Breaking

শ্ৰীশ্ৰী শংকৰ মাধৱ মণিকাঞ্চন মিলন ক্ষেত্র শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত মহাপালনাম, সম্বৰ্ধনা, ভাওনা প্ৰদৰ্শনঃ ভক্ত বৈষ্ণৱক আদৰণি জনালে নাৰায়ণপুৰীয়া ধৰ্মপ্ৰাণ ৰাইজে…

0 29

মহাপুৰুষ শংকৰদেৱে শ্ৰীশ্ৰী বেলগুৰি সত্ৰতে মহাপুৰুষ মাধৱদেৱৰ ৰাজদ্রোহ নিবাৰণৰ উদ্দেশ্যে সাদিন, সাতৰাতি মহাপালনাম গাইছিল। সেই পৰম নাম শক্তিৰ বলতেই শ্রীশ্রী মাধৱদেৱ গুৰুজনাই ৰজাৰ ৰোষৰ পৰা পৰিত্ৰান পাবলৈ সক্ষম হৈছিল। তাৰেই অনুকৰণত আজিৰে পৰা বিশ্ব শান্তিৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰী বেলগুৰি সত্ৰত এভাগি মহাপালনাম আয়োজন কৰাৰ লগতে সম্বৰ্দ্ধনা অনুষ্ঠান আৰু এভাগি মাতৃভাষা ভাওনা প্ৰদৰ্শন কৰা হ’ল। সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে সফল ৰূপায়ণ হয়। অনুষ্ঠানটোৰ পুৱা ৫.০০ বজাত ঊষা কীর্ত্তনেৰে কাৰ্যসূচী আৰম্ভ কৰি ৮.০০ বজাত পৰিৱেশ নিকাকৰণ, ৬ বজাত ধর্ম ধ্বজা উত্তোলন, ৮.১৫ বজাত:বৃক্ষ ৰোপন, ৮.৪৫ বজাত জয় বিজয়ৰ প্ৰতিমূৰ্তি উন্মোচন, ৮.৩০ বজাত বাটচ’ৰা উন্মোচন, ৯.০০ বজাত পুৱাৰ প্ৰসঙ্গ,১০.০০ বজাত বৰপেটা সত্ৰৰ আৰ্হিত মহাপালনাম আৰম্ভ হয়।

মহাপালনামত মূখ্য পাঠক হিচাপে অনিৰুদ্ধ ভড়ালী উপস্থিতঢ থাকে।বিয়লি ২.০০ বজাত : সম্বর্দ্ধনা অনুষ্ঠান, ৫.০০ বজাত বৰবৰী গাঁৱৰ ভক্তসকলৰ দ্বাৰা গুণমালা কীর্ত্তন,৬.৩০ বাজাত নাম প্ৰসংগ অনুষ্ঠিত হ’ব।নাম প্ৰসংগত উপস্থিত থাকে শ্ৰীশ্ৰী বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ, শ্ৰীশ্ৰী সুন্দৰিদিয়া সত্ৰৰ সত্ৰাধিকাৰ, শ্রীশ্রী ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰীশ্ৰী গাংমৌ সত্ৰৰ ডেকা সত্ৰাধিকাৰ, শ্ৰীশ্ৰী বদুলা সত্ৰৰ ডেকা সত্ৰাধিকাৰ আৰু পুৰি প্ৰকল্প উৰিষ্যা’ৰ সভানেত্ৰী কনিকা পাঠক আদি উপস্থিত থাকে।সন্ধ্যা ৭.০০ বজাত “বিপ্ল দামোদৰ উপাখ্যান” ভাওনা প্রদর্শন কৰা হয়।শ্রীশ্রী ধূৱাহাট বেলগুৰি সত্রৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামী লগতে উদ্যোক্তা মণ্ডলীয়ে উক্ত মহাপালনাম ,সম্বৰ্ধনা ভাওনা প্ৰদৰ্শন অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰা ভকত বৈষ্ণৱ তথা সকলো ৰাইজক ধন্যবাদৰে কুশল প্ৰাৰ্থনা জনায়।

Leave A Reply