Home Blog Page 1272

মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত গোগামুখৰ মিংমাঙত চাফাই অভিযান; অন্ধবিশ্বাস-কু-সংস্কাৰ বিৰুদ্ধে সজাগতা

মিচিং জনজাতিসকলৰ পিতৃস্বৰূপ সংগঠন মিচিং বানে কেবাঙৰ উদ্যোগত, মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কেৰ সহযোগত আৰু মিচিং গাঁৱবোৰৰ গামসকলৰ নেতৃত্বত মিচিং অধ্যুষিত অঞ্চল তথা গাঁওসমূহত অন্ধবিশ্বাসৰ, কু-সংস্কাৰ বিৰুদ্ধে সজাগতা অনা, নিজৰ ঘৰ আৰু গাঁওসমূহ পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ অভিযান সমগ্ৰ মিচিং জনজাতি অধ্যুষিত গাঁওসমূহত আৰম্ভ হৈছে ৷ 

অন্য মিচিং গাঁওসমূহৰ দৰে  আজি ধেমাজি জিলাৰ গোগামুখৰ মিংমাং অঞ্চলটো  মিচিং জাতীয় সংগঠনসমূহৰ সহযোগত আৰু গামসকলৰ নেতৃত্বত পথে পথে, গাঁৱে গাঁৱে, ঘৰে ঘৰে, নামঘৰ, মুৰংঘৰকে ধৰি ৰাজহুৱা স্থানসমূহত চাফাই অভিযান চলোৱা হয় ৷

মিংমাং আবতানি গাঁৱৰ পৰা আৰম্ভ কৰা উক্ত চাফাই অভিযান উদ্বোধন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই ৷ চাফাই অভিযানটো শুভাৰম্ভ কৰি তেওঁ কয়-  মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত, মিচিং জাতীয় সংগঠন সমূহৰ উপস্থিতিত  ২০৲৫ চনত গোগামুখত অনুষ্ঠিত হোৱা  মিচিং জাতীয় মহাধিৱেশনত গৃহীত ‘গোগামুখ ঘোষণা’

অনুসৰী মিচিং সমাজৰ সামাজিক, ‘সাংস্কৃতিক, অৰ্থনৈতিক সংস্কাৰ বিভিন্ন কাৰ্যসূচী, অন্ধবিশ্বাস-কু-সংস্কাৰ দুৰীকৰণ স অভিযান ৩০৩০ অন্তৰ্গত  দঃলুং পৰিস্কাৰ-পৰিছন্ন কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ 

উক্ত ঘোষণাৰ অংশ হিচাপে আজি  মিংমাং গাঁও পঞ্চায়তৰ  অন্তৰ্গত আবতানি গাঁৱৰ পৰা দঃলুং গাম, জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সহযোগত চাফাই অভিযান আৰম্ভ কৰা বুলি দোহাৰে ৷ তেওঁ লগতে উক্ত চাফাই অভিযানত  সকলো ৰাইজৰ সহযোগিতা কামনা কৰে আৰু মিচিং বাঃনৗ কৗবাঙৰ ঘোষণাক কাৰ্যকৰী কৰাত সহযোগ কৰিবলৈ আহ্বান জনায় ৷

শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা অভিযানটোত  তদাৰক কৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷ তেওঁ চাফাই অভিযানক সফল ৰূপ দিবলৈ সকলোৰে প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব বুলি মন্তব্য দিয়াৰ লগতে প্ৰতি দেওবাৰে চাফাই অভিযান চলোৱা হ’ব বুলি দোহাৰে ৷ 

মাকুমৰ কলাবাৰী মছজিদৰ ইমামৰ নৃশংস হত্যাকাৰী আৰক্ষীৰ জালত ঘাতক ইব্ৰাহিম আহমেদ…

প্ৰসংগ : মাকুমৰ কলাবাৰী মছজিদত নৃশংস হত্যাকাণ্ড।

আৰক্ষীৰ জালত ঘাতক ইব্ৰাহিম আহমেদ। আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা আৰু পোছাক।

কলাবাৰীৰ ভিছন চাহ উদ্যোগৰ সমীপৰ বাসিন্দা ইব্ৰাহিম। পোছাক সলনি কৰি হত্যাকাণ্ড সংঘটিত কৰিছিল ইব্ৰাহিমে।

বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী…

বুঢ়াচাপৰি অভয়াৰণ্যত বেদখলকাৰীৰ দৌৰাত্ম্য।

অভয়াৰণ্যখনত বনকৰ্মী-বেদখলকাৰীৰ মাজত মাৰপিট।

আৰিমাৰি বন শিবিৰৰ ভূমি দখলমুক্ত কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা। বেদখলকাৰীৰ আক্ৰমণত আহত এজন বনকৰ্মী।

ৰঙালাউ আৰু ইয়াৰ গুটিৰ বনৌষধৰ বিষয়ে জানক…

ৰঙালাউ আৰু ইয়াৰ গুটি বনৌষধ হিচাপে ব্যৱহৃত হয় যদিও থলুৱা পৰম্পৰা ফুলেৰেও দৰৱ প্ৰস্তুত কৰে। তন্ত্ৰত ফিটাকৃমি তথা ঘূৰণীয়া কৃমিয়ে বাহ লৈ মানুহক যমৰ যাতনাত ভোগায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকা যুক্তৰাজ্যৰ দৰব প্ৰতিষ্ঠানে ৰঙালাউকে অব্যৰ্থ বুলি স্বীকৃতি দিছিল।

চীন দেশ তথা ৰুছিয়াত সম্পন্ন গৱেষণা অনুসৰি ফিটাকৃমিৰ বৃদ্ধিত বাধা দিবলৈ ৰঙালাউৰ বীজ অমোঘ। পুৰুষৰ মদন গ্ৰন্থি সক্ৰিয় কৰাত লাউ বীজত থকা কেৰটিনয়ড তথা ওমেগাত চৰ্বিৰ ভূমিকা অপৰিসীম আৰু ইয়াত থকা দস্তাই মদন গ্ৰন্থিৰ কামত বিশেষ প্ৰভাৱ পেলায়।

দেহৰ হাড় মজবুত কৰি ৰখাৰ ক্ষেত্ৰত দস্তাৰ অৰিহণা অনন্য যি মৌল ৰঙালাউৰ বীজত উভৈনদী। বৃদ্ধাৱস্থাত বহুতো লোকে হাড়ৰ বিকাৰত ভোগে আৰু ৰজ:স্ৰাৱ বন্ধ হোৱা মহিলাসকলে অষ্টিঅ’পৰছিছ নামৰ হাড়ৰ বিকাৰত ভোগে যাৰ ফলত হাড় চনকা হোৱা বাবে কম আঘাততে ফাটে নাইবা ছিগে যাৰ পৰা হাত সাৰিবলৈ ৰঙালাউ তথা বীজৰ পৰা প্ৰস্তুত খাদ্যগ্ৰহণ কৰা উচিত।

চন্দ্ৰনয়ন দাসৰ “হে’ সুধাকণ্ঠ”ৰ শুভমুক্তি

বিশ্ববিশ্ৰুত শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু দিৱসত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আজি শুভ মুক্তি দিয়া হয় “হে’ সুধাকণ্ঠ”শীৰ্ষক এটি গীতৰ। গীতৰ কথা,সুৰ আৰু কণ্ঠ চন্দ্ৰনয়ন দাসৰ। এই উপলক্ষে আজি যোৰহাটৰ মাছৰহাটৰ কুৱেভাৰ ষ্টুডিঅ’ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰি “হে’ সুধাকণ্ঠ”শীৰ্ষক গীতটিৰ শুভ উন্মোচন কৰে দিহা গুৰু যতীন বৰাই।

অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডা:নৰোত্তম সোণোৱাল,মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস,লক্ষীৰাম দুৱৰা দাস,অভিজিত দাস,মৃদুল ভৰালী,পাৰ্থ দাস,দেবাংগ কলিতা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মাজুলীৰ গ্ৰেজিং কৈৱৰ্ত্ত গাঁৱৰ প্ৰয়াত বনমালী দাস আৰু ফুলেশ্বৰী দাসৰ পুত্ৰ কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ চন্দ্ৰনয়ন দাসৰ এই মহৎ প্ৰয়াসৰ শলাগ লৈ বক্তব্য ৰাখে।

APSC কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: জিতুল ডেকা…

দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰা নাই। APSC ৰ কেলেংকাৰী সন্দৰ্ভত আজি আপৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত এইদৰে মন্তব্য কৰি ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – APSC ত দুৰ্নীতি, কেলেংকাৰীৰে নিযুক্তি লাভ কৰা ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত জেললৈ প্ৰেৰণ কৰিছিল ।

তাৰ পৰবৰ্তী সময়ত হিমন্তবিশ্ব শৰ্মা চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বি কে শৰ্মাৰ দ্বাৰা এখন আয়োগ গঠন কৰি দিছিল। গুৰুত্বপূৰ্ন কথা যে এই আয়োগে APSC ৰ পৰীক্ষা ব্যৱস্থা, নথি -পত্ৰ, সাক্ষী, ফৰেনচিকৰ প্ৰতিবেদন, ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰ আদি সকলো দিশৰ পৰা পুংখানুপুংখ ভাবে তদন্ত কৰি প্ৰথম পৰ্যায়ত ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত সংঘটিত দুৰ্নীতি আৰু ৰাকেশ পালক টকা দি চাকৰি লোৱা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰি ২০২২ চনৰ ২ এপ্ৰিলত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল। আচৰ্যজনক বিষয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ডেৰ বছৰ উকলি যোৱাৰ পিছতো আজিলৈ দুৰ্নীতিৰে চাকৰি লোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। ২০১৩ চনৰ APSC পৰীক্ষাৰ এই প্ৰতিবেদন দিয়াৰ পিছত কোৱা হল যে ২০১৪ চনৰ পৰীক্ষাৰ সন্দৰ্ভত আয়োগৰ তদন্তৰ প্ৰতিবেদন লাভ কৰিলে একেলগে ব্যৱস্থা গ্ৰহণ কৰা হব। সন্মানীয় বি কে শৰ্মা আয়োগে যোৱা ২ নৱেম্বৰত দ্বিতীয় প্ৰতিবেদনখনো চৰকাৰক দাখিল কৰিলে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত যি বক্তব্য ৰাখিলে ইয়াৰ দ্বাৰা ৰাইজক হতবাক কৰি তুলিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে কলে যে প্ৰতিবেদন খনত কি আছে তেওঁ দেখা নাই। ইয়াৰ দ্বাৰা APSC ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ তেওঁৰ কিমান আগ্ৰহ সেই কথা ৰাইজে বুজি পাইছে। সংবাদ মেলত জিতুল ডেকাই কয় যে – মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত কোৱা অনুসৰি প্ৰতিবেদনৰ পৰামৰ্শ মতে উক্ত বৰ্ষৰ চাকৰি প্ৰাপ্ত সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পৰিয়াল আছে। আয়োগৰ পৰামৰ্শ মতে সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত নকৰে ঠিক আছে কিন্তু যি সকলৰ নাম উল্লেখ আছে তেওঁলোকৰ বিৰুদ্ধে ডেৰ বছৰ উকলি যোৱাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহন কৰা নাই? এই প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালক টকা দি চাকৰি লাভ কৰা বিষয়াক চৰকাৰে পদোন্নতি দিছে , NIA ৰ দৰে গুৰুত্ব পূৰ্ণ বিভাগত যোগদান কৰিছে । এই প্ৰতিবেদনত উল্লেখ কৰা APS বিষয়াই ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অথচ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই।

মানৱীয়তাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। ২০১৩ বৰ্ষৰ APSC পৰীক্ষাৰ ৪২ হাজাৰ প্ৰাথী এই কেলেংকাৰী, দুৰ্নীতিৰ বাবে প্ৰতাৰিত হৈছে। মানৱীয়তা যদি দেখুৱাব লাগে দুৰ্নীতিৰে চাকৰি লোৱা সকলক গ্ৰেপ্তাৰ কৰি ৪২ হাজাৰ প্ৰাৰ্থীৰ প্ৰতি মানৱীয়তা দেখুৱাওক । মুখ্যমন্ত্ৰীৰ এই মানৱীয়তা তেতিয়া কত গৈছিল, যেতিয়া তেওঁৰ নিৰ্দেশত নাৰায়ণ ডেকা আৰু মন্ত্ৰী অশোক সিংহলে শিলসাঁকোৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়াল থকাৰ বাবে APSC ৰ দুৰ্নীতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে । আপ ,অসমে তেওঁক প্ৰশ্ন কৰিব বিছাৰিছো পৰিয়াল থকাৰ কাৰণেই আজিলৈ বিজেপিৰ কাৰ্যালয়ৰ পৰা চলা চাকৰি কেলেংকাৰী , ইন্দ্ৰানী তহবিলদাৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত অভিমুণ্য দাসক গ্ৰেপ্তাৰ কৰা নাই নেকি? পৰিয়াল থকাৰ বাবেই ভুৱা কল চেণ্টাৰৰ কেলেংকাৰীত অভিযুক্ত তচদিকুৰ নামৰ ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰা নাই নেকি? আচৰিত কথা যে একেই বিজেপিৰ চৰকাৰ। একেই APSC ৰ দুৰ্নীতি। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত ৩৯ জন গ্ৰেপ্তাৰ হৈ বছৰ বছৰ জেল খালে, চাকৰিৰ পৰা বৰ্খাস্ত হল । অথচ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ দিনত ৩৪ জনৰ নাম সন্মানীয় বি কে শৰ্মা আয়োগে প্ৰতিবেদন দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰাৰ সাহস কৰিব পৰা নাই। মুঠৰ ওপৰত APSC কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নমনীয় স্থিতি অসমৰ ৰাইজে বাৰুকৈয়ে প্ৰত্যক্ষ কৰিছে আৰু দুৰ্নীতিক লৈ মুখ্যমন্ত্ৰীৰ দুতলীয়া স্থিতি লাজ লগাকৈ প্ৰকট হৈছে । আপ অসমে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও চৰকাৰক দাবী জনায়। আজিৰ সংবাদমেলত সাংগঠনিক সম্পাদক আলালউদ্দিন আহমেদ আৰু সদস্য আমিৰ হুছেইন উপস্থিত থাকে।

১০ বছৰ সৰু মণিপুৰৰ প্ৰেমিকা লীনাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ অভিনেতা ৰনদীপ হুদা…

ৰনদীপ হুদা বিবাহঃ বলীউডৰ অভিনেতা ৰনদীপ হুদা বিবাহ সন্দৰ্ভত চৰ্চালৈ আহিছে খবৰ। খবৰ অনুসৰি অভিনেতাগৰাকীয়ে অতি সোনকালে দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। খবৰ অনুসৰি চলিত মাহৰ শেষৰ ফালে বিবাহপাশত আবদ্ধ হ’ব অভিনেতাগৰাকী। অৱশ্যে ৰণদীপৰ বিয়াৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

খবৰ অনুসৰি ৰনদীপ হুদা আৰু লিনাৰ বিবাহ অতি ব্যক্তিগত হ’ব। তেওঁৰ বিয়াত কেৱল তেওঁৰ পৰিয়াল আৰু কিছু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়েহে উপস্থিত থাকিব। খবৰ অনুসৰি ৰনদীপে নিজৰ বিবাহে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰাটো নিবিচাৰে। বিয়াৰ পিছতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিব বুলি অভিনেতাজনে কয়। কিছুদিন আগতে ৰনদীপে নিজৰ প্ৰেমিকাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল। লিনাৰ জন্মদিনত প্ৰেমৰ পোষ্ট এটা শ্বেয়াৰ কৰি নিজৰ সম্পৰ্ক নিশ্চিত কৰিছিল। লিন ৰনদীপতকৈ প্ৰায় ১০ বছৰ সৰু।


৪০ বছৰৰ তলৰ লোকে প্ৰতিমাহে পাব ২৬ লাখকৈ টকা! ক’ত, কেনেকৈ পাব জানক…

আজি আমি আপোনালোকক জনাম এখন বিশেষ গাঁৱৰ বিষয়ে। এই বিশেষ গাঁও খনত থাকিলে আফুনি লাভ কৰিব ধন। এই গাঁৱখন হৈছে ইটালীৰ দক্ষিণ কেলাব্ৰিয়া অঞ্চলৰ। এই গাঁওখনৰ ৪০ বছৰৰ তলৰ লোকে প্ৰতিমাহে পাব ২৬ লাখকৈ টকা। কিন্তু ইয়াৰ বাবে এটা চৰ্ত ৰখা হৈছে। ইয়াৰ অধীনত এই আঁচনি কেৱল ৪০ বছৰৰ তলৰ লোকৰ বাবেহে আৰু তেওঁলোকে আবেদন অনুমোদন পোৱাৰ ৯০ দিনৰ ভিতৰত উক্ত বসবাস আৰম্ভ কৰিব লাগিব। ইয়াৰ উপৰিও নতুন বাসিন্দাসকলেও ব্যৱসায় আৰম্ভ কৰিবলৈ সাজু হ’ব লাগিব।


কেলাব্ৰিয়াক প্ৰায়ে ইটালীৰ “ভৰি” বুলি জনা যায় আৰু ইয়াৰ উপকূলীয় সৌন্দৰ্য্য আৰু সুন্দৰ পাহাৰৰ বাবে বিখ্যাত। যোৱা কেইবছৰমানৰ পৰা এই অঞ্চলৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে, যাৰ বাবে স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত এই সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ আৰু অঞ্চলটোৰ জনগোষ্ঠীসমূহত নতুন জীৱন উশাহ দিবলৈ কেলাব্ৰিয়াই এই আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত যিসকল যুৱক-যুৱতীয়ে কাম কৰিবলৈ আগ্ৰহী আৰু স্থানীয় অৰ্থনীতিলৈ অৰিহণা যোগাবলৈ আগ্ৰহী, তেওঁলোকক আৰ্থিক প্ৰৰোচনা প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। তিনি বছৰৰ বাবে ইয়াত বসবাস কৰিলে নতুনকৈ অহা লোকসকলে ২৬.৪৮ লাখ টকা পৰ্যন্ত আয় লাভ কৰিব। ইয়াৰ লগতে যদি তেওঁ ইয়াত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে তিনি বছৰৰ বাবে ধনৰাশিও এবাৰতে দিব পাৰি।

এই অঞ্চলৰ কৰ্তৃপক্ষই উৎসাহিত কৰা কিছুমান জনপ্ৰিয় ব্যৱসায়িক উদ্যোগ হ’ল ৰেষ্টুৰেণ্ট, দোকান, বেড এণ্ড ব্ৰেকফাষ্ট বা হোটেল।

শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা…

শোণিতপুৰৰ ভেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক।

তীব্ৰবেগী ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষৰ ফলত এই ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৪গৰাকী লোক।

প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত…

প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত।

দিল্লীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে প্ৰদূষণে।

আজিৰ দিনটোত দিল্লীৰ এয়াৰ কোৱালিটী ইনডেক্স হৈছে ৪৯৮।

নয়দাৰো এয়াৰ কোৱালিটী ইনডেক্স হৈছেগৈ ৪২০।

দিনক দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে দিল্লীত।