Home Blog Page 3448

লামডিঙত বিদ্যালয় মাচুল প্ৰদান কৰাক লৈ উত্তেজনাময় পৰিৱেশ : ডন বছক’ বিদ্যালয়ৰ কৰ্তৃপক্ষই লকডাউনৰ সময়চোৱাত মাচুল জমা দিবলৈ হেঁচা অভিভাৱকক

লংকা

লামডিঙত শনিবাৰে ডন বছক’ বিদ্যালয়ত সংঘটিত হৈছে উত্তেজনাময় পৰিবেশ৷ লকডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয় সমূহক মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ বাবে নিৰ্দেশ দিছিল যদিও চৰকাৰী নিৰ্দেশনাক কেৰেপ নকৰাৰ গুৰুত্ব অভিযোগ উঠিছে বিদ্যালয়খনৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি লকডাউনৰ সময়ত বিদ্যালয়খনৰ বাছ চলাচল বন্ধ থকাৰ পাছতে বিদ্যালয়ৰ কৰ্তৃপক্ষই বাছৰ বাবদ অভিভাৱকৰ পৰা সম্পূৰ্ণ বাছৰ বাছৰ মাচুল আৰু বিদ্যালয় মাচুল দাবী কৰে৷ এপ্ৰিল-মে’-জুন মাহৰ সম্পূৰ্ণ মাচুল দাবী কৰাক লৈ শতাধিক অভিভাৱকে বিদ্যালয়খনৰ চৌহদ ঘেৰাও কৰি উত্তেজনাময় পৰিবেশ সৃষ্টি কৰে৷ আনফালে শিক্ষাৰ্থীসকলক মোবাইলৰ হোৱাটআপ জড়িতে অনলাইন ক্লাছ ব্যৱস্থা কৰিছে যদি ইয়াতো ব্যাপক খেলিমেলি হৈছে বুলিও অভিযোগ কৰিছে অভিভাৱকে৷ ঘটনাস্থলীত বিদ্যালয়খনত লামডিং শাখাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ উপস্থিত হৈ চৰকাৰী নিৰ্দেশনা অনুসৰি মাচুলৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়াৰ লগতে অভিভাৱক তথা শিক্ষাৰ্থীক কোনো হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব বুলি দাবী জনায় বিদ্যালয়ৰ কৰ্তপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ লামডিঙৰ ব্যক্তিগত বিদ্যালয় ডন বছক’ৰ এনে কৰ্মকাণ্ডক শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনায় লামডিং এভিবিপিয়ে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমক মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিদ্যালয়খনৰ অধ্যক্ষ ফ্ৰাডাৰ থমাছ ৷

ৰেচনকাৰ্ড থকা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ জিলা প্ৰশাসন

নাজিৰা

শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ ( এন এফ এছ এ ) আঁচনিৰ অধীনত পৰিয়াল পৰিচয় পত্ৰ তথা ৰেচন কাৰ্ড আহৰণ কৰা আৰ্থিকভাৱে সচ্ছল অযোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তনৰ ব্যৱস্থা কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। জিলাখনৰ বিভিন্ন অঞ্চলত বহুতো অযোগ্য হিতাধিকাৰীয়ে এন এফ এছ এ আঁচনিৰ অধীনত ৰেচন কাৰ্ড আৰু চাউল উপভোগ কৰি থকা বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে শেহতীয়াকৈ জাৰি কৰা এক গোহাৰি যোগে জিলাখনৰ চৰকাৰী চাকৰিয়াল, পেন্সনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, সচ্ছল ব্যৱসায়ী তথা সচ্ছল খেতিয়কৰ লগতে চাৰিচকীয়া বাহনৰ অধিকাৰী পৰিয়াল আৰু যিসকলৰ এই চাউলৰ কোনো প্ৰয়োজন নাই, তেনে পৰিয়ালসমূহক ১৫ জুনৰ ভিতৰত স্বেচ্ছাই তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ আবেদনসহ উপায়ুক্ত কাৰ্যালয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ত সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। অন্যথাই জিলা প্ৰশাসনৰ নিজাববীয়া অনুসন্ধানত এনে কোনো পৰিয়ালে যদি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হয়, তেন্তে সংশ্লিষ্ট আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ব শিৱসাগৰ জিলা প্ৰশাসন। শিৱসাগৰ জিলাত  বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালেও এই আঁচনিৰ অধীনত বিনামূলীয়া চাউল লাভ কৰাৰ লগতে এনে কৰ্মচাৰীৰ পত্নী, মাতৃৰ নামত কেনেদৰে বছৰ বছৰ জুৰি চাউল লাভ কৰি আহিছে সেই সন্দৰ্ভত তথ্য পোহৰলৈ অহাত শিৱসাগৰ জিলা প্ৰশাসনে এনে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি জিলা উপায়ুক্তৰ স্বাক্ষৰিত এক জাননীত প্ৰকাশ৷

লকডাউনে নাজিৰাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

নাজিৰা

ক’ভিড-১৯ ক’ৰোনা ভাইৰছ সংক্ৰমণৰ আতংকময় পৰিস্থিতিত অব্যাহত থকা লকডাউনে সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ অধিকাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ। এই অন্ধকাৰময় জীৱনত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈ এই ব্যৱসায়ীসকলৰ পৰিয়াললৈও নমাই আনিছে অমানিশা৷ অসমত অব্যাহত থকা লকডাউনৰ বাবে ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলে ব্যৱসায়-বাণিজ্যত কোনো সচ্ছলতা লাভ কৰা নাই আৰু শেহতীয়াকৈ তৃতীয় পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত কিছু শিথিলতা দিয়াত এক তৃতীয়াংশ দোকান খুলি ব্যৱসায়ীসকলৰ জীৱনলৈ প্ৰাণ সঞ্চাৰ হোৱা নাই। দৈনিক উপাৰ্জনৰ ভিত্তিত পৰিয়াল পোহ-পাল দি অহা নাজিৰাৰ ৯৮ শতাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ীসকলে লকডাউনৰ কবলত পৰি ক’তো বেপাৰ বাণিজ্য কৰিবলৈ ওলাই যাব নোৱাৰা হ’ল আৰু শাক-পাচলিৰ নাটনি, গেলামালৰ দোকানক বাদ দি অন্যান্য ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ দোকান-পোহাৰ সমূহৰ দীঘলীয়া বন্ধ, কাপোৰ-কানিৰ দোকান বন্ধ, বৰ্তমান এক তৃতীয়াংশ খুলিলেও গ্ৰাহক পাবলৈ নাই লকডাউনৰ বাবে। ৰিক্সা-অট’ৰিক্সা, টেক্সি চলাই যিসকলে পৰিয়াল চলাই আহিছে, নাপিত, মুচীসকলৰ দৈনিক উপাৰ্জন বন্ধ৷ আনকি ভাৰাঘৰ লৈ দোকান চলাই থকা সকলৰ ঘৰভাৰা দিবলৈও সামৰ্থ হেৰাই যোৱাত এই সকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে পৰিয়াল পোহপাল দিয়াত জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ উপৰি পেটৰ ভোক পেটতেই নিয়াবলৈ প্ৰয়াস কৰাৰ পৰিস্থিতি হৈছে। আনহাতে বেংকৰ পৰা ঋণ লৈ দোকান চলাই থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও বেংকৰ ঋণ সময়মতে ঘূৰাই দিব নোৱাৰি কোঙাহৈ পৰিছে ঋণৰ বোজাত। উল্লেখযোগ্য যে নাজিৰা মহকুমাত নাজিৰাকে ধৰি শিমলুগুৰি, গেলেকী, লাকুৱা, নামতি, মেজেঙ্গা, বালিঘাট, চণ্টক, বিহুবৰ, লক্ষ্মীজান, মেকীপুৰ, লিগিৰীপুখুৰী, বাহগড়, মিছাজান, মেছাগড় আদি অঞ্চল সমূহকে ধৰি সমগ্ৰ নাজিৰা মহকুমাত প্ৰায় তিনি সহস্ৰাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকান অথবা ঘূমটি দোকান থকাৰ উপৰি স্থানীয়ভাৱে প্ৰতিখন পঞ্চায়ত এলেকাত থকা আৰু নাজিৰা, শিমলুগুৰি নগৰত থকা সাপ্তাহিক বজাৰত খুচুৰা ব্যৱসায়ী সকলে শাক -পাচলি অথবা আন আন খেতিৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যি এপইচা পায় , তাৰেই ঘৰ-পৰিয়াল পোহপাল দি আহিছে। কিন্তু লকডাউনৰ এই বন্ধত ক্ষুদ্ৰ তথা খুচুৰা ব্যৱসায়ীসকলৰ এই উপাৰ্জনৰ সকলোবোৰ পথ বন্ধ হৈ যোৱাত এতিয়া জটিল পৰিস্থিতিৰ মাজত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ পৰিয়াল দূৰ্যোগৰ সন্মুখীন হৈছে। নাজিৰা মহকুমাৰ প্ৰায় ৭৮ শতাংশ ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠান ভাৰাঘৰতে আছে। এই সকলে কি দূৰ্বিষহ জীৱন কটাব লগীয়া হৈছে সেইয়া ভূক্তভোগীসকলৰ বাদে কোনে উপলব্ধি কৰিব পাৰিব। বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ  বিনামূলীয়া চাউল যোগান ধৰিছে যদিও কেৱল চাউল খায়ে পাৰ কৰিব পাৰি জানো বুলিও মতপোষণ কৰিছে ভুক্তভোগীয়ে। ইফালে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ঘৰ ভাৰা লৈ থকাসকলৰ ৫০ শতাংশ ৰেহাইৰ বাবে ঘৰৰ মালিক সকলক আহ্বান জনোৱা হৈছে যদিও কিমান সংখ্যক মালীকে ভাৰা ৰেহাই দিছি সেয়া সহজেই অনুমেয়। বেংকৰ ঋণৰ সুদ আদি ৰেহাইৰ লগতে ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ৰ বাবে ব্যৱসায়ীসকলে অনুজ্ঞাপত্ৰৰ বাবে দিব লগা মাচুল আদিও চৰকাৰে ৰেহাই দিয়াৰ কথা ঘোষণা কৰা নাই। তেনে পৰিস্থিতিত ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ীসকলে ত্ৰাহিমধুসূদন দেখাটো স্বাভাৱিক। 

মিৰ্জাত মাহেকীয়া ই-আলোচনী “অনুপমা” উন্মোচন

নামখলা

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰা সময়তে দক্ষিণ কামৰূপৰ মিৰ্জাৰ এগৰাকী সুলেখিকা শেৱালি দাসে এই লকডাউনৰ সময়তে “অনুপমা” নামৰ এখনী মাহেকীয়া ই-আলোচনী উন্মোচন কৰে৷ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটি যোৱা ১৫ মে’ৰ দুপৰীয়া ১২ বজাত উন্মোচন কৰা হয় “অনুপমা”ৰ মুখ্য সম্পাদক শেৱালি দাসৰ বাসগৃহত। উন্মোচন কৰা সময়ত উপস্থিত থাকে  আলোচনীখনৰ বেটুপাতৰ মডেল মিকি ঠাকুৰীয়া আৰু সৌন্দৰ্য চৰ্চা শিতানত ঘৰুৱা ১০টা  টিপছ আগবঢ়োৱা তুলিকা ঠাকুৰীয়াৰ লগতে মুখ্য সম্পাদকগৰাকীৰ পৰিয়ালবৰ্গ। আনহাতে ৬৫ পৃষ্ঠা জোৰা এই আলোচনীখনত নাৰীৰ বিভিন্ন সমস্যা দাঙি ধৰাৰ লগতে গল্প, কবিতা, অনুগল্পও প্ৰকাশ পাইছে। তদুপৰি এই আলোচনীখনৰ ক্ষেত্ৰত  বিভিন্ন দিশত দিহা পৰামৰ্শ আৰু উৎসাহিত কৰা বাবে ৰাতুল দাস শৰণীয়াক মুখ্য সম্পাদকগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই আলোচনীখন পঢ়িব বিচাৰিলে শেৱালি দাসৰ ফেচবুক প্ৰফাইলত গৈ পোৱা লিংকত ক্লিক কৰিলেই পায়৷ উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি  নিজৰ জীৱনকো তুষ্ট কৰি জৰুৰী সেৱাৰ সৈতে জড়িত হৈ থকা এই অঞ্চলৰ স্থানীয় সাংবাদিকসকলক একোখন কৈ ফুলাম গামোচা, মাস্ক আৰু ছেনিটাইজাৰে সম্বোধনা জনাই কৃতজ্ঞতা জ্ঞাপন কৰে৷

ডুমডুমাত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ডুমডুমাত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ডিৰাক সীমান্ত

সমগ্ৰ বিশ্বত কৰ’ণা মহামাৰিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধৰ বাবে ভাৰত বৰ্ষত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ মাজতে চৰকাৰৰ নীতি-নিৰ্দেশনাৰ প্ৰতি পূৰ্ণ সঁহাৰি জনায় সামাজিক দূৰত্ব বজাই ৰাখি ডুমডুমা শাখা সাহিত্য সভা প্ৰাঙ্গণত আজি ডুমডুমা শাখাই ইলোৰা বিজ্ঞান মঞ্চৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰে। শাখাৰ সভাপতি ঝিকানন্দ বৰগোঁহাইয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে মহীয়সী নাৰী ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত তেওঁৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই৷ শাখাৰ কাৰ্যকৰী সভাপতি তাৰিণী ডেকাই উপস্থিত ৰাইজৰ সমূখত চমুকৈ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে শাখা সাহিত্য সভাৰ সম্পাদক দেবেন ডেকা, সদস্য সঞ্জু নাথ, ইলোৰা শাখাৰ কোষাধ্যক্ষা সুফলা মৰাণ, সদস্যা ননী ডেকা উপস্থিত থাকে৷

সাংবাদিক কল্যাণ পুঁজি, কৰুণাধাৰা, হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ আহ্বান : টংলাৰ সাংবাদিক ধনেশ্বৰ ৰাভা বৃক্কৰোগত আক্ৰান্ত

ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা বৰ্তমান বৃক্কৰোগত আক্ৰান্ত

মঙলদৈ

ওদালগুৰি জিলাৰ টংলা কছাৰীতল নিবাসী, সাংবাদিক ধনেশ্বৰ ৰাভা (৩৮) বৰ্তমান শয্যাগত। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ বৃক্কৰোগত আক্ৰান্ত। দৰিদ্ৰতাই কোঙা কৰা এই সাংবাদিকজনে অৰ্থৰ অভাৱত নিয়মীয়াকৈ কৰিব পৰা নাই উন্নত চিকিৎসা। দুটা সন্তানৰ পিতৃ ধনেশ্বৰ ৰাভাই সেয়ে ৰাজ্যখনৰ বিভিন্ন দল সংগঠন, হৃদয়বান ব্যক্তি, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সাংবাদিক কল্যাণ পুঁজি, মুখ্যমন্ত্ৰী সাহায্য পুঁজি, সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত গঠন হোৱা মানৱতাবাদী সংগঠন ‘কৰুণাধাৰা’ আদিৰ পৰা বিচাৰিছে অৰ্থ সাহায্য। জানিব পৰা মতে, অধুনালুপ্ত ‘আজি, দৈনিক যুগশঙ্খ, প্ৰতিবেদন, নিউজ টাইম অসম, প্ৰতিদিন টাইমত সংবাদ সেৱা কৰি বৰ্তমান অসমীয়া খবৰ কাকতৰ ভেৰগাঁৱৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধনেশ্বৰ ৰাভা বৃক্কৰোগত আক্ৰান্ত হোৱা বুলি জানুৱাৰী মাহত ধৰা পৰাৰ পিছৰে পৰা মুৰত সৰগ ভাগি পৰে। কছাৰীতল নিবাসী মনপুৰ ৰাভা আৰু গোসাঁনী ৰাভাৰ চতুৰ্থ সন্তান ধনেশ্বৰ ৰাভাই পিতৃ – মাতৃ, পত্নী সুমিত্ৰা ৰাভা, দুই সন্তান বিবেক ৰাভা আৰু কমলোচনা ৰাভা ভৰণপোষণ দিয়াটোৱেই কঠিন হৈ পৰিছে। তাতে এনে এক জটিল ৰোগত আক্ৰান্ত হৈ তেওঁ উৱাদিহ পোৱা নাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু দিছপুৰ পলি ক্লিনিকত চিকিৎসা লৈ থকা ধনেশ্বৰ ৰাভাক চিকিৎসকে সপ্তাহত দুবাৰকৈ ডায়েলেচিছ কৰিব কৈছে যদিও ধনৰ অভাৱৰ বাবে কেতিয়াবা সপ্তাহত এবাৰো কৰিব নোৱাৰে ডায়েলেচিছ। বি টি এ ডি সাংবাদিক সংস্থাৰ সাংগঠনিক সম্পাদক, আপকুৰ ওদালগুৰি জিলা সমিতিৰ সহকাৰী সম্পাদক, টংলা প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক ধনেশ্বৰ ৰাভাৰ উন্নত চিকিৎসাৰ বাবে ১৫ – ১৬ লাখ টকা প্ৰয়োজন হ’ব চিকিৎসকৰ সূত্ৰে প্ৰকাশ। কিন্তু একেলগে এক লাখ টকা আজিলৈ দেখা নোপোৱা সাংবাদিকজনৰ বাবে ১৫ লাখ টকা চিকিৎসাৰ বাবে ব্যয় কৰিব পৰাটো দুৰূহ কাম বিবেচিত হৈছে। যাৰ বাবে দিক বিদিক হেৰুৱাই পেলোৱা সাংবাদিকজনে উন্নত চিকিৎসাৰ বাবে ৰাইজৰ সহায় সহযোগ বিচাৰি ভাৰতীয় ষ্টেট বেংকৰ টংলা শাখা (আইএফএছচি – এছবিআইএন ০০০৭১১৮) ত থকা বেংক একাউণ্ট ৩১২২২৯০৮৮০৫ নম্বৰত জমা দিবলৈ অথবা ৯১০১২-৩৩৮৯৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে।

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে অন‍্যতম উপযুক্ত সাধন

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ'ব পাৰে অন‍্যতম উপযুক্ত সাধন

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম, কঁঠাল, জামুক, লেটেকু, পনিয়লৰ খাওঁতা নাছিল এটা সময়ত। আজি দিন সলনি হ’ল যদিও এই ফল-মূলৰ উৎপাদন তুলনামূলকভাবে কমা নাই। অথচ ইয়াৰ বাণিজ‍্যিক লাভা-লাভ আহৰণৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই।   

এতিয়া সমাগত জহৰ দিন। এইয়া বিধে-বিধে ফল লগাৰ বতৰ। লকডাউনৰ সময়ছোৱাত নিৰৱে-নিঃশব্দে প্ৰকৃতিয়ে ৰূপ সলাইছে। অসমৰ গাঁৱে-ভূঞে, চুকে-কোনে বিভিন্ন ফলৰ গছত শোভা কৰিছে বিভিন্ন টেঙা-মিঠা-কেহা ফলে। এই ফল-মূলবোৰৰ উপকাৰীতা বা ঔষধি গুণৰ বিষয়ে পুণৰাই কোৱাৰ প্ৰয়োজন নাই যদিও অসমীয়াই এই ফলবোৰৰ উপযুক্ত মৰ্যাদা দিব জনা নাই।         

 ফলৰ ৰজা আম, কঁঠাল, জামুক, সুমথিৰা বেল, লেটেকু, পনিয়ল, লিচু, আহোম-বগৰী, প্লাম, ডালিম, অমৰা, আমলখী, টেঙাজাতীয় ফল – পৰা-আমলখী, কৰ্জা, ৰবাব টেঙা, বৰ টেঙা, চকলা টেঙা, বিলম্ব বা পটল টেঙা আদি বিধে-বিধে এতিয়া গছৰ ডাল শোভা কৰিছে।      

     ডালিম, লিচু, লেটেকু, পনিয়ল, আহোম বগৰী, বেল আদি কিছু ফল ইতিমধ‍্যে খাবৰ হৈছে। ফলৰ ৰজা আমৰ আচাৰ প্ৰস্তুতৰ সময় এইয়াই। পদুনাৰে চাট্‌নি খোৱা লোভ হয়তু সকলোৰে আছে । জলফাই, ঔটেঙা, আনাৰসৰ ফুল ফুলিছ, ঠিক তেনদৰে ৰবাব টেঙা, সুমথিৰা, অমৰা, প্লাম, আমলখী, জামুকৰ কলি পেলাইছে‌।

           অসমৰ থলুৱা ফল-মূলৰ বাণিজ‍্যিক লাভা-লাভৰ ক্ষেত্ৰত অসম মুঠেই আগবঢ়া নহয়। কাৰণ যিয়েই নহওক, কিন্তু এই জটিল সময়ছোৱাত স্বনিৰ্ভৰশীল হোৱাৰ যি এক বসনা মানুহৰ মনত জাগৃত হৈছে, সেই বাসনাক প্ৰকৃত ৰূপ দিবলৈ অসমৰ থলুৱা ফল-মূল এক অন‍্যতম সাধন হ’ব পাৰে। এই ক্ষেত্ৰত ৰাজ‍্যৰ আগ্ৰহী নিবনুৱাক কৃষি-ভিত্তিক উদ‍্যোগ স্থাপন কৰি অসমত উৎপন্ন হোৱা প্ৰচুৰ পৰিমাণৰ ফল-মূলক বাণিজ‍্যিক ক্ষেত্ৰখনত আগুৱাই যোৱাৰ এক বলিস্থ পদক্ষেপ অসম চৰকাৰৰ কৃষি আৰু বিপনন বিভাগটোৱে ল’ব পাৰে। এনে পদক্ষেপ ল’বৰ ইয়ে এক উপযুক্ত সময়। জহকালৰ ফলমূলবোৰৰ কিছুসংখ‍্যক খাব পৰা হৈছে, আন কিছুসংখ‍্যক দুই-এমাহৰ ভিতৰতে খাব পৰা হ’ব। বিশেষকৈ টেঙা জাতীয় ফলৰ ক্ষেত্ৰত অসম বিশেষভাবে চহকী। টেঙাজাতীয় ফল মানে আচাৰ বা ৰস বাবে উপয়ুক্ত। তদুপৰি আম, লিচু, আনাৰসো অসম তথা উত্তৰ পূৱত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। তৎস্বত্বেও আচাৰ, ফলৰ ৰস, জাম-জলীৰ ব‍্যৱসায়ীক উৎপাদনত অসমৰ অৱস্থা মুঠেই সন্তোষজনক নহয়‌। এছিয়াৰ এখন বৃহৎ কলৰ বজাৰ থকাৰ পিছতো অসমে কলৰ পৰা প্ৰস্তুত হোৱা বিভিন্ন ৰুচিকৰ খাদ‍্য বা জনপ্ৰিয় ‘বানানা শ্বেক’ অসমত উৎপাদন নহয়। 

         এই জটিল সময়ছোৱাত পৃথিৱীৰ মানৱ জাতিয়ে লাভ কৰা আত্মনিৰ্ভৰতাৰ শিক্ষাই অসমৰ বাণিজ‍্যিক ক্ষেত্ৰখনতো আত্মনিৰ্ভৰ হোৱাৰ বাটত প্ৰশস্ত কৰিব। এই বাটত নিশ্চয়কৈ সাধন হিচাপে চিহ্নিত কৰিব পাৰি অসমৰ থলুৱা ফলমূলক। এই লকডাউনৰ সমছোৱাত অত‍্যাধুনিক সংৰক্ষণৰ আহিলা বা সাধনৰ অভাৱে অসমত উৎপাদিত হোৱা শাক-পাচলি নষ্ট হ’ল, কৃষকৰ দুৰৱস্থা হ’ল। সমগ্ৰ অসমত উৎপাদিত বিলাহী, জলকীয়া যিটো হাৰত নষ্ট হ’ল, সি আছিল অভাৱনীয়। কিন্তু এই দুয়োবিধ পাচলি সংৰক্ষণযোগ‍্য খাদ‍্য আচাৰ, চচ জাতীয় খাদ‍্য সামগ্ৰীৰ বাবে অতি উপযুক্ত। কিন্তু চৰকাৰী হেমাহীয়ে হওক বা আন কাৰণেতেই হওক শাক-পাচলি ব‍্যাপক হাৰত নষ্ট হ’ল। এতিয়া সমাগত সময়ত অসমৰ গাঁৱে-ভূঞে উৎপাদন হ’বলগীয়া বৃহৎ পৰিমাণৰ ফল-মূলৰ অৱস্থা যাতে বিলাহী-জলকীয়াৰ দৰে নহয়, তাৰ প্ৰতি চৰকাৰে এতিয়াৰ পৰাই সু-পৰিকল্পিত আঁচনিৰ জৰিয়তে অসমৰ অৰ্থনেতিক অৱস্থাৰ উন্নতিৰ ব‍্যৱস্থা কৰক। এনে পৰিকল্পনাই অসমৰ অজস্ৰজনক সংস্থাপনৰ বাট মুকলি কৰিব।

ৰূপজ‍্যোতি গোস্বামী

কলিয়াবৰ, নগাঁও ফোন : ৯৭০৬০৪৪৯৩৪

দৰঙত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা

মঙলদৈ

ৰাজ্যৰ বাহিৰৰ পৰা আহি দৰঙত উপস্হিত হোৱা লোকৰ স‌ংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰে পুৱতি নিশাও ১৫ জনকৈ লোক আহি উপস্থিত হৈছে  জিলাখনত৷ আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে তিনিজনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰখাৰ বিপৰীতে  দুজনকৈ লোকক দুনী আদৰ্শ চিকিৎসালয় আৰু খাৰুপেটীয়া সামূহিক চিকিৎসালয়ত আৰু ৮ জন লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। লক্ষ্যণীয়ভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা ৮ জন লোকৰ ভিতৰত এগৰাকী কৰ্কট ৰোগী৷ ইতিমধ্যে  আটাইকেইজনৰে  শ্লেষৰ নমুনা সংগ্ৰহ কৰি কভি’ড- ১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই আটাইকেইজনলোক চেন্নাইৰ পৰা ৰে’লযোগে আহি দৰঙত উপস্থিত হৈছিল। বৃহস্পতিবাৰে উপস্থিত হোৱা ছজন লোককে ধৰি এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা আহি দৰঙত উপস্থিত হোৱা লোকৰ সংখ্যা দুটি শিশুসহ হ’লগৈ মুঠ ২১ জন৷ ইফালে বৃহস্পতিবাৰে ৫৮ টা শ্লেষৰ নমুনা কভিড-১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে৷ আনহাতে বুধবাৰ পৰ্যন্ত জিলাখনৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিওৱা ৫৫৮ টা  শ্লেষৰ নমুনাৰ  ভিতৰত ৩৯১ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই কভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই।

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ বিজেপিৰ হোজাই জিলা সমিতিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি

লংকা

লংকাৰ এগৰাকী মহিলাক টকা দিয়াৰ প্ৰলোভনেৰে  ধষৰ্ণৰ চেষ্টা কৰাৰ অভিযোগত  হোজাই জিলাৰ লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হোজাই জিলা বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ সভাপতি ক’মৰুল হক চৌধুৰীক। লংকা আৰক্ষীয়ে নিজ ঘৰৰ পৰা আটক কৰে বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ জিলা সভাপতিজনক। লংকা আৰক্ষীয়ে ২১৯/২০  নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত বিজেপি নেতাজনক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫১১/৫০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ যে মহিলাগৰাকীৰ স্বামীয়ে কমৰুল হকৰ পৰা ৩৫ হাজাৰ টকা পোৱাৰ অজুহাতত পোৱা টকাখিনি ওভতাই দিম বুলি ১১ মে’ৰ দিনা মহিলাগৰাকীক কমৰুলে ঘৰলৈ মাতি অনাৰ পিছত নিজৰ কোঠা বন্ধ কৰি ধৰ্ষণৰ  চেষ্টা কৰা বুলি মহিলাগৰাকীয়ে লংকা আৰক্ষী থানাত ধৰ্ষণৰ অভিযোগত এজাহাৰ দাখিল কৰে।আনহাতে কমৰুলৰ গ্ৰেপ্তাৰৰ খবৰ লাভ কৰি কিছু বিজেপি কৰ্মীয়ে লংকা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শেহতীয়াকৈ জানিব পৰা মতে ৰাজ্যিক সাধাৰণ সম্পাদকে এক নিৰ্দেশ যোগে কমৰুলক নিলম্বন কৰা হৈছে।  অসামাজিক কাৰ্যত জড়িত থকাৰ বাবে সংখ্যালঘু মৰ্চাৰ সভাপতি পদৰ পৰা সকলো দায়িত্ব আৰু দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰা হৈছে।  ইপিনে সংবাদ মাধ্যমৰ আগত সভাপতি ক’মৰুল হকে কয় যে  এয়া তেওঁৰ বিৰুদ্ধে মাথোঁ এক ষড়যন্ত্ৰ৷ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে এটা ফেচবুক প’ষ্ট দিয়াৰ পাছতে তেওক ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীয়ে ভূৱা গোচৰত তেওঁক  গ্ৰেপ্তাৰ কৰিছে বুলি মত প্ৰকাশ কৰে৷

টিংখাঙত দুটা কোৱাৰেণ্টাইন শিবিৰ : তিনি পৰিয়াল হোম কোৱাৰেণ্টাইন

টিংখাং

বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল নিজ গৃহলৈ ক’ৰোনা ভাইৰাছৰ বাবে ঘূৰি আহিছে।এইলোকসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত স্থানীয় প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত দুটা কোৱাৰেণ্টাইন শিৱিৰ স্থাপন কৰিছে। জানিব পৰা মতে বৃহত্তৰ টিংখাং অঞ্চলৰ তিনি সহস্ৰাধিক লোক বহিঃৰাজ্যত কৰ্মৰত হৈ আছে। ইয়াৰে অধিক সংখ্যক লোক নিজা ঘৰলৈ অহাৰ আগ্ৰহ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ দুগৰাকী লোক প্ৰথমখন ৰে’লত আহি ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এই দুয়োগৰাকীকে জিলাখনৰ জকাইত স্থাপন কৰা কোৱাৰেণ্টাইন শিবিৰত স্বাস্থ্য বিভাগে ৰখা বুলি লগতে জানিব পৰা গৈছে৷ বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰবাবে টিংখাঙৰ শ’লগুৰি উচ্চ মাধ্যমিক আৰু শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই দুটা শিৱিৰ স্থাপন কৰিছে। শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত থকা শিবিৰত পঞ্চাছ গৰাকী আৰু আনটো শিবিৰত পঞ্চাছ গৰাকী মুঠ এশ গৰাকীলোকক  কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে।শিবিৰ দুয়োটাতে বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা স্থানীয় অঞ্চলটোৰ লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। স্থানীয় প্ৰশাসন কোৱাৰেণ্টাইনৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। এই পৰ্যন্ত বহিঃৰাজ্যৰ পৰা কোনো লোক শিবিৰলৈ অহা নাই যদিও দুই এদিনৰ ভিতৰতে বহুলোক ৰে’ল যোগে আহি  পাবহি । এই দুটাৰ শিবিৰৰ লগতে অঞ্চলটোৰ কেবাখনো শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ সম্ভাৱনা আছে। স্থানীয় আৰক্ষীয়ে শিবিৰ দুটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে। ইপিনে অঞ্চলটোৰ দিল্লীবাৰী আৰু সাপকাঁইটৰ তিনিটা পৰিয়ালক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে। গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ পৰা চিকিৎসা কৰি ঘৰলৈ অহা দিল্লীবাৰীৰ এজন ৰোগীৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰা হৈছে। এই ৰোগীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা সাপকাঁইটৰ ৰোগীৰ আত্মীয় দুটা পৰিয়ালকো হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। উল্লেখ্য যে বি বৰুৱা হাস্পতালত কৰ্মৰত এগৰাকী লোকৰ আত্মীয় ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যুক সাৱতি লোৱাৰ পিছতে চিকিৎসালয়খনত চিকিৎসা লোৱা ৰোগীসকলক বিশেষ সতৰ্কতা অৱলম্বন কৰি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে।