Home Blog Page 871

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ! শীর্ষ স্থানত যোৰহাটৰ অনুৰাগ দলৈ…


ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শীর্ষ ৫টা স্থানত উত্তীর্ণ –
প্রথম স্থানত যোৰহাটৰ অনুৰাগ দলৈ

দ্বিতীয় স্থানত বিশ্বনাথৰ ঝর্ণা শইকীয়া

তৃতীয় স্থানত মাজুলীৰ মানসপ্ৰতিম শইকীয়া

চতুৰ্থ স্থানত বৰপেটাৰ বেদান্ত চৌধুৰী

পঞ্চম স্থানত নগাঁৱৰ দেৱাশ্ৰী কাশ্যপ

বন্ধৰ দিনত এই ৫টা স্বাস্থ্যকৰ, সোৱাদযুক্ত খাদ্য ব্ৰেকফাষ্টত খাওক, দেখিব শৰীৰৰ পৰিৱৰ্তন…

সপ্তাহটোত এদিন জিৰণি লোৱাৰ দিন আৰু এই দিনটোত মানুহে পৰিয়ালৰ সৈতে বা বন্ধু-বান্ধৱীৰ সৈতে নাইবা নিজৰ মনৰ পছন্দৰ ঠাইত সময় কটাই ভাল পায়। দেওবাৰেই হওক বা সোমবাৰেই হওক, সকলোৱে সোৱাদযুক্ত ব্ৰেকফাষ্ট খাই ভাল পায়, আমি আপোনালোকক আজি কম আপুনি কেনেকৈ উইকেণ্ড ব্ৰেকফাষ্টক স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত কৰি তুলিব পাৰে।

ব্ৰেকফাষ্ট দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয়।

এভোকেডো টোষ্ট: এইটোৱেই হৈছে ব্ৰেকফাষ্টত বনাব পৰা আটাইতকৈ সহজ ব্ৰেকফাষ্ট। আপোনাৰ পেটও ভাল হ’ব। ইয়াৰ বাবে প্ৰথমে এভোকেডো লৈ তাৰ পিছত কিছু নিমখ আৰু জালুক ছটিয়াই দিব যদি ইচ্ছা কৰে শুকান ফল দি উপভোগ কৰিব পাৰে।


মানুহে মুগু দাইল খাই বৰ ভাল পায়। প্ৰাপ্তবয়স্কৰ পৰা ল’ৰা-ছোৱালীলৈকে সকলোৱে বৰ ভাল পায়। ইয়াৰ ফলত আপোনাৰ ওজন বৃদ্ধি নহয়, মেদবহুলতাত ভুগিলেও আপুনি ইয়াক গ্ৰহণ কৰা উচিত। ধনীয়া পাত, পিয়াজ, বিলাহী সেউজীয়া ধনীয়াৰ চাটনিৰ লগত খাব মগুমাহৰ ৰুটি বা পুৰি বনাই।


শিশুৱে গ্ৰীল কৰা বাদামৰ মাখন বৰ ভাল পায়, আপুনি ব্ৰেকফাষ্টত বনাব পাৰে এই ৰেচিপি। বনাবলৈ বেছি সময়ও নালাগে। নিমিষতে বনাব পাৰিব। ব্ৰেড গ্ৰীলাৰ চেণ্ডুইচ মেকাৰৰ সহায়ত বনাব পাৰি। বেছি গধুৰ খাদ্য নহয় আৰু সহজে খাব পাৰে। পেট বেয়া হোৱাৰো ভয় নাই।



বহু ঘৰত পনীৰ চিল্লা তৈয়াৰ কৰে। শিশুৱে এই খাদ্য খাই ভাল পায়। ইয়াত প্ৰটিন আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। ঘৰতে সহজে এই ৰেচিপি বনাব পাৰিব।


দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, এইবাৰ স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে

আজি ঘোষণা হ’ব বহু প্ৰতীক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

দিনৰ ১০.৩০ বজাত ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল।

আনহাতে এইবাৰ স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে।

১০ টাকৈ ৱেৱচাইটত উপলব্ধ হ’ব ফলাফল।

ছেবাই মুকলি কৰা ১০টা ৱেবছাইটকেইটা হ’ল-

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

exametc.com

www.schools9.com

assamresult.in

www.jagranjosh.com

www.assam.shiksha

www.vidyavision.com

দেৰগাঁৱত বন্ধ ঘৰৰ ভিতৰত বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

দেৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খঙীয়া ফেটাগাঁৱত ঘৰৰ ভিতৰত শুকুৰবাৰে উৱলি যোৱা ৬৫ বছৰীয়া ৰহিলা দত্ত নামৰ এগৰাকী বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। যোৰহাটৰ ভয়ংকৰ ঘটনাৰ যেন পুনৰাবৃত্তি এইবাৰ দেৰগাঁৱত।অবিবাহিত মহিলাগৰাকী অকলে বসবাস কৰিছিল ঘৰটোত ।শুকুৰবাৰে মহিলাগৰাকীৰ ভতিজাক গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে।


তাৰ পিচতে ঘৰৰ ভিতৰত প্ৰতক্ষ্য কৰে উৱলি যোৱা মৃতদেহটো।যোৱা ৩ মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন।যাৰ পৰিপ্ৰেক্ষিতত ৩ মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ ।
কেনেকৈ কি পৰিস্থিতিত মহিলাগৰাকীয়ে এনে মৃত্যুক সাবটিলে সেয়া এতিয়া ৰহস্যৰ বিষয় ।

দেৰগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।কেনেকৈ কি পৰিস্থিতিত বৃদ্ধা মহিলা গৰাকীয়ে এনে মৃত্যুক সাৱতিলে সেইয়া এতিয়াও ৰহস্যৰ আঁৰত।তদন্তৰ পাচতে পোহৰলৈ আহিব মৃত্যুৰ সঠিক কাৰণ । ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

পূৰ্বৰ অভিলেখ ভংগ কৰি ৮১.০১ শতাংশ ভোটদান মাজুলীত

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অংশ হিচাপে আজি দেশৰ একাংশ সমষ্টিৰ লগতে অসমৰো পাঁচ লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। একেদৰে ১৪ নং যোৰহাট লোকসভা সমষ্টিতো আজি ভোটগ্ৰহণ অনুষ্ঠিত হয়। সমষ্টিটোৰ অন্তৰ্গত মাজুলী বিধান সভা সমষ্টিতো আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহন প্ৰক্ৰিয়া আৰম্ভ হয়। এই লৈ পুৱা ৬ বজাৰ পৰাই মাজুলীৰ ১০ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ লগতে সৰ্বমুঠ ১৭৬ টা ভোটকেন্দ্ৰত পুৱাৰে পৰা বয়োজ্যেষ্ঠ ব্যক্তি, বিশেষভাবে সক্ষম ব্যক্তি, নতুন ভোটাৰ তথা যথেষ্ঠ সংখ্যক মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহি শাৰী পতা পৰিলক্ষিত হয়।

পুৱাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ৬৮ নং আউনীআটী উঃ মাঃ বিদ্যালয়ৰ আদৰ্শ ভোট কেন্দ্ৰত পুৱা ৭ বজাতে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ এখন ৰাষ্ট্ৰৰ প্ৰতি জনসাধাৰণৰ একপ্ৰকাৰৰ দায়বদ্ধতাকে বুজায়। সকলোৱে ইয়াক কৰ্তব্য বুলি ভাবি ভোটাধিকাৰ প্ৰদান কৰা উচিত বুলি সত্ৰাধিকাৰ গৰাকীয়ে উল্লেখ কৰে। ইফালে ৮৬ নং সোণাপাৰা প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়েও পুৱাৰ ভাগতে ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাৰ ভাগতে ২৬ নং আঠিয়াগুৰি মিছিং প্ৰাথমিক বিদ্যালয়ত মাজুলীৰ বিধায়ক ভুৱন গামেও ভোটাধিকাৰ সাব্যস্ত কৰে।


ইফালে মাজুলীৰ কমলাবাৰী অঞ্চলৰ ক্ৰমে লাহলিয়াল প্ৰাথমিক বিদ্যালয়,২ নং ওপৰকাটনি প্ৰাথমিক বিদ্যালয়,নাৰায়ণ চন্দ্ৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়, ১ নং বুনিয়াদী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে ভোটাৰে ভিৰ কৰে। আনহাতে উজনি মাজুলীৰ ক্ৰমে ১২৫ নং ভকতিদুৱাৰ উঃ মাঃ বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ, ১২৬ নং ভকতিদুৱাৰ প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ, লখিমী বৰপমুৱা প্ৰাথমিক বিদ্যালয়, বৰপমুৱা ব্লক এলপি স্কুল, কডালগুৰি এলপি স্কুল, জেংৰাইমূখ হাইস্কুল, ভেউচুক কুমাৰবাৰী এলপি স্কুল, নামনি চেৰেপাই এলপি, চেৰেপাই হাইস্কুল, ২ নং উজনি চেৰেপাই এলপি স্কুল, গোপাল দেউৰী এলপি স্কুল, মাজৰ দেউৰী ট্ৰাইবেল হাইস্কুল, ৯৪ নং কুহিয়াৰবাৰী এলপি, পানিখাটী এলপি, ৯৭ নং শুকান সূতি মায়েঙীয়া এলপি স্কুল, ৯৬ নং ফুটচাং এলপি, ৰতনপুৰ মিৰি হাইস্কুল, ৰতনপুৰ মিৰি এমভি, ৰতনপুৰ গাৰ্লছ, ৰতনপুৰ মিৰি নেহেৰু স্মৃতি এলপি, নামনি লাচন এলপি, ১৪০ নং বনৰীয়া চাপৰি এলপি, ৩২ নং সোনোৱাল কছাৰী এলপি, চাউৰেকিয়া এলপি, ৩৯ নং নামনি গেজেৰা এলপি, টাকাৰচুক আৰু ধূনাখান্দা এলপি স্কুল ভোটকেন্দ্ৰতো পুৱাৰে পৰা ৫ বজালৈকে ভোটাৰ ৰাইজে ভিৰ কৰি ভোটাধিকাৰ সাব্যস্ত কৰে। চিলাকলা, কাঠনিআটীকে ধৰি একাংশ ভোটকেন্দ্ৰত বিয়লি ৪.৪৫ বজালৈকে ৫০০, ৮০০ মানুহে ভোট কেন্দ্ৰত ভিৰ কৰি থকা পৰিলক্ষিত হয়।

যাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত বহু কৰ্মচাৰী উক্ত ভোটকেন্দ্ৰ সমূহত সহায়ৰ বাবে জৰুৰী ভাৱে পঠাবলগীয়া হয়। সেইদৰে মধ্য মাজুলীৰ মৰিটুনি প্ৰাথমিক বিদ্যালয়, মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় (মহিলা) ভোট গ্ৰহণ কেন্দ্ৰ, পীতাম্বৰ দেৱ ছোৱালী হাইস্কুল ( আদৰ্শ )মহিলা ভোট গ্ৰহণ কেন্দ্ৰ, গড়মূৰ বৰসত্ৰ ২০৬ নং খোনাচুক এলপি মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, শংকৰজ্যোতি হাইস্কুল মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, ১ নং কমলাবাৰী প্ৰাথমিক বিদ্যালয় মহিলা ভোটগ্ৰহণ কেন্দ্ৰ, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহিলা ভোটগ্ৰহণ কেন্দ্ৰতো বিয়লিলৈকে ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী দেখা গ’ল। ইফালে নামনি মাজুলীৰ শ্ৰীলুইত হাইস্কুল,বালিচাপৰি এল পি স্কুল,খাৰজান পাৰ হাইস্কুল,কাকৰিকতা এল পি স্কুল আদি ভোট কেন্দ্ৰ সমূহতো অধিকাংশ ভোট পুল হোৱাৰ খবৰ পোৱা গৈছে। ইফালে মাজুলীৰ মূল ভূখণ্ডৰে বিশ্চিন্ন হৈ থকা আঁহতগুৰিৰ আটাইকেইটা ভোটকেন্দ্ৰ, মাজুলীত নতুনকৈ সংযোগ হোৱা লোহিত খাবলু অঞ্চলৰ ভোট কেন্দ্ৰ সমূহতো ৰাইজৰ সহাৰি পৰিলক্ষিত হয়।

ইফালে দক্ষিণপাট অঞ্চলৰ দক্ষিণপাট সত্ৰ হাইস্কুল, দক্ষিণপাট কলিতা গাওঁ এল পি স্কুল,দক্ষিণ পাট কুমাৰ গাওঁ এল পি স্কুল ভোট কেন্দ্ৰতো বাতৰি লিখাৰ পৰলৈকে ভোট কেন্দ্ৰ কেইটিত থকা মুঠ ভোটাৰৰ অধিকাংশই ভোটাধিকাৰ সাব্যস্ত কৰা বুলি জানিব পৰা গৈছে। সেইদৰে বনগাও অঞ্চলৰ বনগাও এম ভি স্কুল, বনগাও ছোৱালী হাইস্কুল,মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰ সমূহতো ভোটদানৰ হাৰ উৎসাহজনক বুলি জানিব পৰা গৈছে। ইফালে তথ্য অনুসৰি পুৱাৰ ভাগত ৩৭ নং জোৰবিল বনিয়া প্ৰাথমিক বিদ্যালয়, ৬১ নং বাঁহপৰা এলপি স্কুল ভোটকেন্দ্ৰত ইভিএম বিকল হোৱাৰ ফলত প্ৰায় ১ ঘন্টা ১৫ মিনিট পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়। আনহাতে ভোটগ্ৰহণ চলি থকাৰ সময়তে ১২৫ নং ভকতিদুৱাৰ উঃ মাঃ বিদ্যালয় ভোটকেন্দ্ৰতো ইভিএম বিকল হৈ পৰাত প্ৰায় ১ ঘন্টা সময় ৰাইজ অশ্বস্তিত ভুগিবলগীয়া হয়। আনহাতে মাজুলীৰ বিধায়ক ভুৱন গামে ভোটদান কৰা ২৬ নং আঠিয়াগুৰি মিছিং প্ৰাথমিক বিদ্যালয়তো ২৫০ লোকে ভোটদান কৰিবলৈ বাকী থকাৰ মুহূৰ্তত বিয়লি ইভিএম বিকল হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰায় এক ঘণ্টা ধৰি ভোটদান বন্ধ থাকে।

বিধান সভা সমষ্টিটোত ভোটদানৰ হাৰ ক্ৰমে পুৱা ৯ বজাত ১১.৬৩%, ১১ বজাত ৩১.৫৪% আৰু ১ বজাত ভোটদানৰ হাৰ ৫০.৪৭% আছিল। সমষ্টিটোত ক্ৰমে ভোটদানৰ হাৰ বৃদ্ধি হৈ বিয়লি ৩ বজালৈকে ৯৪,৮৫১ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে আৰু শতকৰা হিচাপত ৬৭.৩৮% ভোটদান সাব্যস্ত হয়। ইফালে ৫ বজাৰ লগে লগে ভোটগ্ৰহণ অন্ত পৰে যদিও একাংশ ভোটকেন্দ্ৰ তেতিয়াও ভোটাৰে ভোট কেন্দ্ৰৰ ভিতৰত শাৰী পাতি থকাৰ পৰিপ্ৰেক্ষিতত শ্লীপ দি ভোটগ্ৰহণ অব্যাহত ৰাখে। ইফালে ভোটগ্ৰহণৰ নিৰ্ধাৰিত সময়ৰ অন্তত মাজুলীত ভোটদানৰ হাৰ হৈছে প্ৰায় ৮১.০১%। সেই অনুসৰি মাজুলীৰ সৰ্বমুঠ ১,১৪,০৩৯গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাই সমষ্টিটোত ভোটদানৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অভাৱনীয় ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হয়।


বাতৰি লিখাৰ পৰলৈকে সৰু বৰ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে মাজুলীত ভোটগ্ৰহণ শান্তিপূৰ্ণ বুলি ক’ব পাৰি।এইবাৰ মাজুলীৰ ৭১,৪৮৪ গৰাকী পুৰুষ ভোটাৰ আৰু ৬৯,২৮৮ গৰাকী মহিলা ভোটাৰ আছে। মাজুলী সমষ্টিৰ মুঠ ১,৪০৭৭২ গৰাকী ভোটাৰে লোকসভা সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈ,বিজেপিৰ তপন কুমাৰ গগৈ সহ আন দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰিব।

ভোটা অধিকাৰ সাব্যস্ত সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

বৰভেটা নাওশলীয়া গাৱৰ এল পি স্কুলত ভোটাধিকাৰ সাব্যস্ত যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক তথা বিধান সভা প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ।প্ৰথম অৱস্থাত বতৰ বেয়া হোৱাৰ বাবে ভোটদান হাৰ কম হ’ব বুলি ভয় খাইছিল যদিও সেই ভয় নাইকিয়া হল কাৰণ বতৰ ফৰকাল হৈ পৰিল ।

সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান বিধায়ক গোস্বামীৰ লগতে তেওঁ কয় সকলো আহি ভোট দি ভোট দানৰ হাৰ ৮০ পৰা ৮২শতাংশ লৈ নিবলৈ আহ্বান জনাইছিল ,তেতিয়াহে গণতন্ত্ৰ অধিক শক্তিশালী হ’ব।আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ নাজিৰ আলিত থকা পিতৃ বাসভৱনত উপস্থিত হৈ প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ন কৰি ১০নং বাৰ্ডত থকা যোৰহাট দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত গৌৰৱ গগৈয়ে সাধাৰণ ভোটদাতা ৰাইজৰ দৰে শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।

গৌৰৱ গগৈৰ লগত খুড়াক দীপ গগৈ আৰু খুড়ীকে ভোটাধিকাৰ সাব্যস্ত কৰে।আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰি গৌৰৱ গগৈয়ে কয় ৰ্যে এইয়া লোকতন্ত্ৰ ৰক্ষাৰ যুজঁ, আৰু তেওঁ বিপক্ষ প্ৰাৰ্থী তপন কুমাৰ গগৈ ব্যক্তিগত আক্ৰমণ নকৰি নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত গৌৰৱ গগৈক বহুত আৱেগিক দেখা পোৱা গৈছিল।

উল্লেখ্য ৰ্যে ১৪নং যোৰহাট লোকসভা সমষ্টি ১০টা বিধানসভা সমষ্টিৰে গঠিত আৰু ১৭,১৮,২৭২ গৰাকী ভোটাৰে পাচগৰাকী প্ৰাৰ্থীক ভাগ্য নিৰ্ণয় কৰিব।লোকসভা সমষ্টিৰ এইবাৰ পুৰুষ ভোটাৰ বিপৰীতে মহিলা ভোটাৰ সংখ্যা সাৱাধিক।এইবাৰ ১৮ বছৰ পৰা ১৯বছৰ ভোটাৰ সংখ্যা হল২৯৪৬৩ জন।

লখিমপুৰত শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ সম্পন্ন…

অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ১২ নং লখিমপুৰ লোকসভা সমষ্টিত বিয়লি ৫ বজা পৰ্যন্ত প্ৰায় ৭০ শতাংশ ভোটদান সাব্যস্ত হয় । উল্লেখ্য যে, এইবাৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ১৫,৬৯,৫৩১ গৰাকী ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পূৰ্বৰ মাজুলী আৰু চাবুৱা সমষ্টি দুটা ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টি আৰু চিচিবৰগাঁও সমষ্টিক এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰে নিৰ্বাচনী অংকত একপ্ৰকাৰ আউল লাগিছে। তথ্যমতে, এইবাৰ লোকসভা সমষ্টিটোত অন্তৰ্ভুক্ত হোৱা ৰঙানদী বিধানসভা সমষ্টিৰ ১,৬৯,৮৫৫ গৰাকী ভোটাৰে ১৮৫ টা ভোটকেন্দ্ৰত, নাওবৈচা বিধানসভা সমষ্টিৰ ১,৬৮,৫১১ গৰাকী ভোটাৰে ১৮৭ টা ভোটকেন্দ্ৰত, লখিমপুৰ বিধানসভা সমষ্টিৰ ১,৬৬,৫০৯ গৰাকী ভোটাৰে ১৮১ টা ভোটকেন্দ্ৰত, ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১,৬০,৮৯৬ গৰাকী ভোটাৰে ১৯৮ টা ভোটকেন্দ্ৰত, ধেমাজি বিধানসভা সমষ্টিৰ ১,৭১,৬০২ গৰাকী ভোটাৰে ১৯২ টা ভোটকেন্দ্ৰত,

নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ১,৭৫,২০২ গৰাকী ভোটাৰে ২০১ টা ভোটকেন্দ্ৰত, জোনাই বিধানসভা সমষ্টিৰ ২,১৪,০৯৫ গৰাকী ভোটাৰে ২৩৩ টা ভোটকেন্দ্ৰত, শদিয়া বিধানসভা সমষ্টিৰ ১,৯৯,৬৬৫ গৰাকী ভোটাৰে ২৩৭ টা ভোটকেন্দ্ৰত আৰু ডুমডুমা বিধানসভা সমষ্টিৰ ১,৪৩,১৯৬ গৰাকী ভোটাৰে ১৬১ টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই উন্নয়নৰ শ্লোগানৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে ব্যাপক ৰূপত নিৰ্বাচনী অভিযান অব্যাহত ৰখাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাইও বিজেপি দলৰ মিথ্যাচাৰক সমালোচনা কৰি নিৰ্বাচনী অভিযান তীব্রতৰ কৰি তুলিছিল । উল্লেখ যে অষ্টাদশ লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰূপে সাংসদ প্ৰদান বৰুৱাই, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঘনকান্ত চুতীয়াই, চ’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া (কমিউনিষ্ট) দলৰ প্ৰাৰ্থী পল্লৱ পেগু আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেছনেল দলৰ প্ৰাৰ্থী বীৰেন বাইলুঙে ভাৰতীয়

জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী ধীৰেন কছাৰীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল । আজিৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত লখিমপুৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিয়লি ৫ বজা পৰ্যন্ত ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত ৬৭ শতাংশ , ৭৫ নং নাওবৈছাত ৬৬ শতাংশ ,৭৪ নং ৰঙানদীত ৬৬ শতাংশ , ঢকুৱাখনাত ৭৫”২৯ শতাংশ , ধেমাজিত ৬৮’৯০ শতাংশ ,চিচিবৰগাঁওত ৬৯’০৬ শতাংশ ,জোনাইত ৭০ শতাংশ, শদিয়াত ৬৩’১৮ শতাংশ, আৰু ডুমডুমাত ৭০’৮৫ শতাংশ ভোটদান সাব্যস্ত হয় । আজিৰ ভোটদান প্ৰক্ৰিয়াত লখিমপুৰ আৰু ৰঙানদী সমষ্টিৰ ১ নং পাচনৈ আৰু ২ নং পাঁচনৈ ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ বাবে এক ঘন্টা পলমকৈ ভোটদান সাব্যস্ত হয় ৷
অজিত কুমাৰ মেধি ,লখিমপুৰ

বোকাখাত বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ২০২৪ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ! ৭৪.২০% ভোটগ্ৰহণ সম্পন্ন…

১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ২০২৪ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। বোকাখাত নিৰ্বাচনী জিলাত আজি বিয়লি পাঁচ বজালৈ ভোটদানৰ হাৰ ৭৪.২০%। বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতি বিদ্যাপীঠত ভোটদান কৰিলে অগপ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই। সুন্দৰ বতৰত সকলোকে ভোটদানৰ বাবে ওলাই আহিবলৈ ৰাইজলৈ আহ্বান জনাই অতুল বৰাই সাংবাদিকৰ আগত কয় যে ভোটদান সকলো নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ। লগতে তেওঁ কয় যে আজি পুৱাৰে পৰা ভোটাৰৰ মাজত দেখা উৎসাহ উদ্দীপনা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুন্দৰ আৰু শক্তিশালী নেতৃত্বৰ বাবেই ৰাইজে মিত্ৰজোঁটৰ সপক্ষে ভোট দান কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিৰোধী তেনেই নিশকতীয়া। আজিৰ এই ভোটগ্ৰহন সূচাৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰলৈ কালিয়েই গৈ উপস্থিত হৈছিল ভোট গ্ৰহণকাৰীৰ দল। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা সমষ্টিটোৰ প্ৰায়বোৰ কেন্দ্ৰতেই ভোটাৰৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ ইফালে বোকাখাতৰ ১৫১ নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহন কেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লগীয়া হয় ৷ একেদৰে ই ভি এমৰ বিজুতিৰ বাবে নুমলীগড়ৰ ১৩১ নং ধলা কছাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰতো প্ৰায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ থাকে ভোটগ্ৰহন প্ৰক্ৰিয়া। পিচত নতুন ই ভি এম যোগান ধৰিহে ভোট গ্ৰহণ আৰম্ভ কৰা হয়।

উল্লেখ্য যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আছে মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰ । প্ৰতি কেন্দ্ৰত এজনকৈ প্ৰিজাইডিং,আৰু তিনি জনকৈ প’লিং বিষয়া নিয়োগ কৰা হৈছে । ৰিজাৰ্ভত ৰখা হৈছে ২০ শতাংশ দল । ইয়াৰে ১৫ টা ভোটগ্ৰহন কেন্দ্ৰ পৰিচালনা কৰিছে কেৱল মহিলা বিষয়াই । দুটা আদৰ্শ কেন্দ্ৰও স্থাপন কৰা হৈছে । ১০৫ নং বোকাখাত বিধান সভা সমষ্টিৰ ১,৫৮,৪২০ গৰাকী ভোটাৰ। আজি এই কেন্দ্ৰ বোৰত ভোটাদানেৰে মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাত ভোটাৰ সকলে ভূমিকা ল’ব। ইয়াৰে ৭৭,৮৩০ গৰাকী পুৰুষ, ৮০,৫৮৮ গৰাকী মহিলা আৰু দুগৰাকী আছে তৃতীয় লিঙ্গৰ ভোটাৰ । ইয়াৰ ভিতৰত আছে ৩৪৪৫ গৰাকী নতুন ভোটাৰো।

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন ! মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %…

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন।

মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %

আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়।ৰাজ্যৰ পাঁচ লোকসভা সমষ্টিৰ ভিতৰত এটি অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি।ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰাই আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া।মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায়।বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ সমুহত পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্তৰ কৰিবলৈ বহু সময় ধৰি দীঘলীয়া শাৰীপাতি অপেক্ষা কৰি থকা পৰিলক্ষিত হয়। উল্লেখ্যে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১, ৬৯, ৯৩ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰ ৮৪, ০৪৬ জন আৰু মহিলা ভোটাৰ ৮৫৮৮৬ গৰাকী আনহাতে মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।

ডিব্ৰুগড় লোকসভা সমষ্টিত এইবাৰ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, বিজেপি মিত্ৰজোটৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে, কংগ্ৰেছ মিত্ৰজোটৰ হৈ ‘কা’ আন্দোলনৰ জড়িতে সমগ্ৰ অসমতে জনপ্ৰিয়তা অৰ্জন কৰা যুৱ নেতা লুৰিনজ্যোতি গগৈয়ে, আৰু আম আদমী পাৰ্টীৰ হৈ প্ৰয়াত কংগ্ৰেছ নেতা তথা প্ৰাক্তন ডিগবৈ বিধায়ক ৰামেশ্বৰ ধানোৱাৰ পুত্ৰ মনোজ ধানোৱাৰে।বিশেষকৈ মাৰ্ঘেৰিটা সমষ্টিত তিনিও গৰাকী প্ৰাৰ্থীৰে এক শক্তিশালী গণভিত্তি আছে।সেইয়েহে সমষ্টিটোত কোন দল আগবাঢ়ি থাকে সেইয়া এতিয়াই কব পৰা নেযায়।সেইয়া ভোট গণনা পিছতহে স্পষ্ট হব।

পুনৰ মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই পুৱা ভাগতেই নিজৰ মৌলিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে।বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪০ নং ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ১০৬ নং চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰত ভোট প্ৰদান ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। বিধায়ক ভাস্কৰ শৰ্মা শৰ্মা আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ভোটদান কৰি সাংবাদিক জানিবলৈ দিয়ে যে ৰাজ্য ৫ টা লোকসভা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব। বাতৰি যুগুত কৰা সময়লৈকে মাৰ্ঘেৰিটা ভোটদানৰ হাৰ ৭৩.০৮ %।(ফটোসহ)

চতিয়াৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ…

চতিয়াৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ ৷বিগত বৰ্ষৰ ১০ জুলাইতো উদ্ধাৰ হৈছিল বাঘিনীৰ মৃতদেহ ৷

কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত কালি দিনৰ ভাগত এজনী প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ হয় ৷প্ৰাপ্ত খবৰ মতে বনকৰ্মীৰ এটা দলে নিয়মীয়া তহল দিয়াৰ সময়ত বাঘজনীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷লগে লগে দলটোৱে উদ্ধৰ্তন কতৃপক্ষক ঘটনাটোৰ বিষয়ে জনোৱাত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ খগেচ পেগু, বনাঞ্চলিক বিষয়া দেৱজিৎ শইকীয়া বনকৰ্মীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷

বাঘজনীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ উপস্থিত হোৱা পশু চিকিৎসা বিষয়া দীপক শৰ্মাই মৃত বাঘজনীৰ দেহৰ চেম্পল ফৰেনচিক পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে ৷ পশু চিকিৎসক গৰাকীয়ে জনোৱা মতে ৭-৮ বছৰীয়া বাঘজনীৰ মৃতদেহ সম্পুৰ্ণ ৰূপে পচি গৈছে ৷ মৃতদেহ পচি যোৱাত মৃত্যুৰ কাৰণ নিৰ্নয় কৰাত অসুবিধা হৈছে যদিও ফৰেনচিক পৰীক্ষাত মৃত্যুৰ কাৰণ স্পষ্ট হব ৷উল্লেখ্য যে বিগত বৰ্ষৰ ১০ জুলাই ভাটীডুবিৰ সমীপৰ ষষ্ঠসংযোজনৰ ভোজমাৰী চাপৰিত উদ্ধাৰ হৈছিল এজনী ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ ৷

একেটা অঞ্চলতে এবছৰৰ ভিতৰত দুজনীকৈ প্ৰাপ্তবয়স্ক বাঘিনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাত শংকিত হৈ পৰিছে সচেতন বন্যপ্ৰানী প্ৰেমী সকল ৷কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাটোত দাতি কাষৰীয়া ৰাইজৰ পোহনীয়া গৰু মহ সমুহে চাৰণ কৰে ৷স্হানীয় সচেতন লোকে আশংকা কৰা মতে হয়টো কোনো অসৎ প্ৰবৃত্তিৰ লোকে বাঘৰ আক্ৰমণৰ পৰা নিজৰ পশুধন ৰক্ষা কৰিবলৈ বিষ প্ৰয়োগ কৰিব পাৰে ৷বাঘিনীজনীৰ মৃত্যু স্বাভাৱিক নে বিষ প্ৰয়োগৰ বাবে হৈছে সেয়া মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে প্ৰকাশ পাব ৷