Breaking

দিল্লীৰ তিব্বত ৰিভাৰ কনফাৰেন্সত ব্ৰহ্মপুত্ৰত চীনা বান্ধৰ বিৰোধিতা

0 555

নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেছনেল চেণ্টাৰত অনুষ্ঠিত চতুৰ্থ তিব্বত ৰিভাৰ কনফাৰেন্সত ব্ৰহ্মপুত্ৰত নিৰ্মিয়মান চীনা বান্ধ আৰু নদীৰ সোঁত চীনৰ ভূভাগলৈ বোৱাই নিয়াৰ তীব্ৰ বিৰোধিতা কৰা হয়৷ তিব্বেতান ষ্টুডেণ্টছ ফৰ এ ফ্ৰী তিব্বত সংগঠনে বিশ্ব জল দিৱসৰ সৈতে সংগতি ৰাখি ‘ব্ৰহ্মপুত্ৰ : লাইফলাইন অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া’ বিষয়ত আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় অভিবৰ্ত্তনত বিশ্বৰ বহু দেশৰ ব্ৰহ্মপুত্ৰ গৱেষক প্ৰযুক্তিবিদ, পৰিৱেশবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰে৷ অভিবৰ্ত্তনত অংশগ্ৰহণকাৰীক আদৰণী জনাই আয়োজক সংগঠনৰ সঞ্চালক টেনজিন লেকধেন চোখাঙে বৌদ্ধ মন্ত্ৰোচ্চাৰণেৰে অনুষ্ঠানৰ পৱিত্ৰ শুভাৰম্ভ কৰে আৰু নিমন্ত্ৰিত বিশিষ্ট বক্তাসকলক পৰিচয় কৰাই মঞ্চলৈ আমন্ত্ৰণ জনায়৷

বিশিষ্ট তিব্বতীয় গৱেষক টাশি য়াংনামে সঞ্চালনা কৰা প্ৰথম অধিৱেশনত প্ৰধান বক্তা হিচাপে গুৱাহাটীৰ পৰা নিমন্ত্ৰিত নদী-গৱেষক অভিযন্তা, লেখক আৰু চলচ্চিত্ৰকাৰ অৰ্ণৱ জান ডেকাই ‘চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰা বান্ধে অনা পৰিৱেশগত প্ৰত্যাহ্বান’ বিষয়ত ভাষণ প্ৰদান কৰি ব্ৰহ্মপুত্ৰৰ পানী চীনে নিজৰ দেশৰ মধ্যভাগলৈ বোৱাই নিবলৈ উচ্চাভিলাসী আঁচনি প্ৰস্তুত কৰি নিৰ্মাণ কৰি থকা ন-টা বান্ধৰ বিষয়ে প্ৰায় ডেৰদশকধৰি কৰি অহা নিজা গৱেষণাৰ আভাস দিয়ে৷ বৃটিছ গৱেষকৰ সহযোগত অসম ফাউণ্ডেছন-ইণ্ডিয়াৰ অধীনত ‘চেভ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ’ শীৰ্ষক প্ৰকল্প দুহেজাৰ ন চনত আৰম্ভ কৰি লাভ কৰা অভিজ্ঞতা তেওঁ বৰ্ণনা কৰে৷ চীনে য়াৰলুং ছাংপো বা ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত গোপনে নিৰ্মাণ কৰি থকা বান্ধকেইটাৰ লগতে সোঁৱণশিৰি নৈৰো ওপৰভাগত নিৰ্মাণ কৰি থকা বান্ধৰ বিষয়ে তেওঁ দুহেজাৰ দহ চনতে সদৰী কৰা সময়ত চীন চৰকাৰে আনুষ্ঠানিকভাৱে অস্বীকাৰ কৰিছিল যদিও দুহেজাৰ পোন্ধৰ চনত প্ৰথমটো বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছৰ পৰাহে চীন চৰকাৰে বিষয়টোৰ সত্যতা স্বীকাৰ কৰা বিষয়েও তেওঁ তথ্য সহকাৰে উপস্থাপন কৰে৷ যোৱা দুহেজাৰ একৈশ চনলৈকে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতত ঝাংমু, জিয়াচা, দাগু আৰু জিয়েসু নামৰ চাৰিটা বান্ধ সাজি সম্পূৰ্ণ কৰি সম্প্ৰতি নিয়মিত জলবিদ্যুৎ উৎপাদন কৰাৰ লগতে ইচ্ছানুসৰি পানীৰ গতি নিয়ন্ত্ৰণ কৰি অসমৰ সমতলত আকস্মিক বানৰ প্ৰলয় সৃষ্টি কৰাৰ বিষয়েও তেওঁ তথ্য দাঙি ধৰে৷ এই বান্ধবোৰ নিৰ্মাণৰ সময়ত চিমেণ্ট আৰু অন্য ক্ষতিকৰ ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ কৰি ব্ৰহ্মপুত্ৰৰ পানী দুষিত কৰি অসমবাসীলৈ ভয়ংকৰ দুৰ্যোগ নমাই অনাৰ বিষয়ে তেওঁ সদৰি কৰে৷ তিব্বত আৰু অসমৰ সহস্ৰ বছৰ পুৰণি ঘনিষ্ঠ সম্পৰ্কৰ কথাও বক্তাগৰাকীয়ে ভাষণত উল্লেখ কৰি মহাপুৰুষ শংকৰদেৱসৃষ্ট বৃন্দাৱনী বস্ত্ৰ তিব্বতীয়সকলে কেইবাশতিকাধৰি সংৰক্ষণ কৰি ৰখা বাবেহে এতিয়া বৃটেইন, ফ্ৰান্স আৰু আমেৰিকাৰ যাদুঘৰত চাব পৰা অৱস্থাত আছে বুলি জনায়৷ ভৱিষ্যতে তিব্বত আৰু অসমে পুনৰ পুৰাতন সম্পৰ্ক নৰূপত গঢ়ি ব্ৰহ্মপুত্ৰ গৱেষণাৰ লগতে ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আদান-প্ৰদানৰ নতুন ৰূপত ব্যৱস্থা প্ৰৱৰ্ত্তনৰ বাবে অসমীয়া গল্পকাৰ-ঔপন্যাসিকগৰাকীয়ে আহ্বান জনায়৷

অভিৱৰ্ত্তনৰ দ্বিতীয়গৰাকী বক্তা, তিব্বতত জন্ম লভি বৰ্ত্তমান ভাৰতৰ পৰা বিশ্বজুৰি তিব্বত সম্পৰ্কে প্ৰচাৰত আগভাগ লৈ অহা পৰিৱেশ-গৱেষিকা ডঃ লবছাং য়াংটছোই ব্ৰহ্মপুত্ৰৰ ওপৰত বতৰ পৰিৱৰ্ত্তনৰ প্ৰভাৱৰ বিষয়ে ভাষণ প্ৰদান কৰি তিব্বত-অৰুণাচলৰ সীমাৰ ভাৰতীয় গাওঁ টুটিঙত বাস কৰা নিৰ্বাসিত তিব্বতীয়সকলৰ বৰ্ত্তমান শোকাৱহ অৱস্থাৰ বিষয়ে ক্ষেত্ৰভিত্তিক তথ্যৰে বৰ্ণনা কৰে৷ এই দুৰ্ভগীয়া তিব্বতীয়সকলে ভাৰতীয় নাগৰিক নোহোৱা বাবে ভাৰতত কোনো সুবিধা লাভ নকৰাকৈ অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া অৱস্থাটো উল্লেখ কৰি তেওঁ জনায় যে তেওঁলোক এতিয়াও বিজুলী-পানীৰ দৰে সুবিধাৰ পৰাও বঞ্চিত হৈ আছে৷ ভাৰতৰ পৰা চৰকাৰী সুবিধা নোপোৱা বাবে তেওঁলোকে ধৰমশালাস্থিত তিব্বতীয় নিৰ্বাসিত চৰকাৰৰ পৰা লাভ কৰা আৰ্থিক সাহায্যৰ ওপৰত সম্পূৰ্ণভাৱে নিৰ্ভৰশীল৷

দুয়োগৰাকী বক্তাৰ ভাষণৰ অন্তত এক আকৰ্ষণীয় প্ৰশ্নোত্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিৱৰ্ত্তনত উপস্থিত বহু গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে তিব্বতীয় নদী, সমাজ, পৰিৱেশ আৰু বান্ধৰ বিষয়ে অসমবাসীৰ মতামত আৰু ভূমিকা জানিবলৈ কৌতূহল প্ৰকাশ কৰে৷ তিব্বতত ব্ৰহ্মপুত্ৰ আৰু আন নৈৰ ওপৰত চীনে সাজি থকা বান্ধ আৰু ব্ৰহ্মপুত্ৰৰ পানী চীনৰ মধ্যভাগলৈ বোৱাই নিবলৈ কৰি থকা আঁচনিৰ বিষয়ে অসমৰ চৰকাৰী স্থিতি জানিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰা বাবে বক্তা অৰ্ণৱ জান ডেকাই অসমৰ বৰ্ত্তমান মুখ্যমন্ত্ৰীয়ে দুহেজাৰ দহ চনতে অসম বিধান সভাত চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত সাজি থকা বান্ধ আৰু সোঁত সলনি কৰাৰ আঁচনিৰ বিৰোধিতা কৰি প্ৰদান কৰা ভাষণ আৰু কাকতত প্ৰকাশিত প্ৰৱন্ধ অভিৱৰ্ত্তনত সদৰী কৰে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে নিজৰ উদ্বিগ্নতা জনাই আহিছে বুলি জনায়৷ তিব্বতীয় খাদ্য মোমো অসমীয়া যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় আৰু অসমীয়াই তিব্বতীয়ৰ সৈতে অধিক ঘনিষ্ঠতা গঢ়িবলৈ পালে ভাল পাব বুলি বুলি তেওঁ জনায়৷

ডঃ লবছাং য়াংটছোৰ সঞ্চালনাত অনুষ্ঠিত অভিৱৰ্ত্তনৰ দ্বিতীয় অধিৱেশনত তিব্বেতান চেণ্টাৰ ফৰ হিউমেন ৰাইটছ আণ্ড ডেমোক্রেছিৰ আইন বিষয়া টেনজিন নৰদিন, গৱেষক ডঃ মিৰ্জা জুলফিকৰ ৰহমান আৰু গৱেষিকা ধোনদ্ৰুপ ৱাংমোএ ভাষণ প্ৰদান কৰে৷ ৱাংমোএ তিব্বতৰ তৃতীয় মেৰু ক্রায়োস্ফেয়াৰ বিষয়ত মনোজ্ঞ ভাষণ দি ব্ৰহ্মপুত্ৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰে৷ ডঃ মিৰ্জাই হিমালয়ৰ চৌপাশৰ তিব্বতীয় নদীবোৰৰ দুয়ো সীমাৰ দেশবোৰত পৰিৱেশগত, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভাৱ সম্পৰ্কে ভাষণত উল্লেখ কৰে৷ আইনজ্ঞ নৰদিনে তেওঁৰ ভাষণত তিব্বতত মানৱ অধিকাৰ বিচাৰি মৃত্যুবৰণ কৰা, নিখোজ হৈ থকা আৰু এতিয়াও জেলবন্দী হৈ থকা মানৱ অধিকাৰকৰ্মীসকলৰ অৱস্থাৰ বিষয়ে এক বিশদ ব্যাখ্যা দাঙি ধৰে আৰু নিজ জন্মভূমিৰ পৰা বিতাৰিত তিব্বতীয়সকলৰ মনোবেদনা প্ৰকাশ কৰে৷

অভিবৰ্ত্তনত চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ সাজি নৈখনৰ পানীভাগ চীনৰ মধ্যভাগলৈ বোৱাই নিবলৈ কৰা পৰিকল্পনাৰ ঘোৰ বিৰোধিতা কৰা হয় আৰু ভৱিষ্যতে এই বিষয়ক গৱেষণাত তিব্বত আৰু অসমৰ গৱেষকৰ সহযোগিতা কামনা কৰে৷ সামৰণী ভাষণ প্ৰদান কৰি তিব্বতীয় ছাত্ৰ সংগঠনৰ দিল্লী চোৰৰ সভানেত্ৰী ন্যিদোন টেনজিনে অভিবৰ্ত্তন সফল কৰাত সকলোৰে সহযোগৰ শলাগ লয় আৰু বিভিন্ন বিষয়ত ভাষণ প্ৰদান কৰিবলৈ তেওঁলোকৰ নিমন্ত্ৰণত দূৰণিৰ পৰা অহা অতিথিসকলক ধন্যবাদ জনায়৷ আয়োজকসকলে অতিথিসকলক তিব্বতীয় কণ্ঠভূষণ, আভৰণ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱাৰ বিপৰীতে অতিথি বক্তা অৰ্ণৱ জান ডেকাই ব্ৰহ্মপুত্ৰৰ বিষয়ে ৰচিত কেইবাখনো গ্ৰন্থ আয়োজক সংগঠন আৰু দালাই লামালৈ বুলি প্ৰদান কৰে৷

Leave A Reply