Breaking

শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত প্ৰচাৰ বিমুখ শিল্পী সুশীলা বৈশ্য শইকীয়া…

0 57

নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ এখনি সাংস্কৃতিকভাবে আগবঢ়া গাঁও শেতালিৰ গ্রাম্য পৰিৱেশত এতিয়াও নিয়মিতভাবে লোকসংগীতৰ চর্চাত নিমগ্ন আছে প্ৰায় পয়ষষ্ঠি বছৰীয়া প্ৰচাৰ বিমুখ শিল্পী সুশীলা বৈশ্য শইকীয়াই ৷ শেতালি গাৱঁৰ স্থায়ী বাসিন্দা শইকীয়াৰ জন্মস্থান আছিল কামৰূপ জিলাৰ ৰঙীয়া চহৰত ।

সত্তৰ দশকৰ আৰম্ভনিতেই তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্রত যুৱ শিল্পীৰ কন্ঠ পৰীক্ষাত বহি বাচনিত উঠিছিল । কিন্তু পাৰিবাৰিক অভাব অনাটনৰ বাবে তেখেতৰ সংগীত জগতৰ সেই অভিযাত যাত্রা তাতেই সীমাবদ্ধ কৰি ৰাখিব লগা হৈছিল যদিও হাৰমনিয়াম খনকেই নিয়মিত বজাই সংগীত চর্চা কৰি আজি পৰ্যন্ত সংস্কৃতি চর্চাত ব্রতী হৈ আছে তেওঁ । তেখেতৰ জন্মস্থানেৰ ওচৰতেই থকা সংগীত বিদ্যালয়ত শিশু কালতেই প্ৰায় ন বছৰ বয়সৰে পৰা সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ৷

অলপ ডাঙৰ হোৱাত সেই বিখ্যাত সংগীতৰ গুৰু মুকুল বৰুৱা,বিনোদ দাস আদি শিল্পী সকলৰ পৰা সংগীতৰ প্রাৰম্ভিক শিক্ষান্ত গ্রহণ কৰিছিল । সেই খিনি সময় আছিল অসমৰ সংগীত জগতৰ চহকী সময় । অৰ্চনা মহন্ত ,শিল্পী নীলিমা খাতুন , অনিমা চৌধুৰী , ধনদা পাঠক , মনীষা হাজৰিকা মৰম চেনেহেৰে আদৰি লোবা সময় আছিল ৷ সেই সকল সংগীত শিল্পীৰ সুশীলা বৈশ্য শইকীয়াও সংগীতকে সাৰথি কৰি আগবাঢ়ি যোবাৰ সপোন দেখিছিল ৷

কামৰূপী লোকগীতৰ সম্ৰাট স্বৰূপ শিল্পী ৰামেশ্বৰ পাঠক আছিল তেখেতৰ বাবে আছিল চিৰপূজ্য শিল্পী। খুব কম সময়তেই তেখেতৰ পিতৃয়ে দুই এখন মঞ্চত বৰগীত পৰিবেশন কৰিবলৈ উৎসাহ যোগাইছিল ৷ লাহে লাহে সংগীত বিদ্যালয়ৰ সহযোগত তেওঁ লোকগীত আৰু আধুনিক গীত পৰিবশনৰ কৰিবলৈ আৰম্ভ কৰে ৷ সেইখিনি সময়ত ৰঙীয়াৰ হৰদত্ত বীৰদত্ত ভবন আছিল সাংস্কৃতিক প্ৰদশৰ্নৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ ৷ য’ত তেখেতে গীত পৰিবেশন কৰি সকলোৰে প্ৰসংশা বুতলিবলৈ সক্ষম হৈছিল ৷ ৰঙীয়াৰ বিভিন্ন প্ৰান্তৰ ওপৰি নলবাৰী , বৰপেটা , গুৱাহাটী , শিৱসাগৰ,নগাঁৱৰ ওপৰি তেখেতে গীত পৰিবেশন কৰি সুক্ষাতি অৰ্জন কৰিছিল ৷ সেইখিনি সময়ত খ্যাতনামা শিল্পী – সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে তেওঁৰ সংগীত জীৱন উজল ভৱিষ্যতৰ বাবে আশীৱাদ প্রদান কৰিছিল | সুশীল বৈশ্য শইকীয়া বৰ্তমান এগৰাকী সুগৃহিনী আৰু আৰ্দশ মাতৃ তথা বর্তমান শেতালি গাঁৱৰ বাসিন্দা ৷

বিভিন্ন কাম কাজৰ ব্যস্ততাৰ মাজতো তেখতে হাৰমনিয়াম খন লৈ কৰি গৈছে সংগীতৰ চৰ্চা । নিতৌ পুৱা সন্ধিয়া বৰগীত আৰু লোকগীত গাই তেওঁ সংগীত সাধনাত ব্ৰতী হৈ আহিছে ৷ উল্লেখ যে তেখতে আনুষ্ঠানিক শিক্ষা সমাপ্ত নকৰাকৈয়ে সত্তৰ দশকৰ প্ৰথম ছোবাতেই বিবাহ সুত্ৰে নগাঁৱৰ শেতালি গাঁৱলৈ আহে ৷ তেখেতৰ স্বামী ডিম্বেশ্বৰ শইকীয়া এগৰাকী অসপাপ্ত শিক্ষক তথা সমাজকৰ্মী । নগাঁৱলৈ অহাৰ পাছতো তেখেতে সংগীত পৰিবশন অব্যাহত ৰাখে ৷

নগাঁৱৰ বিভিন্ন অঞ্চলত বিভিন্ন মঞ্চত তেখেতে বৰগীতৰ আৰু লোকগীত পৰিবেশন কৰি দৰ্শক শ্ৰোতাৰ প্ৰসংশাৰ পাত্ৰী হৈ আহিছে ৷ শেতালিৰ এচ কে. বি এল. সাৰ্ব্বজনীন শ্ৰীমন্তশঙ্কৰ জন্মোসৱ, ডিমৌ সাংস্কৃতিক উৎসৱ,জামুগুৰি সাৰ্ব্বজনিন গৰখীয়া থানৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ফুলগুৰি,ৰহা নগাঁও,মৰিগাঁও আদি বিভিন্ন মঞ্চত বৰগীত লোকগীত পৰিবেশন কৰি ৰাইজৰ মৰম বুটলিছে ৷ এই পৰ্যন্ত তেখেতক অসমীয়া সাহিত্য সন্মিলনী,অসম শিল্পী সমাজ,শিপা ফাউণ্ডেচন আদি সামাজিক সাংস্কৃতিক সাহিত্য অনুষ্ঠানে শিল্পী সন্মান যাচিছে ৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বিভিন্ন অনুষ্ঠানতো তেখেতে বৰগীত লোকগীত পৰিবেশন কৰি আহিছে ৷ বৰ্তমানৰ নৱপ্ৰজন্মৰ যুৱকযুৱতীয়ে গুৰু দুজনাৰ বৰগীত,পৰমপৰাগত লোকগীত,জ্যোতি-বিষ্ণু পাৰ্বতী প্ৰসাদৰ গীত ড° ভূপেন হাজৰিকাৰ গীত সমূহ শুদ্ধকৈ পৰিবেশন কৰিবলৈ চেষ্টা চলালেহে জাতীয় জীবনৰ প্ৰতি শ্ৰদ্ধা কৰা হব বুলি প্ৰচাৰ বিমুখ শিল্পী গৰাকীয়ে এই প্ৰতিবেদকৰ আগত অনুভৱ ব্যক্ত কৰে ৷


তেখেতৰ মতে শিল্পী সকলো মানুহেই ৷ গতিকে মানৱীয় অনুভূতি চৰিত্ৰ আৰু কৰ্মক পাহৰি চলিলে সমাজ ভালদৰে আগ নাবাহিব ৷ লোকগীতৰ শিল্পী সুশীলা বৈশ্য শইকীয়াৰ দুই পুত্ৰ সুপ্ৰতিষ্ঠিত ৷ তথাপিও তেওঁ ঘৰুৱা কামকাজ বোৰ হেলাৰঙে কৰি গৈছে ৷ তেওঁ ঘৰুৱা সকলো দৈনন্দিন কামকাজ কৰাৰ ওপৰিও নিয়মীয়াকৈ সংগীত সাধনা কৰি যোৱাতো আৰু ৰাইজে বিচাৰিলে গীত পৰিবেশন কৰিবলৈ যোবাতো সকলোৰে বাবে সুখৰ খবৰ ৷

এইগৰাকী চহা শিল্পীক ৰজাঘৰীয়া পৰা শিল্পী বঁটা তথা শিল্পী পেঞ্চনেৰে স্বীকৃতি দি তেখেতৰ শিল্প সাধনাক চৰকাৰে উৎসাহিত কৰিব লাগে বুলি বিভিন্ন দল সংগঠনে মত ব্যক্ত কৰিছে ৷প্ৰণিধানযোগ্য যে সুশীলা বৈশ্য শইকীয়াৰ জীৱন শিল্প সাধনাই স্বীকৃতি লাভ কৰাতো সমাজৰ বাবে এক ইতিবাচক চিন্তা হৈ ৰৱ ৷

Leave A Reply