Breaking

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা…

0 16

শিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱদৌলত দিনে-নিশাই সমাৱেশ অগণন ভক্তৰ। ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈকে শিৱদৌলত এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে । শিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহা শিৱৰাত্ৰি উদযাপন কৰা হয়। মহাশিৱৰাত্ৰি আৰম্ভ ৮ মাৰ্চৰ নিশা ৯.৫৭ বজাৰ পৰা আৰু ৯ মাৰ্চৰ সন্ধিয়া ৬.১৭ বজাত শেষ হ’ব। ৰাতিপুৱাৰে পৰা মহা প্ৰভু শিৱক আৰাধানাৰ বাবে মন্দিৰত ভিৰ লাগিছে অগণন ভক্তৰ। মহা শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণ ভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।

উল্লেখ্য যে, হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয় |ইয়াত ভক্তসকলে শিৱৰ আঁৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। শিৱৰ অৰ্থ মংগল, শিৱৰ এটা বৈশিষ্ট্য হ’ল তেওঁৰ ত্ৰিনয়ন, কঠিত আছে এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল। সেইদৰে শিৱৰ জঁটাধাৰী শিৰত বিৰাজ কৰে চন্দ্ৰই। যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ। সৰ্বাংগত ভস্ম অৰ্থাৎ বিভূতিৰ প্ৰলেপ থকাৰ বাবেই তেওঁৰ আন এক নাম হ’ল বিভূতিভূষণ। কিন্তু কেতিয়াবা সংহাৰ সৃষ্টিকাৰী ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে। কিছু সংখ্যক যোগীৰ মতে, শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি ৰক্ষা কৰিছিল পৃথিৱী।

স্কন্ধ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পূৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত শিৱৰাত্ৰিৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ আছে। এতিয়া এইদৰে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ অন্ত পৰিব।

Leave A Reply