Breaking

ধনিয়া পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

0 3,396

ধনিয়া পাতৰ উপকাৰিতাঃ

খোৱাৰ পাছত হাত-মুখ নোধোৱাকৈ আমি নাথাকোঁ। কিন্তু আমাৰ শৰীৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বৃক্ক পৰিষ্কাৰ হৈ থাকে নে নাথাকে সেয়া আমি অৱগত নহওঁ। দূষিত পদাৰ্থ জমা হ’লে বৃক্কৰ অৱস্থা বেয়া হয়। আমাৰ শৰীৰত চেকনিৰ কাম কৰা বৃক্কৰ বাধাৰ বাবেই নিমখ, বিষ বা আন অবাঞ্ছিত পদাৰ্থসমূহ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু বৃক্ক দুৰ্বল হৈ পৰিলে শৰীৰৰ বাবে ক্ষতিকৰ বৰ্জ্য পদাৰ্থ তেজত জমা হয়।

তেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। বৃক্ক ভালে ৰখাৰ ঘৰুৱা সহজ উপায় হৈছে ধনিয়া পাতৰ ব্যৱহাৰ। পৰিষ্কাৰ পানীৰে এমুঠি ধনিয়াৰ পাত ধুই লৈ সেইখিনি টুকুৰা-টুকুৰকৈ কাটি এটা পাত্ৰত ৰাখিব। তাৰ পাছত কিছু পৰিষ্কাৰ পানীত ১০ মিনিট সময় উতলাব। ঠাণ্ডা হ’লে পৰিষ্কাৰ বটলত সেয়া ৰাখিব।

ফ্ৰিজতো ৰাখিব পাৰে। এয়া হৈছে ধনিয়াৰ জুচ। প্ৰতিদিনে এগিলাচ ধনিয়া পাতৰ জুচ খোৱাটো বৃক্কৰ বাবে অতি উপকাৰী। বৃক্কৰ মাজত থকা নিমখ আৰু বিষাক্ত পদাৰ্থ প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হৈ যায়। কেৱল বৃক্কৰ বাবে নহয়, শৰীৰৰ আন অংগৰ বাবেও ধনিয়াৰ পাত মহৌষধ।

এমুঠি ধনিয়া পাতত ১১ শতাংশ আঁহ, ৪ শতাংশ প্ৰ’টিন, ১ শতাংশ কেলৰি, ১ শতাংশ কাৰ্ব’হাইড্ৰেট, ১ শতাংশ শৰ্কৰা, ২১ শতাংশ মেংগানিজ, ১৫ শতাংশ পটাছিয়াম, ১১ শতাংশ কপাৰ, ১০ শতাংশ আয়ৰন, ৭ শতাংশ কেলচিয়াম, ৪৫ শতাংশ ভিটামিন চি, ১৩৫ শতাংশ ভিটামিন এ আদি থাকে। ধনিয়া পাত খোৱাৰ ফলত পেটৰ অসুখ হ্ৰাস পোৱাৰ লগতে হজম শক্তি বৃদ্ধি পায়, ৰক্তচাপ কমে, হাড়ৰ স্বাস্থ্য ভালে ৰাখে।

Leave A Reply