Home Blog Page 3447

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক

 সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয় লোকে বৃহৎ পৰিমাণৰ মাছ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে বৈছাহাবি হাঁহচৰা সংযোগী পথটোৰ কাষৰ উক্ত হাবিখনত নিৰ্জনতাৰ সুযোগ লৈ অৰ্ধগলিত মাছখিনি কোনো দুস্কৃতিকাৰীয়ে পেলাই থৈ যায় বুলি ৰাইজে সন্দেহ কৰিছে। ক’ভিড-১৯ মহামাৰীৰ ত্ৰাসৰ সময়তে এনেদৰে অৰ্ধ গলিত মাছসমূহ হাবিত পেলোৱা কাৰ্যই স্থানীয় ৰাইজক আতংকিত কৰি তোলে। ইতিমধ্যে চেতীয়া গাঁৱৰ গাঁৱ বুঢ়া ঋতুৰাজ ঢেকিয়াল ফুকনে চেলেংহাট আৰক্ষীক এই বিষয়ত অৱগত কৰিছে।

টিংখাঙৰ দুই নং নাচনী গাঁৱত হত্যাকাণ্ড

টিংখাং

সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে লকডাউন অব্যাহত থকাৰ মাজতে শুকুৰবাৰৰ নিশা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ দুই নং নাচনী গাঁৱত এক হত্যাকাণ্ড সংঘটিত হয়। ঘটনাটোত এজন লোকক এখন চোকা দাৰে ঘপিয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ বিৱৰণী মতে গাঁওখনৰ নোমল চাউদাং (৬৫) নামৰ লোক এজনক দ্বীপ কোচে (৩০) নামৰ যুৱক এজনে দাৰে ঘপিয়াই হত্যা কৰে। ঘটনাটো সংঘটিত কৰাৰ পাছতে নিশাই গাঁওখনৰ পৰা ঘাতক দ্বীপে পলায়ন কৰে। আৰক্ষীয়ে শনিবাৰে ঘাতক দ্বীপ কোচক ৰাজগড় সমীপৰ নাহৰপাৰা বৰবিল গাঁৱত থকা নিজৰ পিতৃৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নোমল চাউদাঙৰ পৰিয়ালটোেৰ দ্বীপৰ সঘন আহ যাহ আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ অদ্যপি জানিব পৰা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান চলোৱা বুলি জানিব পৰা গৈছে। নিহত নোমল গগৈৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। 

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

কলিয়াবৰ

মাস্ক পৰিধানৰ বাবে কলিয়াবৰত সজাগতা অভিযান অনুষ্ঠিত হয়। পুৱেৰণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলায় এই অভিযান। মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰক্ষী আৰু পুৱেৰণ সংঘৰ সদস্যসকলে। দেওবাৰৰ পৰা মাস্ক নিপিন্ধা ব্যক্তিক ৫০০ টকাকৈ জৰিমনা বিহিব বুলি আৰক্ষীয়ে এই অভিযান কালত সতৰ্ক কৰি দিয়ে ৰাইজক।

আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত

গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই "আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত" অভিযান আৰম্ভ কৰিছে।

COVID-19 মহামাৰী আৰু লকডাউনৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা ডাক সংমণ্ডলে আজিৰ পৰাই “আপোনাৰ ডাকঘৰ আপোনাৰ দুৱাৰত” অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ সময়ছোৱাত গোৱালপাৰা ডাকঘৰৰ অন্তৰ্গত চাৰিশৰো অধিক শাখা ডাকঘৰৰ গ্ৰামীণ ডাক সেৱকসকল ঘৰে ঘৰে গৈ ডাক সেৱা প্ৰদান কৰিব। ডাকঘৰৰ দ্বাৰা উপলব্ধ  বিভিন্ন সঞ্চয় আঁচনিৰ টকাৰ লেনদেন, নতুন  একাউণ্ট খোলা, আই পি পি বি একাউণ্টত লেনদেন,   আধাৰ যুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱা,  ডাক জীৱন বীমা,  চিঠি পত্ৰ, পাৰ্চেল বুকিং তথা বিতৰণ ইত্যাদি সেৱা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহক ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ বিভাগে অত্যাৱশকীয় সেৱা হিচাপে চিহ্নিত কৰিছে।

আজি গোলকগঞ্জ উপ ডাকঘৰৰ অন্তৰ্গত একৈশটা    শাখা ডাকঘৰৰ গ্ৰামীণ ডাক সেৱকসকলে সাতচল্লিশখন গাওঁৰ প্ৰায় 575টা ঘৰত
সেৱা  প্ৰদান কৰে। গোৱালপাৰা ডাকঘৰৰ ডাক অধীক্ষক শ্ৰী দেবৰাজ শৈঠীদেৱে কাচখানা, দফৰপুৰ, বিছনদৈ আৰু ৰতিয়াদহ শাখা ডাকঘৰ পৰিদৰ্শন কৰি এই অভিযানৰ তদাৰক কৰাৰ লগতে গ্ৰাহক সকলৰ মাজত মাস্ক বিতৰণ কৰে।

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত ২৪ শ্ৰমিকৰ মৃত্যু

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

পুনৰ পথ দুৰ্ঘটনাত মৃত্যু হ’ল প্ৰব্ৰজিত শ্ৰমিক৷ এইবাৰ উত্তৰ প্ৰদেশত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ২৪ জন শ্ৰমিক৷ শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত উত্তৰ প্ৰদেশৰ অৰাইয়াত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই শ্ৰমিককেইজনৰ মৃত্যু হয়৷ ঘটনাটোত আহত হয় ২২জনকৈ শ্ৰমিক৷ ইয়াৰে ১৫ জন শ্ৰমিকৰ অৱস্থা সংকটজনক৷ এই শ্ৰমিকসকল বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ বাসিন্দা৷ তেওঁলোক ৰাজস্থানৰ পৰা নিজৰ ঘৰলৈ আহিছিল৷ দুৰ্ঘটনাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ দুৰ্ঘটনা সন্দৰ্ভত এই তথ্য প্ৰকাশ কৰে জিলা প্ৰশাসনে৷ ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব (গৃহ) অবনীশ অবস্তিয়ে কয়, এই দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক বুলি কৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ মুখ্যমন্ত্ৰী আদিত্যনাথে শ্ৰমিকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনায়৷ পথ দুর্ঘটনাত মৃত শ্রমিকসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ হিন্দীত লিখা এটা টুইটত প্ৰধানমন্ত্ৰীয়ি লিখিছে, উত্তৰ প্ৰদেশৰ দুৰ্ঘটনা দুঃখজনক৷ চৰকাৰে উদ্ধাৰ কাৰ্য কৰিছে৷ দুৰ্ঘটনাত মৃতসকলৰ পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনালো৷ আহতসকল শীঘ্ৰে আৰোগ্য হৈ উঠিবৰ বাবে প্ৰাৰ্থনা কৰে৷

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনা : জামুগুৰিহাটৰ সৌভাগ্য মাধৱ দেৱালয়ত সত্যসন্ধ্যা মহিলা সংঘৰ এশগছি বন্তি প্ৰজ্বলন

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত এশ গছি বন্তি প্ৰজ্বলন কৰে

জামুগুৰিহাট

মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে হোৱা যুঁজখনত দিন ৰাতি একাকাৰ কৰি সেনাপতিৰ ভূমিকা গ্ৰহণ কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদায় সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাৰ প্ৰাৰ্থনাৰে শনিবাৰে জামুগুৰিহাটৰ মাধৱগাঁওস্থিত শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত এশ গছি বন্তি প্ৰজ্বলন কৰে সত্যসন্ধ্যা মহিলা সংঘৰ মহিলাসকলে৷ শনিবাৰে দুপৰীয়া দেৱালয়খনৰ গোঁসাইৰ মূল থাপনাৰ ওচৰত কৰা এই বন্তি প্ৰজ্বলনৰ জৰিয়তে দেশৰ এই জটিল সন্ধিক্ষণত ক’ৰোনাৰ বিৰুদ্ধে মন্ত্ৰীগৰাকীৰ লগত থাকি এই যুঁজত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক, চিকিৎসক, নাৰ্চ,আশাকৰ্মী তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত আৰক্ষীকে ধৰি প্ৰতিগৰাকী যুঁজাৰুক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰাখি শক্তি প্ৰদান কৰাৰ প্ৰাৰ্থনাৰে ভগৱানৰ আশীষ বিচাৰে মহিলা সংঘটিয়ে৷ তদুপৰি শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত লোৱা এই বন্তি প্ৰজ্বলনৰ জৰিয়তে বৰ্তমান ক’ৰোনাত আক্ৰান্তসকলৰ শীঘ্ৰে আশুআৰোগ্য কামনা কৰাৰ উপৰি ৰাজ্যবাসীক এই মহামাৰীৰপৰা সোনকালে পৰিত্ৰান দিবৰ বাবেও প্ৰাৰ্থনা কৰে মহিলাসকলে৷ দেৱালয়খনত মহিলাসকলে গ্ৰহণ কৰা এই কাৰ্যসূচীত জৰুৰীকালীন সেৱাৰ লগত জড়িত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈ, কেবাগৰাকীও সমাজসেৱক, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ,স দৌ জামুগুৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলেও সহযোগ কৰে৷

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ ‘কণ্যকা’

ৰাজ্যিক বিজেপি প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিধায়ক পদ্মৰ 'কণ্যকা

জামুগুৰিহাট

সমগ্ৰ বিশ্ব এতিয়া ক’ৰোনাৰ ত্রাসত কম্পমান। স্থবিৰ হৈ পৰিছে বিশ্বৰ প্ৰতিখন দেশৰে স্বাভাৱিক গতি।সামাজিক আৰু শাৰীৰিক ব্যৱধান ৰক্ষা কৰি নিজৰ লগতে মানৱজাতিক মৃত্যু মুখৰ পৰা ৰক্ষা কৰাৰ বাহিৰে আৰু এতিয়া কোনো গত্যান্তৰ নাই। বিশ্বৰ লগতে দেশৰ এই জটিল সন্ধিক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও থলুৱা ব্যয় বস্তুৰ লগতে উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত সকলোকে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। দেশ তথা জাতিৰ এই সংকটপূৰ্ণ সময়ত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘কণ্যকা’ কৃষি পামৰ কথা চৰ্চালৈ আহিছে৷ প্ৰায় দুহাজাৰৰো অধিক কৃষি ভূমিক সামৰি গঢ়ি তোলা ‘কণ্যকা ‘ কৃষি পামত থলুৱাভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ লগতে মাছ, মাংসই ৰাজ্যৰ বজাৰ দখল কৰাৰ সময়তে এই বিশাল কৃষি পামখন প্ৰত্যক্ষ কৰি ইয়াক আদৰ্শ হিচাপে লৈ ৰাজ্যৰ অন্য প্ৰান্তটো এইদৰে কৃষি পাম গঢ়ি তুলি থলুৱা সামগ্ৰী উৎপাদনৰ লগতে নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন বাট কিদৰে মোকলাই দিব পাৰি তাৰ কৌশল আয়ত্ব কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী  বিধায়কৰ সোঁত বলিছে এতিয়া জামুগুৰিহাটৰ ‘কণ্যকা ‘কৃষি পামলৈ৷ এক সপ্তম পূৰ্বে কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে যোগান মন্ত্ৰী ফণী ভূষণ চৌধৰীয়ে’ কণ্যকা ‘ পৰিদৰ্শন কৰি যোৱাৰ পাছত কালি বিয়লিৰ ভাগত বিশাল কৃষি পামখনত উপস্থিত হয়হি ৰাজ্যিক  বিজেপিৰ এটা উচ্চস্তৰীয় দল।ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ নেতৃত্বত অহা দলটোৱে দুঘন্টাৰো অধিক সময় ধৰি ‘কণ্যকা ‘ পৰিদৰ্শন কৰি ইয়াত উৎপাদিত শাকপাচলি খেতি দেখি অভিভূত হৈ পৰাৰ লগতে বিধায়ক পদ্ম হাজৰিকাৰ  প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাই, সম্পাদক অমিয় ভূঞা আৰু দীপ্লু ৰঞ্জন বৰাই চতিয়াৰ বিধায়ক গৰাকীৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা ‘কণ্যকা ‘ কৃষি পামৰ সেন্দুৰিয়া গতি প্ৰশংসা কৰাৰ লগতে ‘কণ্যকা ‘ৰ আদৰ্শ সকলোৱে গ্ৰহণ কৰিলে আমি নিজেই আত্মসংস্হাপনৰ বাট মুকলি কৰি ল’বলৈ সক্ষম হ’ম বুলি মন্তব্য কৰে৷ উল্লেখ্য যে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত জীয়াভৰলী নদীৰ পাৰত গঢ়ি উঠা ‘কণ্যকা’ৰ কৃষিজাত সামগ্ৰীয়ে উত্তৰ অসমৰ লগতে গুৱাহাটীকে ধৰি বিভিন্ন স্থানত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

১৯১৮ চনত স্পেনিছ ফ্লুত কঁপিছিল বিশ্ব : তেতিয়াও ক’ভিড-১৯ৰ দৰে মাস্ক পৰিধান, কোৱাৰেণ্টাইন

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

জনপ্ৰবাদ, ইতিহাসে কেতবোৰ কথাৰ পুনৰাবৃত্তি ঘটায়৷ তাৰ এটা উদাহৰণ হ’ল ১৯১৮ চনৰ স্পেনিছ ফ্লু৷ এই স্পেনিছ ফ্লুত কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেনেদৰে ২০২০ চনত ক’ভিড-১৯ৰ বাবে কম্পমান সমগ্ৰ বিশ্ববাসী৷ প্ৰাপ্ত তথ্য মতে ১৯১৮ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত বসন্ত কালত ইউৰোপৰ জাৰ্মানী, ইংলেণ্ড, ফ্ৰান্স, স্পেইন আৰু আমেৰিকাত স্পেনিছ ফ্লুৱে সংহাৰৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ভাইৰ’লজিষ্ট জন অক্সফৰ্ডৰ গৱেষণাত কোৱা হৈছিল, ফ্ৰান্সৰএটাপ্লেছে হাস্পতাল আৰু সেনা শিবিৰবোৰত প্ৰথম এনে ফ্লু ১৯১৬ চনৰ শেষৰ ফালে দেখা গৈছিল৷ তাৰ পাছত ১৯১৭ চনৰ মাৰ্চত আল্ডাৰশেটৰ সেনা শিবিৰত এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল৷ ১৯১৮ চনৰ মাৰ্চত এই মাৰাত্মক ভাইৰাছ এইচ১এন১ ইনফ্লুয়েঞ্জাৰৰ দৰে সমগ্ৰ বিশ্বক গ্ৰাস কৰে৷ ১৯১৯ চনৰ গ্ৰীষ্মকাল পৰ্যন্ত চলা এই মহামাৰীত বিশ্বজুৰি কমেও ৫০ মিলিয়ন মানুহৰ মৃত্যু হৈছিল৷ তেতিয়া কমেও ৫০০ মিলিয়ন লোক সেই ৰোগত আক্ৰান্ত হৈছিল৷ যিহেতু প্ৰথম৷বিশ্বযুদ্ধৰ সময়ত এই মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়া আন কেতবোৰ দেশৰ চৰকাৰে ফ্লুত মৃত লোকৰ সংখ্যা কমকৈ লিখিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ দিছিল৷ কিন্তু তুলনামূলকভাৱে নিৰপেক্ষ দেশ স্পেইনত এনেধৰণৰ কোনো হেঁচা নাছিল৷ আনকি সেইকালৰ স্পেইনৰ ৰজা অষ্টম আলফোন্সোৰ অসুস্থতাৰ খবৰো কাকতত ছাপা হৈছিল৷ তাৰ ফলতে বিশ্ববাসীৰ মনত ধাৰণ জন্মে৷স্পেইনত এই ৰোগে মাৰাত্মক ৰূপ লৈছে আৰু তাৰ পৰাই এই ৰোগৰ নাম স্পেনিছ ফ্ল নাম হয়৷ এই স্পেনিছ ফ্লত আটাইটকৈ বেছি মৃত্যু হৈছিল যুৱসকল৷ এদল বিশেষজ্ঞৰ মতে এইচ১এন১ ইনফ্লুয়েঞ্জাৰ ভাইৰাছে যুৱক-যুৱতীৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি দিছিল৷ কিন্তু বৰ্তমান বিশেষজ্ঞৰ মতে বিশ্বযুদ্ধৰ সময়ত চিকিৎসালয়, সেনা শিবিৰ বা জনবসতিৰে পূৰ্ণ, অপৰিষ্কাৰ পৰিস্থিতি, অপুষ্টিকৰ আদি একাধিক কাৰণত ইনফ্লুয়েঞ্জাৰ মাৰাত্মক স্পেনিছ ফ্লুৱে তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ আজি ক’ভিড-১৯ৰ স্বাস্থ্য বিধিৰ মতে স্পেনিছ ফ্লু আছিল নিঃশ্বাসজনিত ভাইৰাছ৷ তেতিয়া তাৰ পৰা ৰক্ষা পাবলৈ তৎকালীনভাৱে বিশ্বত সুৰক্ষা বিধি মানি চলিছং৷ যেতিয়া ৰোগী থাকে তেতিয়া চিকিৎসক, চাফাইকৰ্মী, আৰক্ষী আদি সকলোৰে মুখত মাস্ক থাকে৷ তেতিয়াও অসুস্থ লোকক কোৱাৰেণ্টাইনত ৰখা হৈছিল৷ এই কোৱাৰেণ্টাইনত থকাৰ সময়ত সমাজৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল৷ তেতিয়া ছ’চিয়েল মিডিয়া বা টিভি নাছিল৷ একমাত্ৰ ভৰষা আছিল টেলিফোন৷ মানুহক মাস্ক সম্পৰ্কে সচেতন কৰা আৰু কোৱাৰেণ্টাইন থকাত মানুহ পৰস্পৰৰ সৈতে সংযুক্ত কৰি ৰখাত টেলিফোনত কথাবতৰা কৰাৰ সময়ত বিজ্ঞাপন দিয়া ব্যৱস্থা এতিয়াৰ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰাৰ দৰে ব্যৱস্থা আছিল৷

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল স্বামীসহ পৰিয়ালৰ দহজন লোকে লাভ কৰিলে আঁচনিৰ ধন

দৰঙত প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰী চাকৰিয়াল স্বামীসহ পৰিয়ালৰ দহজন লোকে লাভ কৰিলে আঁচনিৰ ধন

দৰং

দৰঙত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আঁচনিত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে৷ কৃষাণ সন্মান নিধি আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰায়েই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূল লক্ষ্য। কিন্তু এই আঁচনিখনত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সংঘটিত হল ব্যাপক দুৰ্নীতি৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অনিয়মক লৈ ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে সকীয়নি প্ৰদান কৰাৰ সময়তে দৰঙৰ ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো এই আঁচনিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াকে লৈ দৰঙত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ শাসকীয় দলৰ জনপ্ৰতিনিধি হোৱা হেতুকে স্বামীয়ে লাভ কৰিলে আঁচনিৰ ধন৷ অভিযোগ অনুসৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰামগাঁৱৰ  শিক্ষক  গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতাৰ স্বামী চৰকাৰী চাকৰিয়াল৷ তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান আঁচনি ধন পাবলৈ সক্ষম হোৱাৰ লগতে সদস্যাগৰাকীৰ স্বামীৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ ১০ গৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাঁওখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে আমুদৰ সৃষ্টি কৰাৰ লগতে প্ৰকৃত কৃষকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। পিছে তদন্তৰ আওতালৈ আহিবনে এই সকল জনপ্ৰতিনিধিৰ কাণ্ডৰ? কৃষকৰ আঁচনিৰ ধন চৰকাৰী চাকৰিয়ালে লাভ কৰিলে দুগুন বৃদ্ধি পাবনে কৃষকৰ আয়? সেয়া হ’ব লাখ টকীয়া প্ৰশ্ন৷

ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী, ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিবলৈ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চললৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ক’ৰোনা ভাইৰাছ ৰোগ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু ৰাজহুৱা ঠাইত থু পেলোৱাটো নিষিদ্ধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰলৈ আহ্বান জনাইছে৷ ৰাজস্থান আৰু ঝাৰখণ্ড চৰকাৰে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে এই সন্দৰ্ভত জাননী জাৰি কৰাক লৈ এক আবেদন আহিছে৷ সকলোবোৰ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীলৈ দিয়া পত্ৰত বৰ্দ্ধনে লিখিছে, ধূমপানহীন দ্ৰব্য ব্যৱহাৰকাৰীয়ে জনসাধাৰণৰ মাজতে থু পেলোৱাৰ প্ৰৱনতা আছে৷ বিশেষকৈ ক’ভিড-১৯ৰ দৰে সংক্ৰামক ৰোগ বিয়পোৱাত স্বাস্থ্যৰ বাবে বিপদ আহি পৰে৷ ধোঁৱাহীন ধঁপাতে পৰিৱেশ দূষিত কৰে আৰু ৰোগ বিয়পাব পাৰে৷ এনে দ্ৰব্যই ক’ভিডৰ দৰে ৰোগত বিপদজনক হৈ পৰে৷ ১১ মে’ৰ চিঠিত কেন্দ্ৰীয় মন্ত্ৰীজনে জোৰ দিছিল যে বিশ্বজুৰি ধঁপাত ব্যৱহাৰ জনস্বাস্থ্যৰ বাবে বৃহৎ ক্ষতি৷ তেওঁ ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে জনসাধাৰণৰ ওচৰত ধূমপানহীন দ্ৰব্য সেৱন আৰু থু নেপেলাবলৈ আবেদন কৰাৰ কথা উল্লেখ কৰে৷ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে এনে দ্ৰব্য নিষিদ্ধ কৰি স্বচ্ছ ভাৰত অভিযানতো কাম কৰা হ’ব৷ উল্লেখ্য যে ৰাজস্থান চৰকাৰে এক অধ্যাদেশ যোগে ক’ৰোনা ৰোধৰ ক্ষেত্ৰত পান, গুটকা আৰু ধঁপাত বিক্ৰী বন্ধ কৰাৰ লগতে ৰাজহুৱা ঠাইত থু পেলোৱা নিষিদ্ধ কৰিছে৷