Breaking

কুকুৰা কণীৰ দৰবীয় গুণৰ বিষয়ে জানো আহক…

0 196

উচ্চ গুণ বিশিষ্ট প্ৰ’টিনেৰে সু-সমৃদ্ধ কুকুৰা কণী অতিশয় পুষ্টিকৰ খাদ্য বুলি প্ৰতিপন্ন হৈছে আৰু ইয়াৰ দৰবীয় গুণৰ বিষয়েও সদৰি হৈছে। কণীৰ খোলাত অতিশয় অধিক পৰিমাণে কেলচিয়াম থাকে বাবে ইয়াক দাঁতৰ ৰোগ তথা হাড়ৰ অ’ষ্টিঅ’প’ৰ’ছিছ নামৰ বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। কৰ্কট ৰোগৰ চিকিৎসা চলি থকা ৰোগীৰ বেলিকা কণীৰ খোলাই চুলি তথা পেশীৰ বৃদ্ধি সম্ভৱ কৰে। ই ৰোগ প্ৰতিৰোধ গঢ়ি দেহৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰে। পোৰা ছালত ইয়াক প্ৰয়োগ কৰিলে ইয়াৰ মান উন্নত হয়। কুকুৰা কণীৰপৰা প্ৰ’টিন তথা উৎসেচক লাভ কৰা যায়, যিবোৰ চিকিৎসা কৰ্মত ব্যৱহাৰ হয়। এই কণীৰ বিজলুৱা অংশই উৎপাদন কৰা প্ৰ’টিন মানুহৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰাত ব্যৱহাৰ হয়। ইয়াৰ ক্ষুদ্ৰ প্ৰতিদেহ ছালৰ কৰ্কট ৰোগ তথা সন্ধিবাতৰ চিকিৎসাত বিশেষ ফলপ্ৰসূ। ৰোগ প্ৰতিষেধকৰ বিকাশ সাধন কৰিবলৈ কুকুৰা কণী অতিশয় অগ্ৰাধিকাৰ পোৱা মাধ্যম, যাৰ জৰিয়তে প্ৰাণী তথা হাঁহ-কুকুৰাৰ দৰে ঘৰচীয়া চৰাইৰ প্ৰতিষেধক উৎপাদন কৰা হয়। মানুহৰ ইনফ্লুৱেঞ্জা ৰোগৰ প্ৰতিষেধক একে প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়।

কুকুৰা কণী লাইছ’জাইম নামৰ স্বাভাৱিক প্ৰ’টিনেৰে সমৃদ্ধ-

যি উপাদান বেক্টেৰিয়া প্ৰতিৰোধী অত্যুত্তম গুণসম্পন্ন- যাৰ আধাৰ ঘাইকৈ কণীৰ বিজলুৱা অংশ। হিচাপ কৰি পোৱা মানুহে অনাদি কালৰপৰাই কণী খাই আহিছে বুলি ধাৰণা কৰিব পৰা যায়। পুষ্টি বিজ্ঞানৰ দৃষ্টিত ইয়াক উৎকৃষ্ট আহাৰৰ শাৰীত অন্তৰ্ভুক্ত কৰা হৈছে। কিয়নো মানুহৰ দেহ-মন সুস্থ-সবল কৰি ৰখাৰ বাবে লগা প্ৰায় সকলো উপাদান কণীত পোৱা যায়। এনেবোৰ কাৰণতে আজি বিশ্বৰ প্ৰতি কোণতে কণীৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।

হাঁহ কণী কেঁচাই খালে, ইয়াত থকা ‘ট্ৰিপচিনইনহিবিটৰ’ বোলা যি পদাৰ্থ থাকে-

সি প্ৰ’টিনৰ খাদ্যগুণ কমোৱাৰ সম্ভাৱনা থকাত হাঁহ কণী ভালকৈ উতলাই খোৱাদি কুকুৰাৰ কণী নাখালেও হয় বুলি বিশেষজ্ঞৰ অভিমত পোৱা যায়। আমি দেখিবলৈ পাওঁ যে কণী একোটাৰ ভিতৰভাগত দুটি অংশ থাকে- বাহিৰ মতে, এজনী মাইকী কুকুৰাই বছৰি ৬.৫ গ্ৰামৰ ওচৰা-উচৰি লাইছ’জাইম উৎপন্ন কৰে। ই প্ৰতিজৈৱিক হিচাপে কাম কৰি বেমাৰ সৃষ্টিকাৰী বেক্টেৰিয়া ধ্বংস কৰাৰ উপৰি ই বেদনা প্ৰতিৰোধীৰ কাম কৰে। টেমুনাবিৰোধী কাম কৰাৰ লগতে দেহ প্ৰতিৰোধী কোষবোৰ সক্ৰিয় ভাগৰ বিজলুৱা অংশ, যাক এলবুমিন কোৱা হয় আৰু ভিতৰভাগৰ হালধীয়া অংশটোক কুহুম কোৱা হয়। কণীৰ সেই বগা অংশটো ঘাইকৈ খনিজ লৱণ, প্ৰ’টিন আৰু খাদ্যপ্ৰাণত চহকী হোৱাৰ বিপৰীতে কুহুম অংশটো প্ৰধানকৈ চৰ্বি আৰু কলেষ্টেৰলৰ প্ৰধান ভাণ্ডাৰ বুলিব পাৰি। এইটো সহজেই দেখিবলৈ পোৱা যায়- কণী একোটা সিজালে ভিতৰৰ দুটি অংশ বাৰুকৈ পৰিসফুট হৈ ওলাই পৰে আৰু তেতিয়া সহজেই উভয়ক পৃথক কৰিব পৰা হয়। সি যি কি নহওক, কণী একোটাত সামগ্ৰিকভাৱে কৰি তোলে। সাপৰ বিহ প্ৰশমন কৰিবলৈ কণীত প্ৰতিপদাৰ্থ উৎপাদন কৰিব পাৰি। কুকুৰা কণীত উৎপন্ন কৰা সাপৰ বিহ প্ৰশমন কৰা পদাৰ্থই অতি ক্ষিপ্ৰতাৰে কাম কৰে। আনকি বিছা পোক, জেলী মাছ, মকৰা আদিৰ বিহো পানী কৰে। কণীৰ বগা অংশটো জনপ্ৰিয় স্বাভাৱিক প্ৰতিবিধান, যাক পাকস্থলীৰ প্ৰদাহ, ঘা, অন্ত্ৰ প্ৰদাহ তথা মলাশয়ৰ কৰ্কট ৰোগত প্ৰয়োগ কৰি সূফল পোৱা যায়। কুকুৰা কণীৰ সক্ৰিয় প্ৰ’টিন, ১০০ গ্ৰামত পোৱা পুষ্টি উপাদানবোৰ এনে-

১)প্ৰ’টিন(৬.২৫ গ্ৰাম),

২)কাৰ্ব’হাইড্ৰেট(০.৬ গ্ৰাম),

৩)সম্পৃক্ত চৰ্বি(১.৫৫),

৪)অসম্পৃক্ত চৰ্বি(২.৫৯ গ্ৰাম),

৫)কলেষ্টেৰল(২১৩ মিঃ গ্ৰাম),

৬)ভিটামিন বি১(০.০০০৩ মিঃ গ্ৰাম),

৭)বি২(৭০.৩ মাইক্ৰ’গ্ৰাম),

৮)বি১২(১৮ মাইক্ৰ’গ্ৰাম),

৯)এ(৪২০ এম চি চি),

১০)ই(০.০৭ আই ইউ),

১১)ডি(২৪৫ আই ইউ),

১২)কলিন(২১৫.১১ মিঃ গ্ৰাম),

১৩)আইৰণ(০.৭০ মিঃ গ্ৰাম),

১৪)মেগনেছিয়াম(৫ মিঃ গ্ৰাম),

১৫)কপাৰ(০.০০০৭ মিঃ গ্ৰাম),

১৬)আয়’ডিন(০.০২৪ মিঃ গ্ৰাম),

১৭)জিংক(০.৫০ মিঃ গ্ৰাম),

১৮)ছ’ডিয়াম(৬৩ মিঃগ্ৰাম) আৰু

১৯)মেংগানিজ(০.০১২ মিঃ গ্ৰাম)

ইবিলাকৰ উপৰি ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যই যোগাব পাৰে ৯০ কেল’ৰি শক্তি। এতেকে এনে তথ্যই সূচায়- কণী কিমান গুৰুত্বপূৰ্ণ খাদ্য হ’ব পাৰে।

কণী, বিশেষকৈ কুকুৰা কণীৰ ক্ষেত্ৰত এটা কথা কোৱা হয় যে স্থানীয় আৰু ফাৰ্মৰ কণীৰ মাজত গুণগত দিশত কোনো প্ৰভেদ নাথাকে। কিন্তু শেহতীয়া তথ্য মতে, দুয়োৰে মাজত কিছু পাৰ্থক্য থকাটো পোহৰলৈ আহিছে। স্থানীয় কণীৰ কুহুমৰ ৰং ফাৰ্মতকৈ বেছি উজ্জ্বল হালধীয়া। তাৰ কাৰণ হৈছে তাত উচ্চ মাত্ৰাত বিটা কেৰ’টিন থকাটো। এটা বিটা কেৰ’টিন হৈছে এন্টি অক্সিডেন্ট গুণসম্পন্ন, যাৰ উচ্চ ৰোগ প্ৰতিৰোধী ক্ষমতাও থাকে। তদুপৰি এনে কণীত ৩০ শতাংশ বেছিকৈ ভিটামিন ই, ৩০ শতাংশ বেছিকৈ ভিটামিন বি১২ আৰু ৫০ শতাংশৰো অধিক পৰিমাণৰ ফলিক এচিড থাকে। ইয়াৰে ভিটামিন ইয়ে প্ৰজনন ক্ষমতা ৰক্ষা কৰাৰ লগতে হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধতো ইতিবাচক ভূমিকা গ্ৰহণ কৰে। তেনেকৈ ফলিক এচিডে দেহৰ আইৰণ গঠনত সহায় কৰে। একেদৰেই ভিটামিন বি১২ আৰু ফলিক এচিডে মিলি মগজুক সুস্থ-সবল কৰি ৰখাত সহায় কৰে।

কণীত ইমানবোৰ গুৰুত্বপূৰ্ণ উপাদান থাকিলেও কিন্তু কণীক লৈ বিতৰ্কৰ অন্ত নাই। বিশেষকৈ ইয়াৰ কুহুম অংশক লৈও। এইটো জনা কথা যে মাংসতকৈ কণীত বেছি পৰিমাণে কলেষ্টেৰ’ল থাকে(১৩০০ মিঃ গ্ৰাম/১০০ গ্ৰামপৰ্যন্ত)। আৰু যিহেতুকে উচ্চ কলেষ্টেৰ’ল ৰক্তবাহী নলিকাৰ বেৰত চামনিৰ সৃষ্টি কৰি ৰক্তপ্ৰবাহ ব্যাহত কৰি হৃদৰোগ তথা ৰক্তচাপজনিত ৰোগৰ উদ্ৰেক ঘটোৱাৰ আশংকা প্ৰকট হৈ উঠে, সেয়ে ইয়াক বেছিকৈ খালে উক্ত ৰোগ দুবিধৰ বলি হোৱাৰ আশংকা থাকে। উল্লেখ্য, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এদল চিকিৎসকে ২০ বছৰ ধৰি ২২০০০ লোকৰ ওপৰত চলোৱা সমীক্ষাৰ অন্তত ব্যক্ত কৰে যে মধ্য বয়সৰ লোকে সপ্তাহত সাতটা বা ততোধিক কণী খালে আয়ূস কমাৰ প্ৰবল সম্ভাৱনা থাকে। বিশেষকৈ, মধুমেহ ৰোগত ভোগা লোকসকলে অত্যধিক কণী খোৱাৰপৰা বিৰত থকাটো উচিত বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে। ইয়াৰ বিপৰীতে আকৌ অন্য এচাম বিজ্ঞানীৰ মতে কণীত উচ্চ মাত্ৰাত কলেষ্টেৰ’ল থাকিলেও সেইখিনিয়ে ক্ষতি নকৰে। কাৰণ সেইখিনি তেজত বেছি সময়লৈ নাথাকে, পিছত সেইখিনি দেহত অন্য উপকাৰী কামতহে ব্যৱহৃত হয়। এইক্ষেত্ৰত উদাহৰণ হিচাপে জাপানীসকলৰ কথা কোৱা হৈছে, যিসকলে বিশ্বৰ ভিতৰতে বোলে সৰ্বাধিক হাৰত কণী ভক্ষণ কৰে। অথচ জাপানৰ লোকৰ গড় আয়ূস সকলোতকৈ বেছি। তেনেকৈ ফ্ৰান্স, মেক্সিকো বা স্পেইন আদি দেশৰ লোকেও বেছিকৈ কণী খায় যদিও হেনো তাত হৃদৰোগত অসুস্থ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৰ কম। সেয়েহে নিয়ন্ত্ৰিত ৰূপত ইয়াক গ্ৰহণ কৰাটোৱেই বুদ্ধিমানৰ কাম।

লেখক: আনন্দ দেৱগোস্বামী

Leave A Reply