Home Blog Page 2792

আজি প্ৰাকৃতিক দুৰ্যোগ হ্ৰাসৰ বাবে আন্তৰ্জাতিক দিৱস

 

প্ৰাকৃতিক দুৰ্যোগ কেতিয়াও দুৰ্যোগ হিচাপে নাহে, কিন্তু আজি ইয়াৰ বিপদাশংকা হ্ৰাস কৰিবলৈ সমগ্ৰ বিশ্বতে কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীবোৰত আলোচনাৰ কেন্দ্ৰবিন্দু হৈছে যে যদি এতিয়া প্ৰকৃতিৰ সৈতে খেলিমেলি কৰা বন্ধ কৰা নহয়, পৃথিৱীত জীৱৰ অস্তিত্ব বিপদত পৰিব।গছ-গছনিৰ নিৰ্বিচাৰ কটা, মাটিখহনীয়া আৰু পানী আৰু বায়ু প্ৰদূষণ সকলোৱে আমাৰ অস্তিত্ব বিপদাপন্ন কৰি আছে। প্ৰাকৃতিক দুৰ্যোগ হ্ৰাসৰ বাবে আন্তৰ্জাতিক দিৱস প্ৰতি বছৰে ১৩ অক্টোবৰত পালন কৰা হয় যাতে ইয়াৰ বিষয়ে সংবেদনশীল হয়। এইটো ২০০৯ চনত আৰম্ভ হৈছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই (ইউএনজিএ) অক্টোবৰৰ দ্বিতীয় বুধবাৰে প্ৰাকৃতিক দুৰ্যোগ হ্ৰাস কৰাৰ বাবে আন্তৰ্জাতিক প্ৰচেষ্টা অনুসৰণ কৰাৰ সিদ্ধান্ত লয়। পিছত ইয়াক সংশোধন কৰা হৈছিল আৰু ১৩ অক্টোবৰ হিচাপে স্থিৰ কৰা হৈছিল।আমাৰ পৰিৱেশৰ পৰিৱৰ্তনৰ পৰিণামৰ বিষয়ে সতৰ্কতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে আন্তৰ্জাতিক প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন দিৱস পালন কৰা হয়। লাখ লাখ লোকক ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আগবাঢ়ি আহিবলৈ আৰু মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি কৰা বিপদটো বুজিবলৈ তেওঁলোকৰ প্ৰচেষ্টাৰ বিষয়ে কথা পাতিবলৈ উৎসাহিত কৰা হয়। এই লোকসকলে আনসকলক সজাগতা বৃদ্ধি অভিযানত যোগদান কৰিবলৈ উৎসাহিত কৰে আৰু প্ৰাকৃতিক দুৰ্যোগৰ আশংকা হ্ৰাস কৰিবলৈ আন্তৰ্জাতিক দিৱসত কেইবাটাও কাৰ্যকলাপ আয়োজন কৰা হয়।

ৰঙিয়াত স্বচ্ছ ভাৰত, ক্লিন ইণ্ডিয়া কাৰ্যসূচী ৰূপায়ণ

নেহেৰু যুৱ কেন্দ্ৰ, মালিগাওঁৰ সৌজন্যত পুঠিমাৰী সমৃদ্ধি বেচৰকাৰী সংস্থাৰ উদ্যোগত মৰমী,জানমনি আৰু বিউটী আত্মসহায়ক গোটৰ সহযোগত ৰঙিয়া মহকুমাত যোৱা ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ মাহযোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া কাৰ্যসূচী হাতত লোৱা হয় । কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা দ্ৰুতগতিত সাৰ্বজনীন অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তা প্ৰতি জনসাধাৰণক সচেতন কৰি তোলীৰ উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল।মহামানৱ মহাত্মা গান্ধীয়ে এখন ভাৰতৰ সপোন দেখিছিল, য’ত কেৱল স্বাধীনেই নহয়, লগতে হ”ব পৰিষ্কাৰ আৰু উন্নত। আৰু অঙ্গীকাৰ আছিল যে মই য’তে ত’তে  আৱৰ্জনা নেপেলাম আৰু আনকো পেলাবলৈ নিদিম। এনে পৰিপেক্ষিতত বেচৰকাৰী সংস্থা সমৃদ্ধি তথা নেহেৰু যুৱ কেন্দ্ৰৰ  অৰিহনা শলাগিবলগীয়া। আনহাতে স্বচ্ছ ভাৰত ক্লিন ইণ্ডিয়া ৰঙিয়াৰ কাৰ্যসূচী সফল ৰূপায়নত অংশগ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী হিতেন্দ্ৰ শৰ্মা, হৰিচন্দ্ৰ লহকৰ, সমাজকৰ্মী তথা স্বাস্থ্যকৰ্মী অমূল্য বৈশ্য, সমাজ সেৱিকা কবিতা দাস প্ৰমূখ্যে উপস্থিত ৰাইজৰ সহায় সহযোগিতাৰ বাবে সংস্থাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে পৰৱৰ্ত্তী সময়ৰ কাৰ্যসূচীত ৰাইজৰ দিহা পৰামৰ্শ আশীৰ্বাদ কামনা কৰে বেচৰকাৰী সংগঠনটোৱে।

চৰকাৰৰ শুভ বুদ্ধি উদয়ৰ কামনাৰে বঙাইগাঁৱৰ মা বাঘেশ্বৰী মন্দিৰত পূজা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই

বৰ্তমান সময়ত দেশৰ যিটো পৰিস্থিতি মূল্যবৃদ্ধিয়ে ৰাইজক যেনে ধৰণে কোঙা কৰিছে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যি আকাশলংঘী দাম এইবিলাকৰ পৰা ৰাইজে কেনেদৰে পৰিত্ৰাণ পায় তাৰ বাবে এতিয়া আমি দেৱীৰ চৰণত শৰণ লোৱাৰ বাহিৰে আৰু আন উপায় নাই ৷এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ মঙলবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ ইতিহাস প্ৰসিদ্ধ মা বাঘেশ্বৰী মন্দিৰত উপস্থিত হৈ অসমবাসীৰ মংগল কামনা কৰি পূজা – অৰ্চনা কৰি মা বাঘেশ্বৰীৰ আশীষ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ সভাতি বৰাই  কয় যে সাধাৰণতে আমি মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাব লাগে ,কিন্তু চৰকাৰে হাত দাঙি দিছে ৷ গতিকে দেৱীৰ চৰণত শৰণ ল’বলগীয়া হৈছে ৷ চৰকাৰে এতিয়া পৰামৰ্শ দিছে মটৰ চাইকেলত তিনিজন যাবৰ কাৰণে ৷ কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে যে তেলতকৈ বেছি দামী পানী খাই থাকে তেওঁলোকে ৷ গতিকে তেলতকৈ বেছি দামী পানী খাই থকা মানুহে ৰাইজৰ দুখৰ কথা কেনেকৈ বুজিব ? মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ লৈ নমিনেচন দিবলৈ ঘূৰি ফুৰিছে আৰু মানুহক তথা সাংবাদিকসকলক কৈছে যে আপোনালোকে খোজ কাঢ়ি ঘূৰি ফুৰিব ৷ এতিয়া আজি আপোনালোকে  বঙাইগাঁৱত কমেও এশ কিলোমিটাৰ দিনটোত খোজ কাঢ়িব লাগিব ৷ এনেকুৱা ধৰণৰ চিন্তা- চৰ্চাৰে তথা এনেকুৱা পৰামৰ্শৰে দেশ চলাব বিচৰা মানুহখিনিকো যাতে দেৱী মায়ে শুভ বুদ্ধি দি তেওঁলোকৰ মনত যাতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি অলপমান হলেও চিন্তা , চেতনা আৰু অনুকম্পা আহে আৰু বৰ্তমান ৰাইজে যে পূজাৰ মাজত মূল্যবৃদ্ধিৰ ফলত চকুৰে সৰিহফুল দেখিছে তথা মূল্যবৃদ্ধিয়ে পূজাৰ গোটেই আনন্দটোকে হেঁচা মাৰি ধৰিছে তাৰ কাৰণে চৰকাৰৰ যাতে অলপ শুভবুদ্ধি আহে তাৰ কাৰণেও মা দূৰ্গাৰ ওচৰত আৰু মা বাঘেশ্বৰী মন্দিৰত প্ৰণিপাত জনোৱা বুলি কয় ৷ আমহাতে মটৰ চাইকেলত তিনিজনকৈ উঠিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতিৰ অদ্ভূত মন্তব্য সন্দৰ্ভত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে প্ৰথমে সাংবাদিকসকলকহে পৰামৰ্শ দিছে ৷ সাংবাদিকসকলেতো সদায় গাড়ীত ঘূৰি ফুৰে ৷ গতিকে এতিয়া আৰু আপোনালোকক লাইভ ভান নালাগে ৷ কেমেৰা এটা লৈ পুৱাই আপোনালোকে ঘৰৰ পৰা ওলাব ৷ বঙাইগাঁৱৰ ইটো মূৰৰ পৰা সিটো মূৰ পুৱাই আপোনালোকে পাব লাগিব ৷ তাৰ পিচত নিশা দুই বজাত আপোনালোকে ঘৰ পাবহি ৷ এনেকুৱা পৰামৰ্শ ,এনেকুৱা ধৃষ্টতা আৰু এনেকুৱা ধৰণৰ চিন্তা – চৰ্চা কেতিয়া আহে ? কাৰণ এওঁলোকৰ এতিয়া মাটিত ভৰিয়েই নাই ৷ ক্ষমতাৰ ৰাগিত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ’ল যে আমাক ভাৱিছে পৃথিৱীৰ মানুহ আৰু তেওঁলোক মানে স্বৰ্গৰ পৰা নামি অহা দেৱতা ৷ দেৱতাসকলৰ এতিয়া এয়াই বাণী ৷ এজন ৰামেশ্বৰ তেলীৰ দৰে মন্ত্ৰী যি শ্ৰমিকৰ ঘৰৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছে তেওঁকলৈ আমি গৌৰৱ কৰিছিলো ৷ এগৰাকী শ্ৰমিক নেতা শেষত কেন্দ্ৰীয় মন্ত্ৰী হৈছে ৷তেওঁ এতিয়া মানুহক কয় যে আমিতো এতিয়া তেলতকৈ বেছি দামী পানী খাই আছো ৷ তেওঁ খাব পাৰে এশ টকাৰ ওপৰত পানী ৷ আমিতো খাই পোৱা নাই ৷ মইতো এতিয়ালৈকে অসমত এক লিটাৰ পানী এশ টকাৰে খাই পোৱা এজনকো লগ পোৱা নাই ৷ এজনেই পালো ৷ গতিকে এজনে যেতিয়া এশ টকাৰ ওপৰৰ পানী খাইছে তেওঁতো এইখন পৃথিৱীৰ মানুহ হ’বই নোৱাৰে ৷ তেওঁতো স্বৰ্গৰ পৰা নামি অহা কোনোবা দেবাদি দেৱ দেৱতা হ’ব লাগিব ৷ সেইকাৰণে মই মা বাঘেশ্বৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এওঁলোকৰ মুখতো অলপ লেকাম দিয়ক ৷ হৃদয়ত অলপ ৰাইজৰ কাৰণে যদি অনুভূতি নাহে তেতিয়াহলে পুতৌ আহক ৷ লগতে সাংবাদিকসকলৰ প্ৰতিও অলপ সন্মান আহক ৷ কেনেকৈ সাংবাদিকসকলে পুৱাৰ পৰা গধুলিলৈকে দিনটো সমাজৰ স্বাৰ্থত ঘূৰি ফুৰে  , কি পায় কি নাপায় একো অনুভৱেই নাই ৷ পোনচাতেই কৈ দিলে খোজ কাঢ়ি ঘূৰি ফুৰক ৷ এইধৰণৰ মানুহখিনিৰ বাবে এতিয়া আমি সকলোৱে ভাৱিছো যে দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব যাতে এওঁলোকৰ সু বুদ্ধি উদয় হয় ৷ কাৰণ এওঁলোকৰ হাতত শাসনযন্ত্ৰ আছে ৷ গতিকে এওঁলোকৰ যদি বুদ্ধিৰ মতিভ্ৰম হ’বলগীয়া হয় , তেতিয়াহলে ৰাইজৰ  আৰু বিপদ হ’ব ৷ এওঁলোকৰ মতিভ্ৰম হ’বলৈ আৰম্ভ হৈছে ৷ তেওঁলোকৰ সুস্থ মানসিকতাৰ কাৰণে এতিয়া আমি দেৱীৰ চৰণত প্ৰাৰ্থনা জনাব লাগে ৷ ইপিনেউপ নিৰ্বাচন সন্দৰ্ভত কি আশা কৰে বুলি সাংবাদিকে প্ৰশ্ন কৰাত সভাপতি বৰাই কয় যে এতিয়া আমি গোসাইগাঁওলৈ গৈ আছো আৰু গৈ থাকোতে বাঘেশ্বৰী মাৰ ওচৰত যি প্ৰাৰ্থনা জনাইছো আমাৰ বিশ্বাস অসমৰ ৰাউজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ,অসমত বিৰোধী শক্তি শক্তিশালী কৰিবৰ কাৰণে অসম বিধান সভাত মূৰে ভৰি কৰা ক্ষমতাই মূৰত ধৰা এই চৰকাৰখনৰ বিৰুদ্ধে এক শক্তিশালী ৰাজহুৱা স্বাৰ্থত যুঁজ দিবৰ কাৰণে আহি থকা সময়ত আমাক মা বাঘেশ্বৰীয়ে আশীৰ্বাদ দিব আৰু সেই আশীৰ্বাদে আমাক বিজয়মালা পিন্ধাব বুলি আমি আশাবাদী ৷ গোসাইগাঁও সমষ্টিটো পূৰ্বে বিপিএফৰ দখলত থকাত এইবাৰ কি হ’ব বুলি সোধা সাংবাদিকৰ প্ৰশ্নত সভাপতি বৰাই কয় যে আমি এতিয়া মহাজোঁটত নাই ৷ কংগ্ৰেছ হিচাপে এতিয়া সেই অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী জুৱেল টুডুক প্ৰাৰ্থিত্ব দিয়া হৈছে  ৷ বিপিএফ আৰু ইউপিপিএলৰ বৰ্তমান যিটো অৱস্থা সেইটো সকলো ৰাইজে দেখি আছে ৷ এটা সময়ত বড়োলেণ্ডৰ যি জাতীয়তাবাদ আৰু যি আঞ্চলিকতাবাদ হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ নেতৃত্বত গঢ়ি উঠিছিল আজি সেই জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ আসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দবা খেলৰ পিলুৰ নিচিনা হ’ল ৷ দবা খেলত আমি যিদৰে খেলুৱৈসকলে কোনটো পিলু আগত দিম আৰু কোনটো পিচত দিম ভাৱি খেলি থাকো এতিয়া বিটিআৰ অঞ্চলৰ জাতীয়তাবাদ ,আঞ্চলিকতাবাদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত থকা দবা খেলৰ দুটা পিলু ৷ গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে নিজৰ দলটোক এটা ৰাষ্ট্ৰীয়তাবাদী হিন্দুত্ববাদী দলৰ পকেটত ভৰাই দিব বিচৰা এই নেতাসকলক এতিয়া আৰু অসমৰ ৰাইজে বিশ্বাসত নলয় ৷ আনহাতে এআইইউডিএফ সন্দৰ্ভত কয় যে এআইইউডিএফ এতিয়া বিৰোধী নহয় ৷ বৰং বিজেপি সমৰ্থিত বিৰোধী দল ৷ কাৰণ এআইইউডিএফৰ এজন জ্যেষ্ঠ বিধায়কে কৈছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৷ কাৰণ তেওঁলোক মানুহ এটা মাৰিলেও ওপৰত জপিয়ায় ৷ এইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত তেওঁৰ ভায়েকৰ নিৰ্দেশত এটা মৃতদেহৰ ওপৰত জপিয়ায় আৰু সেই মানুহজনক এআইইউডিএফৰ বিধায়ক চিৰাজুদ্দিন আজমলে কৈছে সেইজন অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ৷ আনহাতে ককায়েক আজমলে কৈছে যে ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচত হেনো আগৰৰ ব্যৱসায় ৰমৰমীয়া হৈছে ৷ ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে কৈছিল যে আজমল ফাউণ্ডেতনে সন্ত্ৰাসবাদীৰ পৰা ধন লয় ৷ আনকি সেই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে নিয়াৰ দ্বাৰা তদন্ত কৰিলে ৷ এতিয়া আকৌ আজমল ফাউণ্ডেচনৰ পৰা মুখ্যমন্ত্ৰীয়ে টকা লৈছে ৷ গতিকে এওঁলোক কেনেকুৱা বিৰোধী, এওঁলোকৰ সম্বন্ধ কেনেকুৱা সেয়া আমি ক’ব নালাগে ৷ সংবাদ মাধ্যমৰ টেলিভিচনৰ পৰ্দাত ৰাইজে দেখি আছে ৷ সেইধৰণৰ মুখাধাৰী বিৰোধী বিলাকক দবা খেলৰ পিলুৰ নিচিনাকে নিজকে ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হোৱা বিৰোধীসকলক ৰাইজে এইসময়ত প্ৰতিহিত কৰিব ,চিনাক্ত কৰিব ৷ সেইকাৰণে আমি কংগ্ৰেছ দল বিজয়ী হ’ম ৷ ইপিনে থাওৰা সমষ্টিত বিৰোধীয়ে বিৰোধীৰ অথাৰ্ৎ অখিল গগৈয়ে কংগ্ৰেছকহে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে বুলি প্ৰশ্ন কৰাত কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী বিৰোধী এইকাৰণে হৈছে যে বিৰোধী দুবিধ ৷ এবিধ হৈছে বিৰোধীৰ  নামত ঠিকাদাৰ আৰু এবিধ হৈছে বিৰোধী ৷ আজি কংগ্ৰেছ দলৰ  মোক কোনোবাই কিবা কয় ,কাৰোবাক কোনোবাই কিবা কয় ৷ যিটো দলৰ মূল মানুহজন মহামানৱ মহাত্মা গান্ধীক আনটো দলৰ যিজন মূল মানুহ নাথুৰাম গডচেই হত্যা কৰিছিল এই দল দুটাৰ মাজত কেতিয়াবা বুজাবুজি হ’ব পাৰে নেকি ? এটা হৈছে নাথুৰাম গডচেৰ আদৰ্শৰে অনুপ্ৰাণিত আৰু এটা হৈছে মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত  ৷ গতিকে গান্ধী আৰু নাথুৰাম গডচেৰ মাজত কেতিয়াবা বুজাবুজি হ’ব পাৰে নেকি ? আমাক কোনোবাই অভিযোগ কৰে ৷ এজন দুজন ব্যক্তিৰ কথা হ’ব পাৰে৷  সুশান্ত বৰগোহাই ,ৰূপজ্যোতি কুৰ্মীৰ দৰে ঘৰ বিভিষণতো ৰামায়ণতো আছে ৷  এনেকুৱা চৰিত্ৰ মহাভাৰততো আছে ৷ এই চৰিত্ৰটোৰ কাৰণে আদৰ্শৰ বিপৰ্যয় নঘটে ৷ এজন ব্যক্তিৰ বিপৰ্যয় ঘটিব ৷ আদৰ্শ আৰু নীতিৰ মাজত যি যুদ্ধ হৈছে এই যুদ্ধ নতুনকৈ ভূপেন বৰাই আৰম্ভ কৰা নাই  ৷ গান্ধীজীৰ সময়ৰ পৰা নাথুৰাম গডচেই আৰম্ভ কৰিছিল৷ নাথুৰাম গডচেৰ আদৰ্শৰে অনুপ্ৰাণিত সেইসকলে গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিতসকলক তেতিয়াও আক্ৰমণ কৰিছে আৰু এতিয়াও আক্ৰমণ কৰিব ৷ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক লক্ষ্য কৰি লোৱা সন্দৰ্ভত কয় যে অখিল গগৈয়ে যি  বুলিয়ে লক্ষ্য নকৰক কিয় মানুহে বুজি পাই আছে ৷ বিজেপিয়ে নাথুৰাম গডচেৰ মূৰ্তি সাজিছে ৷ অসমত শ্যামাপ্ৰসাদ মূখাৰ্জীৰ মূৰ্তি সাজিছে ৷ আমি শংকৰ – মাধৱ, কামাখ্যা,বাঘেশ্বৰীক পূজা কৰো ,সেৱা কৰো  ৷  তেওঁলোকে সেৱা কৰে নাথুৰাম গডচে, শ্যামাপ্ৰসাদ মূখাৰ্জী,দীনদয়াল উপাধ্যায়ক ৷আমি নকৰো ৷আমি লক্ষ্মীনাথ বেজবৰুৱা,জ্যোতিপ্ৰসাদ আগৰৱালা,ভূপেন হাজৰিকা ,ফণী – বিষ্ণুক সেৱা কৰো ৷ গতিকে আদৰ্শগত পাৰ্থক্য আৰু নীতিগত পাৰ্থক্য আছে ৷ কিন্তু ইয়াত কিছুমানে নিজকে শ্ৰীখন্দি হিচাপে ব্যৱহাৰ হৈছে ৷ ধন- ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত বহু মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব বিচৰা নাই ৷  এবাৰ ভাৱে যে আমি বিজেপিক প্ৰতিহত কৰিম ৷ কিন্তু যেতিয়া সন্মুখত এটা ধনৰ টোপোলা আহি যায় আৰু ক্ষমতাৰ কিছু অংশ উপভোগ কৰাৰ সুবিধা আহি যায় তেতিয়া তেওঁলোক বিচলিত হৈ যায় ৷ এই বিচলিত মানুহখিনিকো এইবাৰ অসমৰ ৰাইজে চিনাক্ত কৰি আহি থকা সময়ত ৰাজনৈতিক এটা সংস্কাৰ তথা নতুন প্ৰজন্মই যাতে এটা আদৰ্শ আৰু মূল্যবোধৰ ওপৰত অনুপ্ৰাণিত হয় তাৰ কাৰণে এইবাৰ অসমৰ মানুহৰ হৈ এই পাঁচটা সমষ্টিৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি আমি দৃঢ় বিশ্বাস ৰাখিছো বুলি কয় ৷ উল্লেখ্য যে মন্দিৰত সভাপতিগৰাকীয়ে পূজা দিয়াৰ সময়ত জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী,  জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় চৌধুৰী , প্ৰেদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য আদি উপস্থিত থাকে  ৷

চিকৰাজান শাখা ডাকঘৰত ব্যাপক দুৰ্নীতি।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিকৰাজান ডাকঘৰৰ(৭৮৬১৬০) দায়িত্ববাহী মানিক বৰগোহাঁই ডাকঘৰৰ অন্তৰ্ভুক্ত গাঁও সমূহত ডাক যোগে অহা প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ বিতৰণত ব্যাপক ভাবে খেলি মেলি কৰাৰ অভিযোগ উত্থাপিত হৈছে।নামৰ বিপৰীতে প্ৰয়োজনীয় নথি পত্ৰসমূহ যোগান ধৰা বিপৰীতে ডাকঘৰতে সাচি থোৱাৰ লগতে চাৰিআলিৰ, তিনিআলিৰ দোকানি গৰাকীৰ হাতত প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ দি অহা, বৃহৎ সংখ্যক লোকক প্ৰয়োজনীয় নথি প্ৰত্ৰ সমূহ হাতত যোগান নধৰাৰ অভিযোগ তুলি ভূক্তভোগী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণৰ নেতৃত্বত যোৱা এটা দলে ডাকঘৰত ঘেৰাও কৰি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰিও বিভিন্ন জনে নিজৰ উপাৰ্জনৰ ধন ডাকঘৰত জমা ৰাখে কিন্তু সেই ধন বঢ়াৰ বিপৰীতে কমি অহাত ডাকঘৰৰ কৰ্মচাৰী জনৰ ওপৰৰ সন্দেহৰ আঙুলি টোৱাই স্হানীয় ৰাইজে। দায়িত্ববাহী মানিক বৰগোহাঁইৰ নাবালক পুত্ৰই এই বছৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় যদিও বৰ্তমানো ভোটাৰ তালিকাৰ নাম সন্নিবিষ্ট হোৱা নাই, অংকুৰ বৰগোহাঁই কেনেকৈ ডাকোৱাল চাকৰিত পাবলৈ সক্ষম হ’ল সেয়া এতিয়া সকলোতকৈ চৰ্চিত বিষয়।যি সয়সত বিজেপি চৰকাৰে সকলো চৰকাৰী বিভাগতে হৈ থকা দুৰ্নীতি বিৰোধী কঠোৰ প্ৰদেশ গ্ৰহণ কৰিছে তেনে সময়তে এনে সৰু সুৰা বিভাগত দুৰ্নীতি হৈ থকা কৰ্মচাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়। 

বিয়াৰ প্ৰলোভনেৰে দুই মহীয়া অন্তসত্তা কৰিলে শুকুৰ আলীয়ে

চাপৰত পুনৰ এক চাঞ্চল্যকৰ ঘটনাবিয়াৰ প্ৰলোভনেৰে দুই মহীয়া অন্তসত্তা কৰিলে এজন লম্পদে । এই জনেই সেইজন লম্পট যি জনে পুৰ্বেও আৰু তিনিজনীৰ লগত কৰিছিল এনে ঘটনা । লম্পট জনৰ নাম শুকুৰ আলী । চাপৰৰ নিউ হাতিপোতাৰ মাজমজিয়াত এজনী দুখীয়া ঘৰৰ ছোৱালীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক  গঢ়ি তুলি গৰ্ভৱতী কৰিলে, সেই একেখন গাওঁৰে এই জন শুকুৰ আলী নামৰ নৰপিচাশেন্যায় বিচাৰি ভূক্তভোগীয়ে চাপৰ থানাত দাখিল কৰিলে এজাহাৰ নিতৌ ৰাজ্যত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা । ঠক-প্ৰৱঞ্চকৰ জালত পৰি দিশহাৰা হৈ পৰিছে বহু নাৰী। এইবাৰ বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যুৱতীক প্ৰতাৰণা কৰাৰ এটা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নিউ হাতিপোতাৰ বানীয়াপাৰা ২য় খন্ড গাওঁত । এগৰাকী যুৱতীৰে প্ৰৱঞ্চনাৰে যৌন সম্পৰ্ক স্থাপন কৰি ২ মাহৰ অন্তসত্তা কৰাৰ  গুৰুতৰ অভিযোগ উত্থাপন কৰে সেই একে গাওঁৰে শুকুৰ আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যুৱকজনে উক্ত ছোৱালী জনীৰ লগত প্ৰেমৰ চলনাৰে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক গঢ়ি তুলি গৰ্ভৱতী কৰে । পিছত যুৱক জনে ছোৱালী জনীৰ অন্তসত্তাৰ কথা জানিব পাৰি ছোৱালীজনীক গৰ্ভপাত কৰাৰ বাবে টেবলেট আনি দিয়ে যদিও ছোৱালীজনীয়ে টেবলেট খাবলৈ অমান্তি হয়। ইপিনে শুকুৰ আলী নামৰ যুবকজনে বেলেগ এজনী ছোৱালীৰ লগত বিয়া ঠিক হোৱাৰ খবৰ পাই ভৱিষ্যত জীবনৰ কথা ভাবি ছোৱালীজনী শুকুৰ আলীৰ ঘৰত উপস্থিত হয় যদিও ঘৰত উপস্থিত হোৱাৰ লগে লগে শুকুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে ছোৱালী জনীক গুৰুলাগুৰল কৈ প্ৰহাৰ কৰাৰ ফলত বেয়াকৈ ৰক্তপাত হবলৈ আৰম্ভ কৰে। অৱশেষত উপায়হীন হৈ ছোৱালীজনী আৰু তাইৰ  পৰিয়ালে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰা দেখা যায়।

হৃদয়ৰ অনুভৱ আৰু নিভৃত মৰিশালি নামৰ দুখন কাব্য গ্ৰন্থ উন্মোচন

অসমৰ সাহিত্য আৰু উন্নয়নৰ হকে কাম কৰি অহা “উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলন ” অসম, তাৰে স্বীকৃতি প্ৰাপ্ত লাহৰীঘাট শাখাৰ সৌজন্যত আজি মৰিগাঁও জিলাৰ লাহৰীঘাট ইকৰা একচেলেঞ্চ একাডেমিত দুখন গ্ৰন্থ উন্মোচন আৰু ৫ গৰাকী সদ্যহতে  ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা, অসম জ্ঞান ৰত্ন বঁটা প্ৰাপ্ত বিশেষ ব্যক্তি সকলক সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটিত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ধোৱাঙখাইতী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মকবুল হুছেইনৰ স্বৰচিত  “হৃদয়ৰ অনুভৱ” আৰু অসম আৰক্ষী দ্বীপ জ্যোতি বৰদলৈৰ স্বৰচিত  “নিভৃত মৰিশালি” নামৰ কাব্য গ্ৰন্থ দুখন উন্মোচন কৰা হয়। গ্ৰন্থ দুটি উন্মোচন কৰে ক্ৰমে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও   জিলা সম্পাদিকা তথা কবি, সাহিত্যিক আৰু লেখক ৰশ্মি ৰেখা কাশ্যপ আৰু  ঢেকিয়াজুলিৰ সাহিত্যিক লেখক কবীন্দ্র কুমাৰ দাস দেৱে। একেই অনুষ্ঠানতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক মকবুল হুছেইন, ২০২০ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা ২ নং টেঙাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম, বিশিষ্ট সমাজ সেৱকৰ বঁটা লাভ কৰা হিন্দি শিক্ষক কমৰুল হুছেইন চৌধুৰী , শিক্ষা সৌৰভ বঁটা লাভ কৰা লাহৰীঘাট উচ্চতর মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক   পূৰ্ণ কান্ত বসুমতাৰী   আৰু  লাহৰীঘাটৰ পৰা সমাজ সেৱাৰ ক্ষেত্ৰত ২০২১ বৰ্ষৰ   অসম জ্ঞান ৰত্ন বঁটা লাভ কৰা ছফিকুল ইছলামক লই ৫ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা জনোৱা ব্যক্তি সকলক এখনকৈ সম্বৰ্দ্ধনা পত্র, ফুলাম গামোচা আৰু  জাপি প্ৰদান কৰা হয়। অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে সাংস্কৃতিক সন্মিলনৰ সম্পাদক হেমচন্দ্র বৰ্মন,  আমন্ত্রিত অতিথি  তেজপুৰ জিলা সমিতিৰ   অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ  উপদেষ্টা জয়ন্ত শৰ্মা, তেজপুৰ জিলা আদালতৰ অধিবক্তা দ্বীপক কলিতাৰ  লগতে ইকৰা একচেলেঞ্চ একাডেমিৰ  ভাৰপ্ৰাপ্ত অধ্যক্ষ জান্নাতুল ফেৰদৌছো উপস্থিত আছিল। অনুষ্ঠানটি পৰিচালনা কৰে লাহৰীঘাট শাখা কমিটিৰ সম্পাদক তথা কবি সাহিত্যিক ৰেকিবুল আজাদে। এই গাম্ভীর্য পূর্ণ অনুষ্ঠানটিত একাডেমিৰ শিক্ষক গোট, ছাত্র ছাত্রী, সাহিত্য সন্মিলনৰ কৰ্ম কৰ্তা আৰু সচেতন নাগৰিকৰ উপস্থিতিয়ে সৌষ্ঠব বৃদ্ধি কৰে। 

নবীন মল্ল বড়োৰ ছুটি গল্প ‘গোথৈ’ৰ উন্মোচন

ওদালগুৰিৰ বিশিষ্ট লেখক নবীন মল্ল বড়োৰ ছুটি গল্প ‘গোথৈ’ৰ লেখকৰ বাস ভৱনত কালি ১০ অক্টোবৰত অনুষ্ঠিত সভাত বড়ো আৰু অসমীয়া ভাষাৰ লেখক নন্দেশ্বৰ দৈমাৰীয়ে উন্মোচন কৰে। লেখক দৈমাৰীয়ে নবীন মল্ল বড়োৰ লেখনিৰ বিশিষ্টতাৰ বিষয়ে প্ৰকাশ কৰে। গোথৈ গ্ৰন্থখনত ১৭ টা ছুটি গল্প সন্নিৱিষ্ট কৰা হৈছে। নবীন মল্ল বড়োয়ে ১৯৭৫ চনত জালাইশ্ৰী নামৰ আলোচনীত ‘মাৱনাইশ্ৰী’ নামৰ ছুটী গল্পৰ জৰিয়তে সাহিত্যত প্ৰবেশ কৰিছিল। এতিয়ালৈকে তেখেতে ১৪ খন গ্ৰন্থ সাহিত্য ক্ষেত্ৰত আগবঢ়াইছে। সাহিত্যত বিশিষ্ট অৱদানৰ বাবে এখেতক সোমেশ্বৰী ব্ৰহ্ম পুৰষ্কাৰ আৰু সাহিত্য একাদেমীৰ শিশু সাহিত্য পুৰষ্কাৰ প্ৰদান কৰা হৈছে। নবীন মল্ল বড়োয়ে উপন্যাস, ছুটি গল্প, ভ্ৰমণ কাহিনী, কবিতা, নিবন্ধ সকলো ক্ষেত্ৰতে নিজৰ বিশিষ্টতাৰ প্ৰদৰ্শন কৰিছে। সভাত উপস্থিত লেখক সকলে তেখেতৰ কৰ্মৰাজি আৰু গুণৰ শলাগ লয়। শিক্ষক হিচাপে এখেতলৈ ৰাজ্য চৰকাৰৰ ৰাজ্যিক শিক্ষা পুৰষ্কাৰো প্ৰদান কৰা হৈছে। ওদালগুৰি কলেজৰ বড়ো বিভাগৰ মূৰব্বী অধ্যাপক ড়. নৰেশ্বৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভনিত বন্তি প্ৰজ্বলন কৰে গাহায় মোদায় নামেৰে খ্যাত কবি তথা প্ৰাক্তন বিধায়ক দেবকান্ত ৰামচিয়াৰীয়ে। মুখ্য অতিথি হিচাপে লেখক আৰু সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে কয়- লেখক সকলে সমাজত আদৰ্শ দাঙি ধৰিব লাগে  আৰু লেখক সকলৰ মাজত অধ্যয়নৰ পৰিবেশ থাকিব লাগে বুলি প্ৰকাশ কৰে। ওদালগুৰিত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কৰা লেখক নবীন মল্ল বড়ো আৰু নন্দেশ্বৰ দৈমাৰীৰ লেখনিৰ বিশিষ্টতাৰ শলাগ লয়। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত গয়াৰীয়ে লেখক সকল সমাজৰ সম্পদ বুলি উল্লেখ কৰি নৱীন মল্ল বৰোৰ সাহিত্যিক অৱদানৰ শলাগ লয়। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত সতীশ বসুমতাৰী, মোদায় গাহায়, বিবুংসা বসুমতাৰী, অৰুণ স্বৰ্গীয়াৰী, বোহৈচাৰ ব্ৰহ্ম, সুকুমণি নাৰ্জাৰীয়ে বৰো কৱিতা পাঠ কৰে। অসম নেপালী সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সহদেব গৌতমে নেপালী ভাষাৰ কৱিতা আৰু ওদালগুৰি জিলা নেপালী সাহিত্য সভাৰ সম্পাদক মোহন কুমাৰ ছেত্ৰী আৰু বৈদ্যনাথ উপাধ্যায়ে হিন্দী কৱিতা পাঠ কৰাৰ বিপৰীতে  ধনুৰাম বসুমতাৰীয়ে বড়ো গল্প পাঠ কৰে। সভাৰ শেষত লেখক নবীন মল্ল বড়োয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।  সভাত ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াও উপস্থিত আছিল।

আগ্ছু ডিমাকুচী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ

সদৌ অসম গোৰ্খা ছাত্র সন্থা ( আগ্ছু)  ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ডিমাকুচী আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সম্পন্ন হৈছিল। আঞ্চলিক সমিতিৰ পুৰনি সমিতি ভঙ্গ কৰি দিপক অধিকাৰিক সভাপতি আৰু মিলন শৰ্মাক সাধাৰণ সম্পাদক পদত নিৰ্বাচিত কৰি ডিমাকুচী আঞ্চলিক সমিতি পুনৰ গঠন হয়। যোৱা ১০ অক্টোবৰ তাৰিখে উক্ত নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক কাৰ্য্যভাৰ অৰ্পণৰ লগতে জিলা সমিতিয়ে শপতগ্ৰহণো কৰোৱায়। ওদালগুৰি জিলাৰ শুকলাই চ’কত অৱস্থিত গোৰ্খা ভৱনত ডিমাকুচী আঞ্চলিক সমিতিৰ সভাপতি কিশোৰ চিৱাকোটীৰ সভাপতিত্বত আয়োজিত সাধাৰণ সভাত ওদালগুৰি জিলা সমিতি আগ্ছুৰ সাংস্কৃতিক সম্পাদক নৃপেন ভুৰ্তেল আৰু জিলা সদস্য অৰ্পণ ছেত্ৰীয়ে  আঞ্চলিক সমিতিৰ সদস্য সকলক গোপনীয়তা আৰু শপত পাঠ কৰায়।  উক্ত আঞ্চলিক সমিতিত সভাপতি দিপক অধিকাৰী, উপ সভাপতি চৰণ কটোৱাল আৰু শিৱ অধিকাৰী, সাধাৰণ সম্পাদক মিলন শৰ্মা, সহ সম্পাদক বালাকৃষ্ণ অধিকাৰী, খেম আচাৰ্য্য আৰু অমিত সাপকোটাৰ লগতে আঞ্চলিক সমিতিৰ অন্যান্য সদস্যই শপতগ্ৰহণ কৰে।উক্ত শপতগ্ৰহণ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকি সাংগঠনিক বক্তব্য আগবঢ়ায় ক্ৰমে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মা, আগ্ছু কেন্দ্ৰীয় সদস্য কুমাৰ কটোৱাল, অসম গোৰ্খা সন্মিলন বি টি চি ক্ষেত্ৰীয় সমিতিৰ উপদেষ্টা কৃষ্ণ গিৰি, ভাষা সেনানী ইন্দ্ৰ চিৱাকোটী, আগ্ছু বি টি চি ক্ষেত্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক সুদৰ্শন ভূষাল আৰু ডিমাকুচী আঞ্চলিক আগ্ছুৰ উপদেষ্টা কেদাৰ ভণ্ডাৰী আদিয়ে নতুনকৈ গঠন হোৱা আঞ্চলিক সমিতিক শুভেচ্ছা জনোৱাৰ লগতে ছাত্র সংগঠনে দেশ-জাতি আৰু সমাজৰ কাম কৰি যাবলৈ ছাত্র সংগঠনক আহ্বান জনায়।

পূৰৱী গোস্বামীৰ ‘অজানিতে মোৰ মনে’ শীৰ্ষক কবিতা পুথি উন্মোচন

দেৰগাঁৱৰ এগৰাকী উদিয়মান কবি, লেখক পূৰৱী গোস্বামীৰ “অজানিতে মোৰ মনে” শীৰ্ষক এখনি কবিতা পুথি যোৰহাট বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।উজনি অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ পৰিবেশত গোস্বামীৰ “অজানিতে মোৰ মনে” শীৰ্ষক কবিতা পুথি খন উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই ।জীৱনৰ প্ৰথম বাৰৰ বাবে পুথি আকাৰত প্ৰকাশ কৰি উলিওৱা কবিতা পুথি খন কবিয়ে পিতৃ শ্ৰী শ্ৰী ঢাপকতা সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী আৰু মাতৃ বীনা গোস্বামীৰ নামত অৰ্পন কৰি সুখী অনুভৱ কৰে।

লাহৰীঘাটৰ কাঠনিত সংখ্যালঘু মহিলা সকলৰ বাবে নঈ ৰশ্মি আঁচনিৰ উদ্বোধন

যোৱা কালি মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনি গাঁও পঞ্চায়ত AHSUS ফাউণ্ডেশ্যনৰ উদ্যোগত নঈ -ৰশ্মি নামৰ আচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ ছয় দিনীয়া কাৰ্যসূচীৰে এখন প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰে। ভাৰতৰ চৰকাৰৰ নঈ-ৰশ্মি নামৰ আচনি খনৰ জৰিয়তে সংখ্যালঘু মহিলা সকলক কেনেদৰে সবলীকৰণ আৰু প্ৰৱল নেতৃত্বতৰ অধিকাৰী গড় দিব পৰা যায় তাৰ বাবেই  ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও AHSUS ফাউন্ডেশনৰ সঞ্চালক তথা মৰিগাঁও জিলাৰ জেষ্ঠতম সাংবাদিক, লেখক উপেন চন্দ্র ডেকা।AHSUS ফাউন্ডেশনৰ প্ৰধান সচিব আহাদ উল্লাহ হাজৰিকাই। ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰশিক্ষণ কেন্দ্ৰ ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে কাঠনি গাঁও পঞ্চায়তৰ বহু কেইটা আত্ম সহায়ক গোট মহিলা সকলকৰ লগতে গাঁও পঞ্চায়ত খনৰ সভানেত্ৰী ৰৌজনিল ফাৰুকি। উল্লেখ্য যে স্বাস্থ্য সম্পর্কে সজাগতাৰ ওপৰতো মহিলা সকলক বিভিন্ন ধৰণৰ দিশা-পৰামৰ্শ আগবঢ়ায় আশা চুপাৰ ভাইজাৰ পাৰবিন চুলতানা আৰু গীতা ডেকাই।