাত আকৌ ৰেল-আলিতে শুই থাকোঁতে ৰেলে কাটি ছেও ছেও কৰিলে।যি যেনেকৈ পাৰে তেনেকৈ অহাত মটৰ, ট্ৰাক দুৰ্ঘটনাতো মানুহৰ কৰুণ মৃত্যু হৈছে।চৰকাৰৰ বাধাৰ বাবে মানুহে মালবাহী ট্ৰাকটো সংগোপনে পলায়ন কৰিছিল, আৰু আন কিছুমানে আকৌ উপায়ান্তৰ হৈ পকা কামৰ বাবে ‘মছলা’ তৈয়াৰ কৰা ডাঙৰ বাহনতে নিজ স্থানলৈ যোৱাৰ পৰিকল্পনা কৰি পুলিচৰ হাতত ধৰা পৰিছিল।দেশখনৰ অজস্ৰ স্থানৰ পৰা দিনৌ হেজাৰ হেজাৰ শ্ৰমিকে আপোন গৃহলৈ যাবলৈ উত্ৰাৱল হৈ পথলৈ ওলাই আহিল।তেনে দুৰ্গতিৰ দিনতো আকৌ এচামে সেই শ্ৰমিকসকলৰ হাতত যি দুই-এটকা আছিল, তাকো দকা-হকা দি কাঢ়ি লৈছে।ফলত তেনে পথক্লান্ত পথিক অসহায় অৱস্থাত পথতে ঢলি পৰি মৃত্যুক সাৱটি লৈছে।‘দৈনিক অসম’ৰ (১৭ অক্টোবৰ ২০২০)ত লিখা সম্পাদকীয়টোৱে দেশৰ অৱস্থাটোৰ হৃদয়স্পৰ্শী বৰ্ণনা এটি দি এইবোৰ কাহিনী প্ৰকাশ কৰিছে।শেহতীয়াভাবে তেওঁলোকক স্বগৃহলৈ নিবৰ বাবে ৰেলৰ যাতায়ত আৰম্ভ কৰা হৈছে।লকডাউন বা তলাবন্ধৰ আগতে সেইবোৰ মানুহক সতৰ্ক কৰি স্বগৃহলৈ যাবলৈ সময় দিয়া হ’লে, দেশখনে আজিৰ এই অৱস্থাটোৰ সম্মুখীন হ’ব নালাগিল হেতেন বুলি দেশখনৰ নাগৰিকসকলে কোৱা-কুই কৰিছে।শেহতীয়াকৈ কৰা ব্যৱস্থাই দেশখনত মহামাৰীটো সমগ্ৰ দেশখনতে বিয়পোৱাৰ কাৰক হৈ পৰিছে বুলি আজি সকলোৱে অনুভৱ কৰিছে।

মানুহক এতিয়া প্ৰধানমন্ত্ৰীজনে সকলোৱে নিজে উত্পাদন কৰি স্বগৃহতে আত্মনিৰ্ভৰশীল হ’বলৈ পৰামৰ্শ আগবঢ়াইছে।সকলো কাম সকলোৰে নহয়।তাৰ উপৰি দেশৰ সকলো ঠাইতে বেপাৰ-বাণিজ্য কেন্দ্ৰ বা উদ্যোগসমূহ সমানে নাই।গতিকেই স্ব-স্থানতে থাকি উত্পাদন কৰা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ শ্ৰমিকৰ কোনো স্বাৱলম্বী ব্যৱস্থা  নাই।কৃষিকৰ্ম কৰিবলৈ তেওঁলোক সকলো কৃষক নহয়।বহুতৰে আকৌ সেই কাম কৰিবলৈ ভূমি বা হাল-কোৰ যোগাৰ কৰাৰ ব্যৱস্থাসমূহ নাই, ক্ষমতাও নাই।দৰিদ্ৰ কৃষকে বেঙ্কৰ ঋণ লৈ কৃষি কৰ্মত মন দিবলৈ দেশৰ এনে অস্বাভাৱিক অৱস্থাত সাহস কৰাৰ প্ৰশ্ন নুঠে।যিসকলে ইতিমধ্যে বেঙ্ক বা ধনী মানুহৰ পৰা ঋণ লৈ শস্য উত্পাদন কৰিছিল, সেইবোৰ তলাবন্ধৰ সময়ত বিতৰণৰ অসুবিধা সেতু সম্পূৰ্ণ বিনস্ত হৈছে।দেশত বৰ্তমান কোনেও সহায়ৰ উদ্দেশ্যে কাৰোৰ মুখলৈ চাব নোৱাৰা হৈছে।চৰকাৰী চাকৰিয়াল সকলে যেনেতেনে দুবেলা-দুমুঠি খাই পেট প্ৰৱৰ্তাই আছে।তেওঁলোকৰো মৰগীয়া বানচ বন্ধ হৈ যোৱাত বিপদত পৰিছে।কৰ্ট-কাছাৰীৰ লক্ষ লক্ষ কৰ্মচাৰী তলাবন্ধ হৈ থকাৰ বাবে কি ধৰণৰ বিপদৰ সম্মুখীন হৈছে, সেই কথা তেওঁলোকৰ বাদে আন কোনেও নাজানে।লক্ষ-কোটি ক্ষুদ্ৰ ব্যৱসায়ীয়ে তেওঁলোকৰ সৰু সৰু ব্যৱসায়বোৰ বন্ধ হৈ হোৱাত উপাৰ্জনৰ সকলো পথ হেৰুৱাই চতুৰ্দিশে অন্ধকাৰ দেখিছে।ডাঙৰ ব্যৱসায়ীসকলেও সকলো প্ৰকাৰৰ বণিজত বিপুল ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে।দেশখন কেৱল এমুঠি মানুহৰ বিশেষ উপাৰ্জনৰ পৰা চলি নাথাকে, ইয়াত শ্ৰমিক-খৰিভাৰীৰ পৰা সদাগৰ-ৰজালৈকে সকলোৰে অৰিহণা ‘নখ জোকাৰিলে নৈ বই যোৱা’ৰ সূত্ৰত জৰিত হৈ থাকে।কোনো মানুহৰ মুখৰ বৰ বৰ কথাত বিশ্বৰ কোনো দেশৰে অৰ্থনীতি কাহানিও সবল হোৱা নাই আৰু আগলৈও নহ’ব।দেশৰ অৰ্থনৈতিক অৱস্থাটো কেৱল মুখবলী মানুহবোৰে সৰ্বকাল নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে।দেশখনত চাইকেলখনৰ পৰা ৰেল-উৰাজাহাজলৈকে যান-বাহনবোৰ নিয়ম মতে চলি নাথাকিলে দেশৰ ৰাজহাড় পোন হৈ থাকিব নোৱাৰে।যি মানুহে তামোল-পাণ বেচা বা চুলিকটা মানুহৰপৰাও দেশৰ ৰাজকোষলৈ পৰোক্ষভাৱে নিৰন্তৰ ধন গৈ থাকিলেহে দেশ চলে বুলি নাজানে, সেই মুখচহকী মানুহবোৰে দেশখনৰ অৰ্থনীতি যাদু কৰি সবল কৰি ৰাখিব নোৱাৰে।দেশখনত পথৰ ভিক্ষাৰীৰ পৰা বাটে-পথে ঘূৰি ফুৰা ভটুৱা কুকুৰ কেইটাও যে খাদ্য খাইহে জীয়াই থাকে সেই কথাও জানিব লাগিব।দিনৌ কোটি কোটি ধন উপাৰ্জন কৰা ধৰ্মীয় অনুষ্ঠানবোৰে দুমাহ তলাবন্ধ হওঁতেই অৰ্থনৈতিক অৱস্থা কেনেকৈ দুৰ্বল হৈ পৰে, সেই কথা দুবলা-দুমুঠি কষ্টেৰে খাই-বই থকা জনসাধাৰণে নাজানে।দেশৰ অৰ্থনীতি কেনেকৈ সবল কৰি ৰাখিব পাৰি, সেই কথাৰ সামান্য জ্ঞান নথকা মানুহো আমাৰ দেশত ডাঙৰ ডাঙৰ নেতা হোৱাটো এটা অতি পৰিতাপৰ বিষয়।ধন খৰচ কৰোঁতে মুখলৈ নোচোৱা দেশৰ এচাম ৰাজনীতিৱিদে কেনেকৈ দেশখন বিপদৰ মুখলৈ ঠেলি দিছে, সেই কথা ভাবিলেও বিজ্ঞজন ভয়ত শঙ্কিত হৈ পৰে।বেঙ্কৰ ধন ঋণ লৈ সেই ধাৰ পৰিশোধ কৰিব নোৱাৰিলে দেশ যে মহা বিপদত পৰে, সেই কথা শিশু এটাইও জানে।চৰকাৰে হকে-বিহকে কোটি কোটি ঋণ ল’লে, সেই ঋণৰ বোজা দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত পৰে আৰু তেনেকৈয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰে।বৰ্তমান সময়টো বৰ নিদাৰুণ।বিশ্বব্যাপি অৰ্থ সংকটে জগতখনকে কেনেকৈ সম্পূৰ্ণ বিকল কৰি তুলিছে, সেই কথা ভাবিলে আগন্ত্তক দিনবোৰ কেনে অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে সেই কথা উপলব্ধি কৰিব পাৰি।ইয়াৰ পৰা কি উপায়েৰে ত্ৰাণ পাব পাৰি সেই বিষয়ে বিশ্বই পূৰ্ণসহযোগেৰে আগ বাঢ়িলেহে বিশ্ববাসীয়ে উদ্ধাৰ পাব।

লেখকৰ ফোন নং-০৯৪৩৫৪ ৮৬১৯

মুকুন্দ থিয়েটাৰ… অতীত আৰু বৰ্তমান ।

ভুপেশ খাটনিয়াৰ

নলবাৰী জিলাৰ মাখিবাহা গাওঁৰ এখন সাংস্কৃতিক প্ৰেমী পৰিয়াল | হয় মই মুকুন্দ থিয়েটাৰৰ পৰিয়ালটোৰ কথাকে কব খুজিছো | ১৯৭২ চনতে জন্ম গ্ৰহন কৰিছিল সাংস্কৃতিক গণ মাধ্যমৰ অন্যতম বাহক এই ভ্ৰাম্যমাণ নাট্য দলটি | অসমৰ সংস্কৃতিৰ পথাৰখনত অনবদ্য অৰিহনাই আছে এই ভ্ৰাম্যমাণ নাট্য দলটিৰ |  কেবল মাথোঁ মাখিবাহা ,টিহু বা নলবাৰী জিলাৰে ভ্ৰাম্যমান নাট্যগোষ্ঠী নাছিল অসমৰ সাংস্কৃতিক জগতৰ এটা  উজ্বল সাংস্কৃতিক নক্ষত্ৰ আছিল ৷ অসমৰ মানুহৰ বাবে ই আছিল এটা গৌৰৱোজ্বল অনুষ্ঠান য’ৰ পৰা শ শ অভিনেতা -অভিনেএী ,নৃত্য কৰা ল’ৰা -ছোৱালী অভিনয় কৰা ক্ষেএখনত সুবিধা পাইছিল  ৷মাখিবাহাৰ অধ্যাপকপাৰা স্হিত এই ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠীটোৱে ১৯৭২ইং চনত জন্মগ্ৰহণ কৰিছিল আৰু প্ৰথমে নাম আছিল ’মকুন্দ অপেৰা’   ,১৯৭৩ ইং চনৰ জুলাই মাহত পূৰ্ণ আত্মপ্ৰকাশ কৰে বুলি প্ৰযোজক ঁ অতুল ভট্টাচাৰ্য দেৱে ৰূপালী জয়ন্তি বৰ্ষৰ পএিকাত উল্লেখ কৰি গৈছে ৷ নাট্যকাৰ উগ্ৰমেনা ,অবতাৰ সিং,হেম ভট্ট ,ভবেন বৰুৱা ,মুনিন বৰুৱা ,মহেন্দ্ৰ বৰঠাকুৰ,সেবাব্ৰত বৰুৱা ,মহেশ কলিতা ,হেমন্ত দও ,ৰন্জ্ঞু হাজৰিকা ,আব্দুল মজিদ আদিৰ নাট্যকাৰ পৰিচালকৰ নাটকে মকুন্দ থিয়েটাৰ আঁখৰা গৃহ পৰিপূৰ্ণ হৈ আছিল ৷ দীলিপ ৰন্জ্ঞন দও ,জীৱেশ্বৰ ডেকা ,অনুপ হাজৰিকা ,উৎসৱ কলিতা ,ৰন্জ্ঞিৎ মিশ্ৰ ,সুৰেন  ঠাকুৰীয়া ,দ্বিজেন শৰ্মা ,পাকিজা বেগম ,প্ৰীতিৰেখা হুজুৰী ,উপমা লস্কৰ ,মমতা মজুমদাৰ আদিৰ দৰে অনেক অভিনেতা -অভিনেএীৰ দূৰ্দান্ত অভিনয়ে দৰ্শকক পাগল কৰি তুলিছিল ৷এদিনত তিনিটা প্ৰদৰ্শনিলৈ নাটক কৰিব লগা হৈছিল মকুন্দ থিয়েটাৰে ৷বছৰটোৰ এদিনো বিৰতি নহোৱাকৈ বছৰৰ পিছত  বছৰ নাটক কৰিছিল মকু্ন্দ থিয়েটাৰে প্ৰযোজক ঁঅতুল ভট্ৰাচায্যৰ নেতৃত্বত ৷গোটেই অসমৰ এনে এখন ঠাই নাচিল য’ত মকুন্দ থিয়েটাৰ চলা নাছিল দৰ্শকৰ বিপুল সহাঁৰিৰ পিছত  বহুকেইটা পুৰস্কাৰ চৰকাৰৰ ফালৰ পৰাও লাভ কৰিছিল এসময়ত ৷বিশাল সম্পওি ,বিশাল আখঁৰাগৃহ ,অভিনেতা -অভিনেএী তথা অন্যান্য কলা কুশলী সকলে থাকিব পৰা সুসজ্জিত পকী ঘৰ ,দুখনকৈ ট্ৰাক ,বাছ ,টেক্সি ,বিৰাত ডাঙৰ এখন হাৰ্ডৱেৰ দোকান লৈ বিশাল এটা সম্পওিৰ আৱেষ্টনীত আছিল নাট্যগোষ্ঠী মকুন্দ থিয়েটাৰ ৷কিন্তু হঠাৎ থিয়েটাৰ খনলৈ নামি আহিল কাল-ধুমুহা ১৯৯৩ চনত হৃদৰোগত আক্ৰান্ত হৈ প্ৰযোজক অতুল ভট্টাচাৰ্যৰ আকস্মিক বিয়োগত   লগে লগে থিয়েটাৰখনৰ আভ্যন্তৰত দেখা দিয়ে বিভিন্ন সমস্যা ৷আৰ্থিক,বৌদ্ধিক, সাংস্কৃতিক নেতৃত্ব দিব পৰা মানুহৰ অভাৱত মকুন্দ থিয়েটাৰ ক্ৰমান্বয়ে অন্য এটা ফালে গতি কৰিলে  ৷পৰিয়ালৰ সদস্য তথা দুজন পুএ ক্ৰমে মৃগেন ভট্টাচাৰ্য আৰু দেৱানন্দ ভট্টাচাৰ্য ৰ হাতত থিয়েটাৰ চলাবলৈ যি কৌশল বা বুদ্ধিমতাৰ প্ৰয়োজন সেই সময়ত  তেওঁ লোকে আয়ত্ব কৰা নাছিল লগতে নাছিল পৰ্যাপ্ত ধন ,যাৰ ফলত কেইজনমান নেতৃস্থানীয় লোকৰ তত্বাৱধনাত মকুন্দ থিয়েটাৰ ঠন ধৰি উঠিছিল যদিও প্ৰযোজক অতুল ভট্টাচাৰ্যৰ দৰে হয়তো অনুষ্ঠানটো চলাব পৰা নাছিল ,লগতে সাংস্কৃতিক বৌদ্ধিক নেতৃত্ব আৰু অৰ্থৰ অভাৱৰ কাৰণে  মকুন্দ থিয়েটাৰ চিৰদিনৰ বাবে সাংস্কৃতিক পথাৰৰ পৰা ম্লান পৰে ৷

সূৰ্যৰ দৰে জাতিস্মান  ,চন্দ্ৰৰ  পোহৰৰ দৰে সাংস্কৃতিক পোহৰ বিয়পোৱা এই মহান নাট্যগোষ্ঠীটো ১৯৯৮ ইং চনত সময়ৰ গতিত শেষ হৈ যায় ৷তাৰ পিছত পৰিয়ালটোলৈ নামি আহে ঘোৰ অমানিষা দুখ আৰু দৰিদ্ৰতাই হেঁচা মাৰি ধৰে পৰিয়ালটোক ৷সকলো হেৰোৱা বেদনা আৰু টকা পইচাৰ অভাৱে লাহে লাহে পৰিয়ালটো হৈ পৰে তেনে নগন্য ৷ঁঅতুল ভট্টাচাৰ্যৰ ডাঙৰ ল’ৰা মৃগেন ভট্টাচাৰ্য আজি গুৱাহাটীত চিকিউৰিটি গাৰ্ডৰ কাম কৰে ,সৰু ল’ৰা দেবানন্দ ভট্টাচাৰ্য কাম কৰে হোটেলত আৰু  একমাএ ছোৱালী দীপান্জ্ঞলী ভট্টাচাৰ্য গাঁওতে বিয়া হৈছে আৰু  তেখেতৰো অৱস্থা পানীত হাহঁ নচৰা ৷ঘৰবোৰ ভাঙিচিঙি গৈছে ,ভাত ৰান্ধিবলৈ এটা পাকঘৰ নাই ,এসময়ত বেলেগৰ পাকঘৰত চাউল দাইল নহলে নিজে গম পালে ঁঅতুল ভট্টাচাৰ্য দেৱে চাউল দাইল দি মানুহক সহায় কৰিছিল আৰু আজি সেই মানুহজনৰে ল’ৰা -ছোৱালী,বোৱাৰীৰ ভাত ৰান্ধিবলৈ এটা ৰান্ধনী ঘৰ নাই ,থাকিবলৈ এটা ঘৰ নাই ৷উঁৱলি গৈছে ঘৰবোৰ ,টিনপাতবোৰ ফুটি গৈছে চাৰিওফালৰ পৰা ,পানী পৰে ওপৰৰ পৰা দেখাত যদিও ঘৰবোৰ পকী থকাৰ উপযুক্ততা মুঠেও নাই কেতিয়া সেইবোৰ খহি পৰে নিশ্চয়তা নাই ৷আখঁৰাগৃহ দেখিলে যিকোনো সাংষ্কৃতিকবান মানুহৰ চকুপানী ওলাব ইমান সুন্দৰ আদৰ্শ বৈশিষ্ট্য থকা এটা বৃহৎ অনুষ্ঠান আজি শেষ হৈ গৈছে ৷এই পৰিয়ালটোৰ বাবে প্ৰতিটোদিন এতিয়া ধুমুহা ৷বৰষুন আহিলে গোটেই ৰাতি উজাগৰে বহি থাকে ,এসময়ত মাটিত ভৰি নিদিয়া সেই পৰিয়ালটো ,সময়ত ভাত -চাহৰ হাঁহাকাৰ কৰিবলগা হৈছে৷ফটোত দেখাজন মকুন্দ থিয়েটাৰৰ প্ৰয়োজক ঁঅতুল ভট্টাচাৰ্যৰ ডাঙৰ বোৱাৰী ,চাৰিওফালে মোক দেখুৱাই ফুৰাইছে চকুলোমুচি ,আনফালে কিছু সহায় কৰিছে ৰাজেন দাই ৷বুকু কঁপি উঠিব আপোনাৰ ঠাইবোৰ দেখিলে এসময়ত ইয়াতে গোটেই ৰাতিলৈ আঁখৰা হৈছিল ৰজনজনাই আছিল গোটেই অধ্যাপকপাৰা ৷আজি অসমৰ ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ  পৰিয়ালৰ এই অৱস্হা তাত কাম কৰা কলা কুশঁলীসকলোৰ অৱস্হা আৰু কি হ’ব পাৰে এবাৰ ভাবি চাওঁক ! এতিয়া মাথো আপোনালোকৰ সহায়ৰ প্ৰয়োজন আপোনালোকৰ অকনমান সহায় আৰু মৰমে পৰিয়ালটোক কিছু সকাহ প্ৰদান কৰিব| এবাৰ এই বাটেৰে  আহিলে অসমৰ ভ্ৰাম্যমান জগতত খলকনি সৃষ্টি কৰি থকা এই মকুন্দ থিয়েটাৰৰ পৰিয়ালটো কিদৰে আছে খবৰ কৰিবলৈ নাপহৰিব ৷কান্দি উঠিৱ আপোনাৰ মন মগজু …

লিখকৰ ফোন নং- ৯৭০৬১৪৫০৯৯

লকডাউনত বিপৰ্যস্ত শিল্পীগোষ্ঠীৰ সাহাৰ্য ভিক্ষা

লকডাউনত বিপৰ্যস্ত শিল্পীগোষ্ঠীৰ সাহাৰ্য ভিক্ষা

গোলাপ চহৰীয়া, ছিপাঝাৰ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক,কেবাখনো হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ অভিনেতা পবিত্ৰ ৰাভাই ওদালগুৰি জিলাৰ টংলা চহৰৰ পৰা প্ৰায় চাৰি কিল’মিটাৰৰ ভিতৰৰ জলাহ নামৰ গাঁওত বাওনা (Dwarfs) সকলক লৈ দুই সহস্ৰাব্দৰ আৰম্ভণিতে “আমাৰ গাঁও” অভীধাৰে এখন গাঁও গঠন কৰিছিল। আৰু তেওঁলোকক লগত লৈ ২০০৩  চনত সম্ভৱতঃ ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কেৱল বাওনা শিল্পীৰে গঠিত “দাপোন দা মিৰৰ” বুলি এক নাটকৰ অনুস্থানৰ জন্ম দিছিল । যিসময়ত বহু ক্ষেত্ৰত বাওনা সকলক একপ্ৰকাৰৰ অৱহেলাৰ দৃষ্টিভংগীৰে চোৱা হয়,সেই সময়তে পবিত্ৰ ৰাভাৰ এই ব্যতিক্ৰমী পদক্ষেপে তেওঁলোকৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছিল। বিশেষকৈ তেওঁলোকক নাটকৰ মাধ্যমেৰে স্বাৱলম্বনৰ এক বাট মুকলি কৰি দিছিল পবিত্ৰ ৰাভাই।দলটিয়ে বিগত বছৰসমূহত দেশৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বৰ্তমান লকডাউনৰ এই জটিল পৰিস্থিতিত তেওঁলোকৰ বাবে আহিছে ভীষণ প্ৰত্যাহ্বান। নাটকেই এইসকল লোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ সমল আছিল।কিন্তু এই পৰিস্থিতিত সেই সকলো দিশ একপ্ৰকাৰ অচল হৈ পৰিছে, যাৰবাবে তেওঁলোক ভীষণ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এনে প্ৰেক্ষাপটত নাট্যদলটিয়ে তেওলোকৰ তেওলোকৰ এই দুৰ্দশাৰ দিনত আৰ্থিক সহায় বিচাৰি সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰ,সচেতন জনতা সকলোকে আহ্বান জনাইছে।

কলিয়াবৰত স্থানীয় ব‍্যৱসায়ীৰ বৃহৎ লোকচান । বিয়া-সভাহৰ ৰভাঘৰ নিৰ্মাণ, পোহৰ, বাচন-বৰ্তন যোগান, কেটাৰিং ব‍্যৱসায়ী সন্মুখীন হৈছে বৃহৎ আৰ্থিক সঙ্কটৰ ।

ভীষণ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বিয়া-সভাহৰ সভাঘৰ নিৰ্মাণৰ লগত জড়িত ব‍্যৱসায়ীসকল।

কলিয়াবৰ :

কৰ’নাৰ সঙ্কট কাল যেন নাতঁৰিবই যেন! দিনে-দিনে, প্ৰতিদিনে বাঢ়ি আহিছে ৰোগীৰ সংখ‍্যা। ফলস্বৰূপে অধিক প্ৰভাৱিত হৈছে ব‍্যৱসায়ীসকল।বিগত ছয় মাহ ধৰি বন্ধ হৈ আছে ব্যৱসায়। ফলস্বৰূপে ভীষণ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে বিয়া-সভাহৰ সভাঘৰ নিৰ্মাণৰ লগত জড়িত ব‍্যৱসায়ীসকল। টেণ্ট হাউছ বুলি জনাজাত এই ব‍্যৱসায়ত কৰ্মহীন হৈ পৰিছে এই ব্যৱসায়ৰ লগত জড়িত শ্ৰমিক সকলো। কেৱল লক ডাউন নহয়, CAB সংসদত গৃহীত হোৱাৰ পাছৰে পৰাই অসমত বন্ধ হৈ পৰিছিল ধৰ্মীয়-পৰম্পৰাগত-সামাজিক উৎসৱ, অনুষ্ঠানসমূহ। কি ৰাজনৈতিক, কি অৰাজনৈতিক সকলো সভা-সমিতি, অনুষ্ঠান পতাৰ পৰিবেশ নোহোৱা হল, ৰাইজেও নপতা হল। ফলস্বৰূপে প্ৰয়োজনহীন হৈ পৰিল টেণ্ট হাউছ সমূহ। সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিল টেণ্ট হাউছৰ ব্যৱসায়। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰটো বিগত ছটা মাহে বন্ধ হৈ আছে টেণ্ট হাউছৰ ব্যৱসায়। আৰ্থিক সংকটত ভুগিছে কলিয়াবৰৰ টেণ্ট হাউছৰ মালিক সকল। টেণ্ট হাউচ বন্ধৰ লগে লগে কৰ্মহীন হৈ পৰিল টেণ্ট নিৰ্মান শ্ৰমিক সকলৰ লগতে পোহৰ ব্যৱস্থাৰ লগত জড়িত কৰ্মী সকল। লগতে সংকটত পৰিছে পোহৰ যোগান, আভ‍্যৰ্থনাৰ লগত জড়িত ‘কেটাৰিং, সাজোন-কাচোন, বেণ্ড পাৰ্টিৰ ব্যৱসায়।বেংকৰ পৰা ঋণ লৈ টেণ্ট হাউছৰ ব্যৱসায় আৰম্ভ কৰা সকল এতিয়া অতি সংকটত । ইপিনে অতি সোনকালে যে এই ব্যৱসায় আৰম্ভ কৰিব পাৰিব তাৰো সম্ভাৱনা নাই । এক নিশ্চয়তাত এতিয়া টেণ্ট ব্যৱসায়ী সকল । চৰকাৰী সাহায্য-অনুদান অবিহনে এই ব্যৱসায়ৰ লগত জড়িত সকলৰ পানীত হাঁহ নচৰা পৰিস্থিতিৰ সন্মুখীন হব অচিৰেই । কলিয়াবৰৰ ৩৫টা টেণ্ট হাউছৰ ব্যৱসায়ী সকলে স্থানীয় বিধায়ক তথা ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ওচৰত আৰ্থিক সাহাৰ্য আগবঢ়াবৰ বাবে অনুৰোধ কৰিছে।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন বন্ধ আৰু দিহিং পাটকাই কয়লা খনন বন্ধৰ দাবীত আছুৰ মানব শৃংখল ।

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন বন্ধ আৰু দহিং পাটকাই কয়লা খনন বন্ধৰ দাবীত আছুৰ মানব শৃংখল ।

তিনিচুকীয়া

উত্তৰ- পূৰ্বাঞ্চলৰ আমাজন স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যৰ হস্তী কৰিডৰৰ অন্তৰ্গত অঞ্চলত তথা বৰ্ষাৰণ্য খনত থকা অসমৰ জাতীয় পক্ষী দেওঁহাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ জীৱনলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা মুক্ত কয়লা খননৰ যোগেদি ভাবুকি কঢ়িয়াই আনিব পৰা আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবেও কেন্দ্ৰই অনুমতি প্ৰদান কৰা  সিদ্ধান্তৰ বিৰুদ্ধে  সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলা খনৰ অন্তৰ্গত ক্ৰমে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থা, ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, বৰডুমছা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থা, ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা আৰু শদিয়া আঞ্চলিক ছাত্ৰ  সন্থাই লকডাউনৰ (Lockdown) নীতি নিৰ্দেশনা লগতে কৰ’না মহামাৰী সংক্ৰান্তত ল’বলগীয়া সামাজিক দূৰত্ব পালন কৰি এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সময় থাকোতেই অসম চৰকাৰ তথা ভাৰত চৰকাৰে দিহিং-পাটকাইৰ ওপৰত অবৈধ কয়লা খনন ও ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইলৰ খনন চলোৱাৰ বন্ধ কৰক আৰু পৰিৱেশ ৰক্ষা কৰক । পৰিৱেশ থাকিলেহে জীৱ থাকিব, জীৱ থাকিলেহে আমি থাকিম ৷ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ স্পষ্ট কথা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক কেতিয়াও মানি লোৱা নহ’ব আৰু সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত জিলা ছাত্ৰ সন্থাই কাৰ্যসূচী ধাৰাবাহিক ভাৱে চলাই যাব বুলি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজা বলিমাৰা আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই  জানিবলৈ দিছে ।

চৰকাৰৰ সঠকাৰি সিদ্ধান্ত, ধবংস দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ধবংস দিশত অসম গৌৰৱ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত

সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে ত্ৰাস সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন চলি থকাৰ মাজতে  (National Board for Wildlife of India) ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চেলেকি অংশত ৯৮.৫৯ হেক্টৰ মাটিত কয়লা খননৰ আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে অনুমোদন জনোৱাৰ কায্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে  কাকপথাৰত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আৰু ডুমডুমাত ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰে লোৱা এনে সঠকাৰী সিদ্ধান্তক বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নৱ প্ৰজন্মসকলে পূৱৰ আমাজানখ্যাত উজনি অসমৰ বৰ্ষাৰণ্যসমূহৰ অবাধ ধ্বংসলীলা দেখি- শুনি উচুপি উঠিছে । প্ৰকৃতিপ্ৰেমীসকলে ভৱিষ্যতৰ ভয়াবহতাৰ পূৰ্বাভাষ পাই ক্ষুণ্ণ হৈ পৰিলেও প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অসম । উল্লেখ্য যে ডিগবৈ আৰু ডুমডুমা বন সংমণ্ডলৰ লগতে ডিব্ৰু- ছৈখোৱা বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত বনাঞ্চলসমূহ অস্তিত্বৰ সংকটত ভোগিছে।বনৰীয়া ঘোৰাৰ বাবে বিখ্যাত ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাতী নিচিহ্ন হোৱাৰ পথত। আনকি জৈৱ মণ্ডলীয় বনাঞ্চলযুক্ত ডিব্ৰু- ছৈখোৱাৰ মুখ্য আকৰ্ষণ বন- ঘৰচীয়া ঘোঁৰা লুণ্ঠনতো হাত দিছে সমাজৰ দীঘল হাতুৰাযুক্ত এচাম দুষ্কৃতিকাৰীয়ে। উজনিৰ বৰ্ষাৰণ্যসমূহৰ সুকাঠী গছসমূহ নিঃশেষ কৰাৰ পাছত এতিয়া দলং, গৃহ, আচবাব পত্ৰ, আনকি খৰিৰ বাবেও মূল্যবান হোলোং গছৰ শৰাধ পাতিছে। চৰকাৰে প্ৰদূষণমুক্ত সেউজ অসমৰ শ্ল’গান যিমানেই নিদিয়ক কিয়, বনজ সম্পদৰ ৰক্ষণাবেক্ষণৰ বাবে কোনো ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । দিহিং পাটকাইত কয়লাৰ মুক্ত খনন আৰু  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটাকৈ স্থানত অইল ইণ্ডিয়াৰ মুক্ত খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষাৰ ফলত ইয়াত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদকুল, পক্ষীকুল আৰু জীৱকুলৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হ’ব। স্মতব্য যে, অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য ৷

২০০৪ চনৰ ১৩ জুনত জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙৰ ১১১.১৯ বৰ্গকিলোমিটাৰ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰে ৷ দিহিং-পাটকাইৰ সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৩ বিধ বনৰীয়া চৰাই, ৪০ বিধ সৰীসৃপ আৰু উভচৰ, ১৫৫ বিধ পখিলা চিনাক্ত কৰা হৈছে৷ এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সৰ্বোৎকৃষ্ট বাসস্থান৷ এই বনাঞ্চলত হলৌ বান্দৰকে ধৰি লাজুকী বান্দৰ, গাহৰিনেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বাঘ, বনগৰু, হিমালয়ৰ কেৰ্কেটুৱা, নাহৰফুটুকী, লতামাকৰী, গোধাফুটুকী, শৰপহু, বনৰৌ, কেটেলা পহু, কেঁকোৱা খোৱা নেউল, ভালুক আদি বন্যজীৱ পোৱা যায় ৷ চৰাইৰ ভিতৰতো হয়কলি, ৰাজধনেশ, দেওহাঁহ, হুদু, বাঢ়ৈটোকা, সাপকটা, শেন, ঈগল, চুলটান টিট, ৰূপহী, হাইঠা ইত্যাদি পৰিদৃষ্ট ৷ ভাৰতৰ ভিতৰতে কাঠনিৰ চৰাইৰ বাবে এই অঞ্চল সৰ্বপেক্ষা চহকী ৷ ইয়াত দেখা পোৱা চৰাইসমূহ ৫১ বিধ পৰিয়ালৰ ১৭৪ গোত্ৰৰ অন্তৰ্ভুক্ত ৷ ইয়াত দেখা পোৱা চৰাইসমূহৰ ৬৩.৭% স্থানীয় চৰাই, ২৩.১% শীতকালৰ পৰিভ্ৰমণকাৰী, ২.৫% গ্ৰীষ্মকালৰ পৰিভ্ৰমণকাৰী ৷ নামচাং আৰু বুঢ়ী দিহিঙৰ সংগমস্থলী দিহিং-পাটকাই বিভিন্ন প্ৰজাতিৰ মাছ আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদৰ্শ বাসস্থান ৷ বিশ্বৰ সৰ্বসংখ্যক দেওহাঁহৰ সংখ্যা সংৰক্ষিত হৈ আছে এই অৰণ্যতে ৷ তদুপৰি হলৌ বান্দৰৰো প্ৰধান আশ্ৰয়স্থল এই দিহিং-পাটকাই ৷ হলৌ বান্দৰৰ লগতে আন ছবিধ বান্দৰজাতৰ প্ৰাণীৰ আবাসস্থল এই বৰ্ষাৰণ্য৷ এই বৰ্ষাৰণ্যত প্ৰধানকৈ হোলোং, মেকাই, ধূণা, উৰিয়াম, নাহৰ, শাম-কঁ‌ঠাল, ভেৰ, শলখ, ঔটেঙা, আৰু বিভিন্ন প্ৰজাতিৰ ডিমৰু আদি উদ্ভিদ পৰিলক্ষিত হয় ৷ ইয়াৰ উপৰিও অৰ্কিডৰ বৈচিত্ৰ্যৰ বাবে দিহিং পাটকাইৰ বনাঞ্চল অতি প্ৰখ্যাত৷ বৰ্তমানলৈকে ৪৫ গোত্ৰৰ প্ৰায় ১০১ বিধ অৰ্কিডৰ প্ৰজাতি দেখিবলৈ পোৱা যায় ৷ ইয়াৰে ৭৯ বিধ Epiphytic, ২১ বিধ স্থলজ আৰু এবিধ Saprophyte ৷ তাৰোপৰি এই অৰ্কিডসমূহৰ আঠবিধ সংকটাপন্ন (critically endangered), ১৫ বিধ বিপদসংকুল (endangered), ৫ বিধৰ সংকট আসন্ন (near threatened) আৰু ২৮ বিধ ভংগুৰ (vulnerable) হিচাপে শ্ৰেণীভুক্ত ৷ অন্যহাতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ পৰ্য্যটন স্থান সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান। অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত। ই অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। ডিব্ৰু আৰু ছৈখোৱা এই দুয়োখন বনাঞ্চলক ১৮৯০ আৰু ১৯২৯ চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত দুয়োখন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কিছু এলেকা সামৰি ১৯৯৫ চনত ৩৪০ বৰ্গ কিঃমিঃ এলেকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল। ক্ৰমাগতভাৱে ১৯৯৭ চনত ৩৪০ বৰ্গ কিঃমিঃ অঞ্চলক মুখ্য অঞ্চল (Core-zone) আৰু ইয়াৰ চৌপাশৰ (পাৰ্শ্বস্থ ৩৮খন ৰাজহ গাঁও, সংলগ্ন অন্য এলেকা) ৪২৫ বৰ্গ কিঃমিঃ নিৰপেক্ষ অঞ্চল (Buffer Zone) হিচাবে লৈ ৭৬৫ বৰ্গ কিঃমিঃ অঞ্চলক ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল (Dibru-Saikhowa Biosphere Reserve) হিচাবে ঘোষণা কৰা হৈছিল। পুনৰ ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা (Ferral Horse) পোৱা উদ্যান৷ এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি নামাকৰণ কৰাৰ ইতিহাস হ’ল এই ঘোঁৰাবোৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰা ৷যুদ্ধ অন্ত পৰাৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিনি বনত মুকলি কৰি দিযে৷এই ঘোঁঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে৷তদুপৰি এই উদ্যানখন হৈছে অসমৰ ৰাজ্যিক চৰাই, আপুৰুগীয়া দেওহাঁহ ( White-winged Wood Duck)ৰ আৱাসভূমি| |ইবিলাকৰ উপৰিও ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসম চৰকাৰে ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি দিয়া লুপ্তপ্ৰায় শিহু(River dolphin)ৰ বাসস্থান|এই উদ্যানত কেইবাটাও প্ৰজাতিৰ মাছ, সাপ, ভেকুলী, পখিলা, বনৰীয়া ম’হ (Wild Buffalo), বাঘ, হাতী, বন বোন্দা (Jungle Cat), উদ (Otter), মাছুৱৈ মেকুৰী (Fishing Cat), উৰণীয়া কেৰ্কেটুৱা (Flying Squirrel), হলৌ বান্দৰ (Goolock Gibbon), (Capped Langur), (Pigtail Macaque), শিহু (Dolphin), অসমীয়া বান্দৰ (Assamese Macaque) মলুৱা বান্দৰ (Macaca Macaque), লাজুকী বান্দৰ (Slowtoris)ৰ লগতে বিবিধ বৃক্ষ, তৃণ, লতা, ঔষধি গছ, কেইবাবিধো বনফুল (Orchid) ইত্যাদি পোৱা যায়।
প্রণিধান যোগ্য যে, লগ ডাউনৰ সময়চোৱাত প্ৰত্যেক নিশাই চলাচল কৰি আছে শ শ অৱৈধ কয়লা গাড়ী। কিন্তু মেকুৰীৰ ডিঙিত টলিঙা পিন্ধায় কোনে? অতি সম্প্ৰতি ৰাজ্য আৰু বহিঃ ৰাজ্যৰ পৰা কয়লা, কাঠ, সুৰা, তামোলকে ধৰি বিভিন্ন সামগ্ৰী পৰিবহণৰ বাবে অবাধে চলাচল কৰিছে ট্ৰাকসমূহ। উক্ত ট্ৰাক সমূহৰ চালক- হেণ্ডিমেনে যে কৰ’ণা কঢ়িয়াই নানিব তাৰ কোনো নিশ্চয়তা নাই। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাই সচেতন মহলক ভবাই তুলিছে।

ঢকুৱাখনা ৰ যুৱকৰ দেহত কভিড-১৯ : ৰোগীৰ ভাতৃ – লগৰীয়াক হ’ম কোৱাৰেণ্টাইন কৰাত আতংকিত অঞ্চলবাসী

দৈনন্দিন বাৰ্তাৰ সেৱা : ঢকুৱাখনা


শেহতীয়াকৈ ঢকুৱাখনাৰ তিনিজনকৈ লোকৰ দেহত মাৰাত্মক কভিড ১৯ ৰ উপস্থিতি ধৰা পৰা খবৰৰ পিছত আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ ঢকুৱাখনাত।খবৰ অনুসৰি চেন্নাইৰ পৰা অহি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আছুতীয়া কক্ষত থকা ঢকুৱাখনাৰ তিনি জন যুৱকৰ দেহত শেহতীয়াকৈ কভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে।এওঁলোক হৈছে ঢকুৱাখনাৰ কেকুৰী গৰুখুটি গাঁৱৰ হুকেশ্বৰ সোণোৱালৰ পুত্ৰ মোলাৰাম সোণোৱাল (৩০) আৰু চৰণ সোণোৱালৰ পুত্ৰ লক্ষ্য সোনোৱাল(২৩)।আনজন হল কেকুৰী কছাৰী গাঁৱৰ জীৱন সোণোৱালৰ পুত্ৰ ঘনকান্ত সোণোৱাল (২৯)।ঢকুৱাখনাত এই খবৰ বিয়পি পৰাৰ পিছত এই ঘটনাৰ লগত জড়িত আন কেতবোৰ আনুষংগিক ঘটনাই চিন্তিত আৰু আতংকিত কৰি তুলিছে ঢকুৱাখনা বাসীক।চিন্তনীয় বিষয়টো হল আক্ৰান্ত ঘনকান্ত সোণোৱালৰ ভাতৃ প্ৰাঞ্জল সোণোৱাল (২৫),একে অঞ্চলৰ গৰুখুটি গাঁৱৰ ঘণ সোণোৱাল, বিপুল সোণোৱাল, ধৰ্মেন্দ্ৰ সোণোৱাল আৰু দূৰ্গাধৰ সোণোৱাল চেন্নাই পৰা একেলগে উভটি আহি তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত আছিল।কিন্তু উক্ত লোক কেইজনৰ যাৱতীয় পৰীক্ষাৰ পিছত বৰ্তমান ঘৰলৈ উভটি আহিছে।চেন্নাই ফেৰত লোক কেই জনক বৰ্তমান হম কোৱাৰেণ্টাইন কৰা হৈছে যদিও লগৰ তিনিগৰাকী দেহত কভিড পজিটিভ হোৱাৰ খবৰ অহাৰ পিছত ভয়ত কম্পমান হৈ পৰিছে অঞ্চলবাসী।অঞ্চলটোৰ ৰাইজৰ অভিযোগ-প্ৰাঞ্জল সোণোৱাল ,ঘণ সোণোৱাল, বিপুল সোণোৱাল, ধৰ্মেন্দ্ৰ সোণোৱাল আৰু দূৰ্গাধৰ সোণোৱালক যাবতীয় পৰীক্ষা কৰি ঘৰলৈ পঠিওৱা হৈছে যদিও শংকামুক্ত নহয়।গতিকে তেওঁলোকক হম কোৱাৰেণ্টাইন কৰাৰ পৰিবৰ্তে ঢকুৱাখনাস্থিত চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা উচিত আছিল।কাৰণ যি কোনো সময়তে হম কোৱাৰেণ্টাইনৰ নীতি ভংগ কৰি বাহিৰলৈ ওলাই আহিব পাৰে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়াল।যাৰ বাবে অধিক জটিল হব পাৰে সমস্যা।সেয়ে সময় থাকোতেই ঢকুৱাখনা মহকুমা প্ৰশাসনক ইয়াৰ প্রয়োজনীয় ব্যস্ততাৰ গ্ৰহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে।

পাপু বৰুৱা,  ফোন নং – 8135831234

ৰূপহীহাটত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিত তাৰাবাৰী, গটঙা, নাঙলধোৱা বেংক চি এছ পিৰ লুন্ঠন

  • এ জে আকন্দ, নগাঁও

দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ । যাক চমুকৈ চি এছ পি কেন্দ্ৰ বুলি কোৱা হয় । সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত গ্ৰাহক সেৱাৰ এই চি এছ পি কেন্দ্ৰ সমূহত সীমিত লেনদেনৰ বাবে গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি ধন সঞ্চয় কৰাৰ লগতে চৰকাৰ জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তি  ইত্যাদি বহু আচঁনিৰ অধীনত হিচাধিকাৰীয়ে একাউন্ট খুলিছিল । একাউন্ট খোলাৰ পিছত অধিকাংশ চি এছ পিয়ে ৰাইজৰ সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা সম্পদ গঢ়ি তুলি চহৰে-নগৰে বিলাসী অট্টালিকা সাজি তোলাতহে ব্যস্ত হৈ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ জৰিয়তে প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষক সকলৰ বেংক একাউন্টত দুহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই অভিলাসী আচঁনিত একাংশৰ নেতা পালি নেতা আৰু একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি গ্ৰাহক সেৱা কেন্দ্ৰৰ (চি এছ পি) বাণিজ্যিক প্ৰতিনিধিৰে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰ নামত একাউন্ট খুলি কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ সৰ্বত্ৰে উঠাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত ইতিমধ্যে একাংশ চি এছ পি (বাণিজ্যিক প্ৰতিনিধি)ৰ  দুৰ্নীতিৰ বাতৰিৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতে আন এক অভিযোগ উত্থাপিত হৈছে ইণ্ডিয়ান বেংক হাতীপুখুৰী শাখাৰ তাৰাবাৰীৰ চি এছ পি ছফিৰ উদ্দিন আৰু অসম গ্ৰামীন বিকাশ বেংকৰ ৰূপহী শাখাৰ গটঙাৰ চি এছ পি উত্পল বৰা,  ইণ্ডিয়ান বেংক হাতীপুখুৰী শাখাৰ নাঙলধোৱাৰ চি এছ পি আলিম উদ্দিনৰ  বিৰুদ্ধে একাংশৰ নেতা-পালিনেতা, দালালৰ সহযোগত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লক্ষ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে । অভিযোগ  মতে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু শিক্ষাৰ্থীৰ জলপানি আচঁনি ব্যাপক খেলিমেলি কৰিছে বুলি অভিযোগ উঠিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সংশ্লীষ্ট বিভাগে কেইবাটাও চি এছ পিৰ স্কলাৰশ্বীপ দুৰ্নীতি তদন্ত কৰাৰ দৰে কৃষি বিভাগৰ বিভাগটোৰ দুৰ্নীতিৰ অভিযোগ সমূহ গুৰুত্বসহকাৰে লৈছে । তেনে ক্ষেত্ৰত ৰূপহীৰ দৰে অঞ্চলত দুৰ্নীতিৰ বজাৰ মুকলি কৰা এই চি এচ পি সকলৰ  বিৰুদ্ধে কৃষি মন্ত্ৰীয়ে শীঘ্ৰেই তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰি দুৰ্নীতিগ্ৰস্থসকলক নাকি লগাবলৈ আহ্বান জনাইছে ৰূপহীহাটৰ সচেতন মহলে। ইয়াৰোপৰি নগাঁও জিলাত থকা বহু চি এছ পিৰ বাণিজ্যিক প্ৰতিনিধিৰ দুৰ্নীতিৰ  অচিৰেই মুখা খোল খাব । উক্ত বেংক চি এছ পি ও বানিজ্যিক প্ৰতিনিধিসকলৰ আয়ৰ উত্স কি,  বেংকটো কিবা আলাউদ্দিনৰ চাকি নেকি বুলি প্ৰশ্ন উঠিছে । গ্ৰাহক সেৱাৰ নামত বেংক সেৱাক দুৰ্নীতিৰ আহিলাত পৰিনত কৰা এই চি এচ পি সকলৰ ওপৰত উচিত তদন্ত হলে উৰহিৰ ওৰ পৰিব বুলি ৰূপহীহাটত চৰ্চা চলিছ ।

গেছ সেৱাৰ নামত ৰূপহীহাটত চাকিব গেছ এজেন্সিৰ কলা বজাৰ-জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী

  • এ জে আকন্দ, নগাঁও

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিভিন্ন এলেকা । বেংক, গ্ৰামোন্নয়নৰ পিছতে এইবাৰ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে লাওঁখোৱাৰ ৰোডস্থিত ৰূপহীৰ চাকিব গেছ এজেন্সিৰ বিৰুদ্ধে ।  এজেন্সিটোৰ স্বত্বাধিকাৰী আলিম উদ্দিনে উক্ত এজেন্সিৰ জৰিয়তে গেছ  ছিলিণ্ডাৰৰ এক ৰমৰমীয়া কলা ব্যৱসায় চলাই লুন্ঠন আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । গেছ ছিলিণ্ডাৰৰ কলা বেহাৰ বাবেই স্বত্বাধিকাৰী আলিম উদ্দিন ইতিমধ্যে আৰক্ষীৰ জালত পৰে যদিও বৃহত পৰিমান ধনৰ বিনিময় মুকলি হোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে । যোগান বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি গেছৰ ৰমৰমীয়া কলা বজাৰ বহুওৱা অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে অকল গেছৰ কলা বেহাই নহয় এইজন আলিমে হাতীপুখুৰী ইণ্ডিয়ান বেংকৰ শাখাৰ বাণিজ্যিক প্ৰতিনিধি হিচাপেও দীৰ্ঘদিন ধৰি চৰকাৰী আচঁনিক ভূলুন্ঠিত কৰি অহা বুলিও চৰ্চা চলিছে । কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী  হুছনাৰা বেগমৰ স্বামী আলিমে পত্নীক বৰাব ষ্টাম্পৰ দৰে ব্যৱহাৰ কৰি পঞ্চায়ততো দপদপাই ফুৰাৰ অভিযোগ উঠিছে । দীৰ্ঘদিন ধৰি বেংক চি এছ পিৰ নামত দুৰ্নীতি সংঘটিত কৰি ৰাইজৰ মূৰত ৰামটাঙোন দি দুৰ্নীতিত লিপ্ত হৈ  চৰম সীমা অতিক্ৰম কৰি গুৰু গোসাই নমনা হৈছে বুলিও ৰাইজৰ মাজত চৰ্চিত হৈছে । এইগাৰকী দুৰ্নীতিৰ মহানায়ক  আলিম উদ্দিনৰ বিৰুদ্ধে জিলা উপায়ুক্ত, যোগান বিভাগ, বেংক বিষয়া আৰু কৃষি মন্ত্ৰী অতুল বৰাই তদন্ত কৰি  বিহিত ব্যৱস্থা  লবলৈ সচেতন মহলে দাবী জনাইছে ।

নলবাৰীত বহু দিন ধৰি সন্ত্ৰাস চলোৱা ২ মোবাইল চোৰ আটক

নলবাৰীত আৰক্ষীয়ে ২ মোবাইল চোৰ আটক কৰে।

নলবাৰী

লকডাউনৰ বাবে এফালে ৰাইজ গৃহবন্দী। নিতৌ জীয়াই থকাৰ বাবে কৰিবলগা হৈছে সংগ্ৰাম। তাৰ মাজতে চিলনী চোৰৰ আতংকত সন্ত্ৰাসিত হৈ পৰিছে নলবাৰীৰ ৰাইজ। এনে সন্ত্ৰাস চলাই চিলনী চোৰৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। অৱশেষত শুকুৰবাৰে নলবাৰী আৰক্ষীৰ জালত পৰে দুই চিলনী চোৰ। নলবাৰী সদৰ থানাৰ টাউন ডাৰোগা বিশ্বজিৎ দুৱৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলৰ জালত পৰা এই চোৰ দুটা হৈছে জিলাখনৰ বেলশৰ থানাৰ অন্তৰ্গত জোৱাৰ্দ্দি গাঁৱৰ  হৰজিৎ বৈশ্য আৰু কৈঠালকুছিৰ চম্পক হালৈ। নলবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নলবাৰী চহৰৰ জিলিঙনি চ’কৰ পৰা হৰজিৎ বৈশ্য নামৰ চোৰটোক আটক কৰাৰ পিছত হৰজিতৰ স্বীকাৰোক্তিৰ ভিত্তিত আনটো চোৰ চম্পকক আটক কৰিবলৈ সক্ষম হয়। লকডাউনৰ সময়ত নলবাৰী চহৰৰ মাজমজিয়াত প্ৰায় ৭ টাকৈ স্থানৰ পৰা  চিলনী চোৰে থপিয়াই নিছিল মহিলাৰ বেগ আৰু ম’বাইল ফোন৷ ইয়াৰ পিছতেই নলবাৰী আৰক্ষীৰ এই চিলনী চোৰকলৈ মুৰৰ কামোৰণী হৈ পৰে। এই ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত কে’বাখনো এজাহাৰ দাখিল কৰা হৈছে। অৱশেষত আৰক্ষীয়ে গোচৰ ৰুজু কৰি চিলনী চোৰৰ বিৰুদ্ধে অভিযান চলাই চোৰ দুটাক আটক কৰাৰ লগতে চোৰ দুটাৰ পৰা আঠটা চুৰি ম’বাইলফোন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে চোৰ দুটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২ ধাৰা ২৪৭/২০ আৰৰু এনএলবিত ২৫৮/২০ নংত নলবাৰী জিলাত সন্ত্ৰাস চলাই অহা এই চোৰ দুটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নলবাৰী আদালতত হাজিৰ কৰা হয়৷