Breaking

সাৱধান ধপাত সেৱনৰ ফলত কেন্সাৰৰ লগতে অন্ধও হ’ব পাৰে…

0 79

অল ইণ্ডিয়া ইনষ্টিটিউড অব মেডিকেল ছায়েন্স (এইম্‌ছ) ৰ চিকিৎসক সকলে অলপতে প্ৰকাশ কৰিছে যে ধপাত সেৱনৰ ফলক কেৱল কেন্সাৰেই যে হ’ব পাৰে, তেনেন নহয়, দীৰ্ঘদিন ধৰি ধপাত সেৱন কৰি থাকিলে দৃষ্টিশক্তিও নষ্ট হ’ব পাৰে। চিকিৎসক সকলে লগতে এই কথাও কৈছে যে, এই বিষয়ৰ ওপৰত হোৱা অধ্যয়নত এই কথা প্ৰমাণিত হৈছে যে, ধুম্ৰপান কৰা লোক সকলৰ ধূমপান নকৰা লোকৰ তুলনাত চকুত ছানি পৰাৰ আশংকা বৃদ্ধি পায়। পাঁচৰ পৰা দহ বছৰ পৰ্যন্ত ধপাত সেৱন কৰি থাকিলে চকুৰ ৰক্তবাহী সিৰাবোৰ ক্ৰমে নষ্ট হৈ পৰে আৰু তাৰ ফলত দৃষ্টিশক্তি বিনষ্ট হ’ব পাৰে।

এইম্‌ছ হস্পিতালৰ ‘ৰাজেন্দ্ৰ প্ৰসাদ নেত্ৰ বিজ্ঞান কেন্দ্ৰ’ৰ মুখ্য চিকিৎসা ডাঃ অতুল কুমাৰে কৈছে যে, এই কাৰণত হোৱা অন্ধতা নিৰাময় কৰিব নোৱাৰি। মানুহে জানে যে, ধূমপান আৰু ধপাত সেৱনে, বিশেষকৈ মুখেৰে চোবাই খোৱা ধপাতে হৃদৰোগ আৰু কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে। কিন্ত ধপাত সেৱনৰ ফলত চকুৰ দৃষ্টিশক্তি নাইকিয়া হোৱা বা চকুৰ অন্য সমস্যা হোৱাৰ কথা পূৰ্বতে বিস্তৃত ভাৱে জানিব পৰা হোৱা নাছিল। ডাঃ অতুল কুমাৰে কৈছে যে, এইমছ হস্পিতালত দৃষ্টিশক্তি হেৰুওৱা মুঠ ৰোগীৰ পাঁচ শতাংশৰে ধপাত সেৱনৰ ফলত এই অৱস্থা হৈছে। ডাঃ কুমাৰে কৈছে যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সহযোগত ‘ৰাষ্ট্ৰীয় দৃষ্টিহীনতা’ৰ ওপৰত এটি সমীক্ষা চলোৱা হৈছিল। এই অধ্যয়নৰ উদ্দেশ্য আছিল দেশৰ দৃষ্টিহীন লোকৰ দৃষ্টিহীনতাৰ কাৰণবোৰ পৰ্যবেক্ষণ কৰা।

‘কমিউনিটি অপথেলমোলজি’ৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰবীণ বশিষ্ঠৰ মতে এই সমীক্ষাটোৰ কাৰণে বাছি লোৱা ৩০ খন জিলাৰ ভিতৰত ১৯ খন জিলাৰ পৰা তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। এই অধ্যয়নটো অহা বছৰৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ‘বিশ্ব স্বাস্থ্য সংস্থা’ই ২০১০ চনত সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি কৈছে যে ভাৰতত এতিয়া বিশ্বৰ ২০ শতাংশ দৃষ্টিহীন লোক আছে।

Leave A Reply