Breaking

কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…

0 33

ড০ বুলজিৎ বুঢ়াগোহাঁই


কালি অসম ডনবস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত‌ আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতাৰ ওপৰত এখন সভা অনুষ্ঠিত হয়। সমল ব্যক্তি হিচাবে উপস্থিত থাকে ৰাজ্যৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনবস্ক বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মূৰব্বী ড০ বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক কমলদীপ কলিতা। আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থকা কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে শিক্ষয়িত্ৰী মমী গায়ন দাসে আৰু আঁতধৰে শিক্ষয়িত্ৰী ড০ আকাশী বৰুৱাই।

কৰ্মশালাখনত সমল ব্যক্তি হিচাবে উপস্থিত থাকি ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য বাণিজ্য বা বৃত্তিমুখী শাখাত শিক্ষা লাভ কৰি নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে শিক্ষাৰ্থী সকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰি সেই বিষয়ে বহলাই ব্যাখ্যা কৰে। ড০ বুঢ়াগোহাঁইয়ে তেওঁৰ ভাষণত আৰু কয় যে কামৰ কোনো সৰু বৰ নাই। আই টি আইৰ বিভিন্ন ট্ৰেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰমৰ বিষয়েও ড০ বুঢ়াগোহাঁইয়ে আলোচনা কৰে।

তেওঁ প্ৰতিদিনে বাতৰি কাকত পঢ়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষা তথা নিযুক্তি বাবে আয়োজন কৰা সাক্ষাৎকাৰ সমূহত সাধাৰণ জ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে। ড০ বুঢ়াগোহাঁইয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে আৰু প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগৱঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।আন এগৰাকী সমল ব্যক্তি কমলদীপ কলিতাই শিক্ষাৰ্থী সকলক নিজৰ কেৰিয়াৰত এটা লক্ষ্য থকাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। তেওঁ প্ৰযুক্তি ভিত্তিত শিক্ষণৰ ব্যৱহাৰৰ বিষয়েও ব্যাখ্যা কৰে আৰু শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশত ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়েও অৱগত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা পূৰবী ভৰালীয়ে।

Leave A Reply