Breaking

শীতকালত নিজৰ ছালখনক অধিক ধুনীয়া কৰি ৰাখিবৰ বাবে গ্ৰহণ কৰক ঘৰতে উপলব্ধ কেইটামান সহজ পদ্ধতি…

0 160

শীতকালৰ আগমনৰ লগে লগে ছাললৈ নামি আহে ৰুক্ষতা। নানা ধৰণৰ সমস্যাৰে আমাৰ ছালখনক বেৰি ধৰে। এই সমস্যা শীতকালত প্রায় সকলোৰে হয় যদিও নাৰীসকলৰ ক্ষেত্ৰত এই সমস্যাই অলপ গুৰুত্বৰূপ ধাৰণ কৰে। ঘৰুৱা কাম-কাজৰ লগতে ব্যক্তিগত দায়িত্ব আদিসমূহৰ পৰা মূৰ তুলিবলৈও সময় নোহোৱাত শৰীৰৰ যতন ল’বলৈয়ো নাৰীসকলে পাহৰিয়েই যায়। তদুপৰি পাৰ্লাৰ আদিত গৈ যতন ল’বলৈয়ো বহুত অর্থৰ প্রয়োজন হয়। সেয়ে আজি ঘৰুৱা কি কি উপাদানৰ ব্যৱহাৰে সুন্দৰ হৈ থাকিব পাৰি তাৰে দুটামান দিহা আগবঢ়োৱা হ’ল-

মৌ

প্রাকৃতিক উপাদান মৌ অতীজৰে পৰা সৌন্দর্যবৰ্ধক হিচাপে ব্যৱহাৰ হৈ আহিছে। এখন সুন্দৰ ছালৰ বাবে মৌৱে যাদুকাঠীৰ দৰে কাম কৰে। সকলো ছালৰ গৰাকীৰ বাবেই মৌ উত্তম যদিও শীতকালত শুকান ছালৰ বাবে মৌ মহৌষধ। কিন্তু কেৱল শুকান ছালৰ গৰাকীয়ে নহয়, কমবিনেচন স্কীনৰ পৰা আৰম্ভ কৰি দহমিনিট মান সময়ৰ পিছত ধুই পেলালে ছালখন মিহি আৰু কোমল হোৱাৰ উপৰিও উজ্জ্বলো হয়।

গাখীৰ

ঘৰতে পোৱা ছালৰ সৌন্দর্যবর্ধক আন এবিধ উপাদান হৈছে গাখীৰ। সুস্বাস্থ্যৰ বাবে গাখীৰ খোৱা যিমান উপকাৰী এখন উজ্জ্বল ছালৰ বাবেও সিমানেই উপকাৰী। আমাৰ ছালখনক কেৱল মিহি আৰু পৰিপুষ্টি জগোৱাই নহয়। ছালখনলৈ নতুনকৈ প্রাণৰ সঞ্চৰো কৰে। দিনটোৰ কামৰ পাছত ছালত চর্বিযুক্ত গাখীৰ বা গাখীৰৰ সৰ গোটেই মুখখনত সানি থওক। দিনত দুবাৰকৈ সানিলে ছালখনৰ টেনিঙৰ সমস্যাৰ পৰাও মুক্ত হ’ব পাৰি। তদুপৰি ঠাণ্ডা গাখীৰ মুখত ছটিয়াই মুখৰ সজীৱতা ঘূৰাই আনিব পাৰি।

ছালখনক উজ্জ্বল কৰাত সহায় কৰে কলে। এটা পকি মৰহি যোৱা কল ভালদৰে পিটিকি লওক। এতিয়া মুখত মাস্ক লগোৱাৰ দৰে লগাই ১০/১৫ মিনিট মান সময় ৰাখি ধুই দিয়ক। কলৰ লগত মৌ মিহলাই লৈয়ো মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে। খুবেই শুকান ছালৰ গৰাকীয়ে কলেৰে মাচাজ কৰিলে সুফল পাব।

কাঠবাদাম

কাঠবাদামক আমি স্মৃতিবৰ্ধক ফল হিচাপেহে জানো যদিও কাঠবাদামৰ পেষ্ট নাইবা কাঠবাদাম তেল ছালৰ বাবে খুবেই উপকাৰী। কাঠবাদাম ভিটামিন-ই’ৰ মুখ্য উপাদান হোৱা হেতুকে ছালখনক ভিতৰৰ পৰা সজীৱ কৰি তোলে। শুকান আৰু ৰুক্ষ ছালৰ বাবে প্রথমে এচামুচ কাঠবাদাম তেলেৰে মুখখন মালিচ কৰি আৰু তাৰ পিছত গাখীৰত কিছুসময় ভিজাই থোৱা কেইটামান কাঠবাদামৰ পেষ্ট বনাই স্ক্রাব কৰক। এতিয়া প্রথমে গাখীৰেৰে আৰু তাৰ পিছত কুহুমীয়া পানীৰে ভালদৰে মুখ ধুই পেলাওক। এই পেষ্টে মুখলৈ নতুন যৌৱন ঘূৰাই আনে।

জলফাই

পুৰণিকালত সৌন্দর্যচর্চাৰ এৰাব নোৱাৰা অংগ আছিল জলফাই। জলফাই বিভিন্ন ভিটামিনৰ উৎস হয়। তিনিটা-চাৰিটা জলফাই পিটিকি লওক।এতিয়া ছালত লগাই শুকাবলৈ দিয়ক। পিছত মুখখন ঠাণ্ডাপানীৰে ভালদৰে ধুই দিয়ক।

অমিতা

ছালৰ বাবে উপকাৰী আন এবিধ ফল হৈছে অমিতা। ছালৰ বিভিন্ন সমস্যাৰ বাবে আমি অমিতাৰ ব্যৱহাৰ কৰিব পাৰো। এটা ভালদৰে পকা অমিতা খুব মিহিকৈ পিটিকি লওক আৰু এই পিটিকা অমিতাৰ পাঁচ মিনিট সময়ৰ ছালত মাচাজ কৰক। পাঁচ মিনিট সময়ৰ পিছত গাখীৰেৰে মুখখন চাফা কৰি পানীৰে ভালদৰে ধুব।

চেনি

মুখৰ ছাল মিহি কৰিবৰ বাবে চেনী সর্বোত্তম উপাদান। দৈ বা চর্বিযুক্ত গাখীৰৰ লগত চেনি মিহলি কৰি মুখত লাহে লাহে স্ক্রাব কৰক। মৃত কোষবোৰ আঁতৰাই আপোনাৰ মুখখনক সজীৱ কৰি তুলিব। অলিভ অইল ঘঁহিলে ওঁঠ ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰি।

এলোভেৰা বা ছাল কুঁৱৰী

এলোভেৰাৰ উপযোগিতাৰ বিষয়ে সকলোৱেই জানে। আজিকালি বজাৰটো এলোভেৰাযুক্ত বিভিন্ন ক্ৰীম বা ফেচব্ৰাছ আদি উপলব্ধ যদিও ঘৰতে এলোভেৰাৰ এজোপা গছ ৰুই তাৰ পৰাও প্রাকৃতিকভাৱে এলোভেৰাৰ জেল সংগ্ৰহ কৰিব পাৰি। ছাল কুঁৱৰীৰ পাতৰ পৰা জেলখিনি হাতত লৈ ছালত লগাব। ১০ মিনিট মান সময় এনেদৰে ৰাখি শীতল পানীৰে পৰিষ্কাৰকৈ মুখখন ধুই দিয়ক। ছালৰ ন-সতেজতা উপভোগ কৰক।

চাউলৰ গুৰি

চাউল ছালৰ সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা ঘৰতে পোৱা আন এবিধ উপাদান। চাউল পানীৰে মুখ ধুলে ছালখন কোমল আৰু বগা হয়। তদুপৰি চাউলৰ গুৰি আৰু মৌৰে অতি সহজতে ঘৰতে স্ক্রাব তৈয়াৰ কৰি ল’ব পাৰি।

লেখিকা: পল্লবী দত্ত, 

Leave A Reply